১০ শতাংশ বা তাতকৈ কম শিক্ষার্থী উত্তীর্ণ বিদ্যালয়লৈ কৈফিয়ৎ তলব

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিম্নমানৰ ফলাফল প্ৰদৰ্শন কৰা ১০২ খন শিক্ষানুষ্ঠানৰ মুৰব্বী লৈ কৈফিয়ৎ তলব কৰিছে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে।
 
এজনো শিক্ষার্থী উত্তীর্ণ নোহোৱা, ১০ শতাংশ বা তাতকৈ কম শিক্ষার্থী উত্তীর্ণ হোৱা এই শিক্ষানুষ্ঠানৰ মুৰব্বীৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ব সেই সন্দৰ্ভত ৭ দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। 
 
মাধ্যমিক শিক্ষা সঞ্চালকালয়ে শূন্য শতাংশ উত্তীর্ণ হোৱা ২৫ খন বিদ্যালয়, ১০ শতাংশতকৈ কম ছাত্র-ছাত্রী উত্তীর্ণ ৭০ খন আৰু ১০ শতাংশ ছাত্র-ছাত্রী উত্তীর্ণ ৭ খন মুঠ ১০২ বিদ্যালয়ৰ মুৰব্বীলৈ জাননী জাৰি কৰি কৈফিয়ৎ‍ তলব কৰিছে। অৱশ্যে ছেবাৰ এক সূত্ৰৰ পৰা জানিব পৰামতে এইবেলি ৰাজ্যৰ ১৬৪ খন বিদ্যালয়ত ফলাফল শূন্য আছিল।