আর্থিকভাৱে দুর্বল মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ ফেল'শ্বিপ আগবঢ়াব অধ্যায়ে

Story by  atv | Posted by  Munni Begum • 1 Years ago
'লুইত ফেল
'লুইত ফেল" আঁচনিৰ যোগেদি ফেল'শ্বিপ লাভ কৰা কেইগৰাকীমান মেধাৱী ছাত্ৰ-ছাত্ৰী
গুৱাহাটী

'অধ্যায়' নামৰ দাতব্য সংস্থাটোৱে 'লুইত ফেল" আঁচনিৰ যোগেদি অসমৰ আৰ্থিকভাৱে পিচপৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ২০১৬ চনৰ পৰা ফেল'শ্বিপ প্ৰদান কৰি আহিছে। এই বৃত্তিৰ মুখ্য উদ্দেশ্য হ'ল আর্থিক সহায়ৰ লগতে এজন অভিজ্ঞতা সম্পন্ন সহায়ক আৰু পৰামর্শদাতাৰ লগত যুক্ত কৰি ভৱিষ্যতে সমাজৰ এজন আদর্শ ব্যক্তি হিচাপে যাতে নিজকে পৰিগণিত কৰিব পৰাকৈ গঢ় দিয়ে। 
 
বৰ্তমানলৈ এই আঁচনিৰ অধীনত ৫৬ জন ছাত্র-ছাত্রীক ফেল'শ্বিপ প্রদান কৰা হৈছে। ফেল'শ্বিপৰ পৰিমাণ শিক্ষার্থীগৰাকীৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হয়। 
এইবছৰো 'লুইত ফেল”ৰ অধীনত অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা আর্থিকভাৱে দুর্বল মেধাৱী ছাত্ৰ-ছাত্ৰীৰ পৰা ফেল'শ্বিপৰ বাবে আবেদন আহ্বান কৰা হৈছে। আবেদন কৰাৰ বাবে ছাত্ৰজনৰ ন্যূনতম নম্বৰ ৮৫%ৰ ওপৰত হ'ব লাগিব আৰু তেওঁ চৰকাৰী বিদ্যালয়ৰ পৰা উত্তীর্ণ হোৱাৰ লগতে আর্থিকভাৱে পিচপৰা পৰিয়ালৰ হ'ব লাগিব। 
আবেদনপত্র লুইত ফেল'ৰ ৱেবছাইট www.luitfellows.org ৰ পৰা নাই বা ৯১০১০১৬৬০৮ নম্বৰত ফোন কৰি আৰু [email protected] ত মেইল কৰিও সংগ্রহ কৰিব পাৰিব। আবেদন জমা দিয়াৰ শেষ তাৰিখ ১৫ জুলাই।