২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে সোমবাৰে ২০২২ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে।
 
২০২২ চনৰ উচ্চতৰ মাধ্যমিক (কলা শাখা) পৰীক্ষাত অৱতীৰ্ণ হোৱা সৰ্বমুঠ প্ৰাৰ্থীৰ সংখ্যা আছিল ১,৫৬,১০৭ জন। ইয়াৰ ভিতৰত প্ৰথম বিভাগত ২৯,৪৮৭ জন, দ্বিতীয় বিভাগত ৫২,৯৪৪ জন আৰু তৃতীয় বিভাগত ৪৭,৮৯৩ জন শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হয়। কলা শাখা সৰ্বমুঠ উত্তীৰ্ণ প্ৰাৰ্থী ১,৩০,৩২৪ জন আৰু উত্তীৰ্ণৰ হাৰ ৮৩.৪৮ শতাংশ।
২০২২ উচ্চতৰ মাধ্যমিক পৰীক্ষাত বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা সৰ্বমুঠ প্ৰাৰ্থীৰ সংখ্যা আছিল ১৫,১৯৯ জন। ইয়াৰ ভিতৰত প্ৰথম বিভাগত ৫,০১৮ জন, দ্বিতীয় বিভাগত ৫,১৮৬ জন আৰু তৃতীয় বিভাগত ৩,০৬০ জন শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে। বাণিজ্য শাখাত সৰ্বমুঠ উত্তীৰ্ণ প্ৰাৰ্থী ১৩,২৬৪ জন আৰু  উত্তীৰ্ণৰ হাৰ ৮৭.২৭ শতাংশ।
একেদৰে, ২০২২ উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা সৰ্বমুঠ প্ৰাৰ্থীৰ সংখ্যা আছিল ৩৩,৫৩৪ জন। ইয়াৰ ভিতৰত প্ৰথম বিভাগত ২০,১৭১ জন, দ্বিতীয় বিভাগত ৯,৮৩৩ জন আৰু তৃতীয় বিভাগত ৯১১ জন শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত সৰ্বমুঠ উত্তীৰ্ণ প্ৰাৰ্থী ৩০,৯১৫ জন আৰু উত্তীৰ্ণৰ হাৰ ৯২.১৯ শতাংশ।
 
শিক্ষাৰ্থীসকলে তেওঁলোকৰ ফলাফল আৰু ডিজিটেল মাৰ্কশ্বিটসমূহ www.assamresult.in, www.NeCareer.com, www.ahsec.assam.gov.in, www.assamjobalerts.com, www.schools9.com, www.results.shiksha আৰু www.indiaResults.com শীৰ্ষক ৱেবচাইটসমূহৰ পৰা লাভ কৰিব পাৰিব।