ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কৃতি শিক্ষাৰ্থীক আজমল ফাউণ্ডেচনৰ সম্বৰ্ধনা

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ননি গোপাল মহন্ত, সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়ক চিৰাজুদ্দিন আজমলে এজন হিতাধিকাৰীক চেক প্ৰদান কৰিছে
মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ননি গোপাল মহন্ত, সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়ক চিৰাজুদ্দিন আজমলে এজন হিতাধিকাৰীক চেক প্ৰদান কৰিছে
গুৱাহাটী
 
হোজাইৰ মৰিয়ম আজমল ৱমেনছ কলেজ অফ চাইন্স এণ্ড টেকনলজিৰ চৌহদত দেওবাৰে অনুষ্ঠিত এক বৃহৎ সম্বৰ্ধনা সভাত NEET আৰু JEE ২০২১ বৰ্ষত সফলতা অৰ্জন কৰি বিভিন্ন চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা ১৭৩ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ সম্বৰ্ধনা সভাত আজমল চি এচ আৰৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমল, মুখ্য অতিথি অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্ত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য অধ্যাপক অলক কুমাৰ বৰগোহাঁই, আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰ-ভাইচ চেন্সেলৰ ব্ৰীগেডিয়াৰ চৈয়দ আহমেদ, নগাঁওৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত থাকে৷ 
 
দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু ইঞ্জিনীয়াৰ হোৱাৰ সপোনক সাৰ্থক কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে মুকলি কৰিছিল আজমল চুপাৰ-৪০ নামৰ এক অভিলাষী আঁচনি। আজমল চুপাৰ-৪০য়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত নিজৰ এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত ৰূপায়ন কৰিবলৈ সক্ষম হৈছে৷ 
সমগ্ৰ দেশৰ ভিতৰতে আজি আজমল চুপাৰ ৪০ৰ শিক্ষাৰ্থীসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ NEET-২০২১ বৰ্ষৰ পৰীক্ষাত আজমল চুপাৰ ৪০য়ে  এক অভূতপূৰ্ব সফলতা লাভ কৰি সমগ্ৰ দেশৰ ভিতৰতে জিলিকি উঠিছে ৷ ২০২১ বৰ্ষৰ NEET আৰু JEE পৰীক্ষাত ১৭৩ গৰাকী শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ NEET২০২১ৰ বাছনি পৰীক্ষাত আজমল চুপাৰ ৪০-ৰ ৬৪৭ নম্বৰেৰে মিজানুল ইছলামে শীৰ্ষ স্থান দখল কৰে। 
এইসকল মেধাসম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশ শিক্ষাৰ্থীয়ে আৰ্থিকভাবে পিছপৰা, শিক্ষাৰ্থীসকলৰ মেধা আৰু চিকিৎসক, অভিযন্তা হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেচনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল লগতে আজমল ফাউণ্ডেচনৰ জৰিয়তে বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কৰাৰ উপৰিও প্ৰদান কৰা হৈছিল জলপানি ৷ আনহাতে আৰ্থিক ভাবে সৱল শিক্ষাৰ্থীসকলকো বিশেষ ৰেহাই প্ৰদান কৰি উন্নত কোচিং প্ৰদানেৰে তেওঁলোকৰ এই সপোন পূৰণৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আজমল চুপাৰ ৪০-এ৷ এই মেধাসম্পন্ন শিক্ষাৰ্থীসকলক দক্ষ প্ৰশিক্ষকৰ  দ্বাৰা কোচিং প্ৰদান কৰা হৈছিল ৷ আজমল চুপাৰ ৪০ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে দিন ৰাতি একাকাৰ কৰি শিক্ষাৰ্থী সকলৰ সপোন পূৰণ কৰিবলৈ নিষ্ঠাৰে  প্ৰচেষ্টা গ্ৰহণ কৰিছিল ৷ যাৰ বাবে আজি সমগ্ৰ ভাৰতৰ ভিতৰত আজমল চুপাৰ ৪০ৰ শিক্ষাৰ্থীসকলে নিজৰ পাৰদৰ্শিতাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় ৷
 
সাংসদ বদৰুদ্দিন আজমলে এগৰাকি হিতাধিকাৰীক প্ৰশংসাপত্ৰ প্ৰদান কৰিছে
 
আনহাতে, ২০১৯ বৰ্ষত আজমল চুপাৰ-৪০ৰ পৰা ২২ গৰাকী, ২০২০ত ৮২ গৰাকী শিক্ষাৰ্থীয়ে নীটত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আজমল চুপাৰ ৪০ৰ দক্ষ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ প্ৰশিক্ষন তথা শিক্ষাৰ্থী সকলৰ অধ্যৱসায়ৰ বলত এইবাৰ ১৭৩  শিক্ষাৰ্থীয়ে NEET আৰু JEE-২০২১ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷ 
 
সমান্তৰালকৈ আজমল আইন মহাবিদ্যালয়খনেও অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হয়। আজমল আইন মহাবিদ্যালয়ৰ প্ৰথমটি Batchএ এক বৃহৎ সফলতা কঢ়িয়াই আনে, ৩০গৰাকী ছাত্ৰ-ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰথম, তৃতীয় আৰু পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয় ৷ প্ৰথম স্থানত আছে নিখিল কুমাৰ মুন্দ্ৰা, চতুৰ্থ স্থানত আফচানা বেগম আৰু পঞ্চম স্থানত আছে দেৱজানী দাস।
 
সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলৰ সৈতে হিতাধিকাৰীসকল
 
আনহাতে মৰিয়ম আজমল ৱমেনছ কলেজ অফ চায়েঞ্চ এণ্ড টেকন’লজি স্থাপন কৰাৰ পিছৰে পৰা উন্নত ফলাফলৰ জৰিয়তে ৰাজ্য খনত এক সুকীয়া পৰিচয় লাভ কৰে। স্নাতক বিভাগৰ লগতে উচ্চতৰ মাধ্যমিকতো এক চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে কহেলী ‌সৰকাৰ নামৰ এগৰাকী মেধাবী ছাত্ৰীয়ে মৰিয়ম আজমল কলেজৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ উন্নত ফলাফল প্ৰদৰ্শন কৰি  নতুন দিল্লীৰ School of Planning and Architectureৰ B.ARCH(স্থাপত্যবিদ্যা) অধ্যয়নৰত।মালিন টেৰাংপি নামৰ আন এগৰাকীয়ে ছাত্ৰীয়ে মৰিয়ম কলেজৰ পৰা উত্তীৰ্ণ হৈ গুৱাহাটী মেডিকেল কলেজত অধ্যয়ন কৰি আছে । সমান্তৰালকৈ IIT JAM-2022 বৰ্ষত বিজ্ঞান বিভাগৰ ৰাসায়ন বিজ্ঞানত সৰ্বভাৰতীয় পৰ্যায়ত  স্থান লাভ কৰে  খাদিজা বেগমে। মৰিময় আজমল ৱমেঞ্চ কলেজ অৱ চাইন্স এণ্ড টেকন’লজিৰ ২০২০-২১বৰ্ষত কলা/বিজ্ঞানৰ চূড়ান্ত পৰীক্ষাত অভূতপূৰ্ব সফলতা কঢ়িয়াই আনে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰথম দহটাৰ ভিতৰত চাৰিটা স্থান দখল কৰিবলৈ সক্ষম হয়, ক্ৰমে চতুৰ্থ স্থান আবিদা বেগম (English),পঞ্চম স্থান জেচমিনা বেগম (Botany) ,অষ্টম  স্থান ৰহিমা বেগম  চৌধুৰী (Botany) আৰু দশম স্থান দখল কৰে  ৰুমানা বেগম (Botany) ৷ 
আনহাতে আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত নাজিৰ আজমল মেম’ৰিয়েল  কলেজে অৱ এডুকেশ্বনেও  প্ৰতিবছৰে এক অভূতপূৰ্ব সফলতা লাভ কৰি হোজাইলৈ গৌৰৱ কঢ়িয়াই আনে ।২০২১বৰ্ষৰ  ফলাফলতো ৰাজ্যখনত এক চমকপ্ৰদ সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ নাজিৰ আজমল মেম’ৰিয়েল কলেজে অৱ এডুকেশ্বনে  এইবাৰ ৰাজ্যৰ ৬টা শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়। দ্বিতীয় স্থান লাভ কৰে মোহাইমিনা শ্বৱনম , পঞ্চম স্থান দখল কৰে জোনাকী শ্বাহা, দশম স্থান দখল কৰে মাহমদুল হাচান, ত্ৰয়োদশ স্থান দখল কৰে দিপাঞ্জলী পণ্ডিট, ষোড়শ স্থান দখল কৰে চান্টা দেৱী ,আৰু বিংশতিতম স্থান দখল কৰে আসনা কাকতিয়ে ৷ এনেদৰে শীৰ্ষ স্থান দখলেৰে  ৰাজ্য‌খৰ লগতে হোজাইৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
 
বিধায়ক চিৰাজুদ্দিন আজমলে এজন হিতাধিকাৰীক প্ৰশংসাপত্ৰ প্ৰদান কৰিছে
 
আজমল চুপাৰ ৪০-ৰ লগতে আজমল ফাউণ্ডেছনৰ আন আন কলেজৰ এই অভুতপূৰ্ব সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে আজমল গ্ৰুপ অৱ কোম্পানীৰ CEO আমিৰ উদ্দিন আজমল , আজমল ফাউণ্ডেচনৰ  ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, চিৰাজুদ্দিন আজমলকে ধৰি আজমল পৰিয়াল তথা আজমল ফাউণ্ডেচন আৰু আজমল চুপাৰ ৪০ৰ বিষয়বৱীয়াসকলৰ লগতে আন আন কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী সকল ৷ আজমল ফাউণ্ডেচনৰ সঞ্চালক ড°খচৰুল ইছলামে এই কৃতিত্বৰ বাবে আজমল চুপাৰ ৪০ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে শিক্ষাৰ্থীসকলৰ বাবে দিনে ৰাতিয়ে পৰিশ্ৰম কৰা শিক্ষকসকলৰ একান্ত প্ৰচেষ্টা, একাগ্ৰতা তথা অধ্যাৱসায়ৰ বাবে আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷ আজি মৰিয়ম আজমল ওৱমেন্স কলেজ অৱ চাইন্স এণ্ড টেকনলজিৰ চৌহদত অনুষ্ঠিত এখন সভাত আজমল ফাউণ্ডেচনে কৃতি শিক্ষাৰ্থী সকলৰ লগতে তেওঁলোকৰ অভিভাৱক আৰু আজমল চুপাৰ ৪০, আজমল আইন মহাবিদ্যালয় ,মৰিয়ম আজমল ৱমেঞ্চ কলেজ অৱ চাইন্স এণ্ড টেকন’লজি, নাজিৰ আজমল মেমোৰিয়েল কলেজে অৱ এডুকেশ্বনৰ লগত জড়িত সমূহ কৰ্মকৰ্তাক জাপি, ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷