গুৱাহাটী
অন্তত আৰু এমাহলৈ অসম লোকসেৱা আয়োগৰ (এ পি এছ চি) সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা-২০২০ৰ ফলাফল ঘোষণা নোহোৱাটো নিশ্চিত হৈছে। কিয়নো অসমীয়া ভাষা বিষয়ক প্রশ্নকাকত প্রত্যাহাৰ কৰাক লৈ সৃষ্টি হোৱা আইনী জটিলতা আঁতৰ হোৱা নাই। ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাক লৈ দাখিল হোৱা ৰাজহুৱা স্বার্থজড়িত আবেদনকে ধৰি অন্যান্য গোচৰসমূহৰ মংগলবাৰে শুনানিৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত তালিকাভুক্ত হয়। কিন্তু শুনানিৰ সময়ত অসম চৰকাৰৰ হৈ অধিবক্তাই সময় বিচৰাত উচ্চ ন্যায়ালয়ে গোচৰসমূহৰ পৰৱৰ্তী শুনানিৰ বাবে দিন ধার্য কৰে ২৭ জুলাই।
অহা ২৭ জুলাই পর্যন্ত এ পি এছ চি ২০২০ বৰ্ষৰ ফলাফল ঘোষণা নোহোৱাটো স্পষ্ট হৈ পৰিছে। কিয়নো অনুমতি অবিহনে এ পি এছ চিক ফলাফল ঘোষণাত বাধা আৰোপ কৰি থৈছে আদালতে। মৌখিক পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিচতো আইনী জটিলতাৰ বাবে ফলাফল ঘোষণা নোহোৱাত এতিয়া চৰম উদ্বিগ্নতাৰ মাজত দিন কটাইছে ১,০০১ জন প্রার্থীয়ে।
ইপিনে ভাষা বিষয়ক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাক লৈ দাখিল হোৱা অধিবক্তা সিদ্ধার্থ শৰ্মাৰ পি আই এলখনৰ ভিত্তিত আদালতত এখন শপতনামা দাখিল কৰিছে অসম চৰকাৰে। এ পি এছ চিৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষা বিষয়ক প্রশ্নকাকত প্ৰত্যাহাৰ কৰাৰ ন্যায্যতা দিবলৈ গৈ চৰকাৰে দাঙি ধৰিছে আন বহুকেইটা যুক্তি।
অসম চৰকাৰে শপতনামাত উল্লেখ কৰিছে যে এ পি এছ চিয়ে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে বাছনি কৰা বিষয়াই বিভাগীয় পৰীক্ষাৰ অংশ হিচাপে তিনিখন ভাষা বিষয়ক কাকতত উত্তীৰ্ণ হ'ব লাগিব। ১৯৬৩ চনৰ এক বিধি অনুসৰি এ পি এছ চিয়ে এই বিভাগীয় পৰীক্ষা অনুষ্ঠিত কৰে। নির্বাচিত বিষয়াসকলে অসমীয়া, বাংলা, হিন্দী আৰু ৮ টা জনজাতীয় ভাষা ক্ৰমে কাৰ্বি, খাছি, ডিমাচা, বড়ো, গাৰো, হামাৰ মিচিং আৰু কুকি এই ভাষাসমূহৰ পৰা তিনিটা ভাষা বাছনি কৰিব পাৰে। চৰকাৰৰ মতে যদি বাছনি হোৱা কোনো এখন বিষয়াৰ মাতৃভাষা অসমীয়া, তেন্তে তেওঁ বাংলা, হিন্দী আৰু যিকোনো এটা জনজাতীয় ভাষা ল'ব পাৰিব।
শপতনামাত চৰকাৰে পুনৰ উল্লেখ কৰিছে যে অসম অসামৰিক সেৱা নিয়ম, ১৯৯৮ ২২ নং বিধি অনুসৰি নতুনকৈ নিযুক্তি পোৱা এ চি এছ বিষয়াসকলক দুবছৰৰ বাবে প্ৰবেচনত নিযুক্তি দিয়া হয়। কিন্তু প্রবেচন পিৰিয়ডৰ পিচত চাকৰিৰ নিশ্চিতিৰ বাবে এই বিষয়াসকলে তিনিখন ভাষা বিষয়ক কাকতত উত্তীর্ণ হোৱাটো বাধ্যতামূলক। কিন্তু নীতি-নিয়মৰ দোহাই দি চৰকাৰে অসমীয়া ভাষা বিষয়ক প্রশ্নকাকত প্রত্যাহাৰৰ সপক্ষে যি যুক্তি দাঙি ধৰিছে, তাক লৈ প্রশ্ন উত্থাপন হৈছে। কিয়নো অন্যান্য ৰাজ্যই সংশ্লিষ্ট লোকসেৱা আয়োগৰ পৰীক্ষাত নিজস্ব ভাষা বাধ্যতামূলক কৰিছে।
চৰকাৰে ২০২১ চনৰ ২৪ নৱেম্বৰত কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি এ পি এছ চিৰ পৰীক্ষাত অবতীর্ণ হোৱা প্ৰাৰ্থীয়ে অসমীয়া বা অন্যান্য চৰকাৰী বা সহযোগী চৰকাৰী ভাষা বা ৰাজ্যৰ অন্যান্য জনজাতীয় ভাষা ক'ব পাৰিব লাগিব। অনুৰূপধৰণে সংশ্লিষ্ট প্রার্থীৰ নাম জিলা নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন হোৱাৰ লগতে তেওঁ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। কিন্তু অসমীয়া ভাষালৈ নামি অহা সংকট, থলুৱাৰ বাবে চাকৰি সংৰক্ষণৰ দাবীৰ মাজত চৰকাৰে গ্ৰহণ কৰা অসমীয়া ভাষা বিষয়ক প্রশ্নকাকত প্রত্যাহাৰৰ সপক্ষে দাঙি ধৰা যুক্তিয়ে এতিয়া ন্যায়ালয়ৰ মজিয়াত কি ৰূপ লয়, সেয়াহে লক্ষণীয় বিষয়া হ'ব। শপতনামাত চৰকাৰে এই বুলিও উল্লেখ কৰিছে যে ইংৰাজী ভাষাৰ উপৰি অসমীয়া ভাষাত অসামৰিক পৰীক্ষাৰ প্ৰশ্নকাকত প্রস্তুত কৰিবলৈ এ পি এছ চিক পৰামর্শ দিয়া হৈছে।