ইৰাণত স্কুলীয়া ছাত্ৰীক বিষক্ৰিয়াৰ ঘটনাবোৰ নাৰী শিক্ষাৰ বিৰুদ্ধে এখন নতুন যুদ্ধ নেকি?

Story by  atv | Posted by  Munni Begum • 1 Years ago
 স্কুলীয়া ছাত্ৰীৰ এটা গোট
স্কুলীয়া ছাত্ৰীৰ এটা গোট
 
এটিভি/ অসম ব্যুৰো
 
যোৱা কেইমাহমানৰ পৰা সন্দেহযুক্ত ৰাসায়নিক বিষক্ৰিয়াৰ বাবে অসুস্থ হৈ পৰা ইৰাণী স্কুলীয়া ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়টো শেহতীয়াকৈ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে। সংখ্যাৰ পাৰ্থক্য আছে যদিও বহু প্ৰতিবেদন অনুসৰি সমগ্ৰ ইৰাণৰ বিদ্যালয়সমূহত বিষক্ৰিয়াৰ সৈতে জড়িত প্ৰায় ১০০০ৰো অধিক ঘটনা আছে। ইৰাণৰ দহখন প্ৰদেশৰ কমেও ৫৮খন বিদ্যালয় ইয়াৰদ্বাৰা প্ৰভাৱিত হৈছে।

এনে বিষক্ৰিয়াৰদ্বাৰা যোৱা সপ্তাহত ২৬খন বিদ্যালয় আক্ৰান্ত হৈছে। ছাত্ৰীসকলে শ্বাস-প্ৰশ্বাসজনিত সমস্যা, বমি, মূৰ ঘূৰোৱা আৰু ভাগৰুৱা অনুভৱ কৰিছে। কেইবাগৰাকীও ছোৱালীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই বিষক্ৰিয়াৰ পৰা ৰক্ষা পাবলৈ অভিভাৱকসকলে নিজৰ কন্যাক স্কুললৈ পঠিওৱাৰ পৰিৱৰ্তে ঘৰতে ৰখাৰ সিদ্ধান্ত লৈছে। 
 
শেহতীয়াকৈ জনসাধাৰণৰ প্ৰতিবাদ আৰু আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ বাবে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিয়ে এই বিষক্ৰিয়াক ৰাজহুৱাভাৱে "গুৰুত্বপূৰ্ণ আৰু ক্ষমা কৰিব নোৱাৰা অপৰাধ" বুলি নিন্দা কৰিছে। খামেনিয়ে দোষীসকলক মৃত্যদণ্ডৰ দৰে চৰম শাস্তি দিয়াৰো ভাবুকি দিছে। 
 
খামেনিৰ মন্তব্যৰ পিছত চৰকাৰী বিষয়াসকলৰ পৰস্পৰ বিৰোধী মন্তব্য, বিষক্ৰিয়াৰ ঘটনাবোৰৰ তদন্ত কৰি থকা এজন সাংবাদিকক গ্ৰেপ্তাৰ, আৰু তেহৰাণত বিষক্ৰিয়াৰ বিৰুদ্ধে এক সংঘটিত হোৱা প্ৰদৰ্শনত কন্দুৱা গেছৰ ব্যৱহাৰৰো খবৰ পোৱা গৈছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
বহুতে এই বিষক্ৰিয়াৰ ঘটনাবোৰক যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত মাহচা আমিনীৰ মৃত্যুৰ পিছত ইৰাণত চলি থকা প্ৰতিবাদৰ পোনপটীয়া প্ৰতিক্ৰিয়া বুলি বিবেচনা কৰিছে। শিক্ষাৰ্থীসকল বিশেষকৈ বিশ্ববিদ্যালয়ৰ ছোৱালী শিক্ষাৰ্থী সেই প্ৰতিবাদত অগ্ৰণী ভূমিকা লৈছে। 
 
আজিলৈকে বিষক্ৰিয়াৰ বাবে কোন দায়ী সেই বিষয়ে কোনো প্ৰত্যক্ষ প্ৰমাণ পোৱা নাই, আৰু সেইবোৰ কেনেদৰে সম্পন্ন কৰা হয় সেই বিষয়ে অনিশ্চয়তা অব্যাহত আছে। প্ৰকৃত ঘটনাবোৰৰ সত্যতা নিৰূপণ কৰিবলৈ এটা ডাঙৰ বাধা হৈ পৰিছে ইৰাণত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আৰোপ কৰা সীমাবদ্ধতা। ৰাষ্ট্ৰসংঘক এক স্বতন্ত্ৰ তদন্ত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা আহ্বান জনোৱা হৈছে।
 
কিছুমান লোক আৰু শক্তিয়ে প্ৰশ্ন কৰিছে যে ইৰাণত সঁচাকৈয়ে ৰাসায়নিক বিষক্ৰিয়া হৈছে নেকি। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে অনুমান কৰে যে এয়া প্ৰকৃততে এক জনসাধাৰণৰ মাজত সৃষ্টি হোৱা ভ্ৰান্ত ধাৰণা। ২০১২ৰ পৰা ১৬বৰ্ষৰ ভিতৰত আফগানিস্তানতো স্কুলীয়া ছাত্ৰীসকলৰ বিষক্ৰিয়াৰ অভিযোগ পোৱা গৈছিল। কিন্তু ৰাষ্ট্ৰসংঘৰ এক অনুসন্ধানত তাত কোনো ৰাসায়নিক গেছ বা বিষক্ৰিয়াৰ প্ৰমাণ পোৱা নাছিল। অনুসন্ধানৰ অন্তত এইটো সিদ্ধান্ত উপনীত হৈছিল যে আফগানিস্তানবাসীও ভ্ৰান্ত ধাৰণাৰ বলি হৈছিল।
 
শ্ৰেণীকোঠাত এজাক শিক্ষাৰ্থীৰ এটা দল
 
অৱশ্যে, প্ৰকৃত ঘটনাটো হৈছে যে নাইট্ৰ'জেন ডাই অক্সাইডৰ দৰে বিষাক্ত পদাৰ্থবোৰ মানুহৰ স্বাস্থ্যক দ্ৰুতগতিত অৱনমিত কৰিব পাৰে। এনেধৰণৰ কিছু ব্যাখ্যা ইৰাণৰ এটা চৰকাৰী অনুসন্ধানে উক্ত বিষক্ৰিয়াৰ কাৰণ বুলি সন্দেহ কৰিছে। কিছুমান সন্দেহজনক পদাৰ্থ বহু বিদ্যালয়ৰ চৌহদত পেলাই দিয়াৰো বাতৰি পোৱা গৈছে।
 
যদিও ইৰানত ছোৱালী শিক্ষাক যথেষ্ট সন্মান কৰা হয়, তথাপিও এই দেশখনত ছাত্ৰীসকল বিভিন্ন শক্তিৰদ্বাৰা বিভিন্ন সময়ত আক্ৰমণৰ বলি হোৱা দেখা গৈছে। গ্ল’বেল ক’লিচন টু প্ৰটেক্ট এডুকেচন ফ্ৰম এটেকৰ দ্বাৰা পৰিচালিত এক প্ৰতিবেদনত ২০১৪ চনৰ পৰা ২০১৮ চনৰ ভিতৰত সংঘাত আৰু অস্থিৰতাৰ অঞ্চলত ছোৱালীৰ শিক্ষাৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে উল্লেখ কৰা হৈছে।
 
ইয়াত দেখা গৈছে যে আফগানিস্তান, কেমেৰুণ, মধ্য আফ্ৰিকান ৰিপাব্লিক, কলম্বিয়া, কংগো গণতান্ত্ৰিক ৰিপাব্লিক, ইজিপ্ত, ভাৰত, ইৰাক, লিবিয়া, মালি, ম্যানমাৰ, নাইজেৰিয়া, পাকিস্তান, ফিলিপাইনছ, দক্ষিণ চুডান, ছিৰিয়া, ভেনিজুৱেলা, আৰু য়েমেনকে ধৰি কমেও ১৮খন দেশত স্কুলীয়া ছোৱালী আৰু মহিলা শিক্ষকক প্ৰত্যক্ষভাৱে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে।
 
ইৰাণত বিষক্ৰিয়া হৈ চিকিৎসাধীন হোৱা শিক্ষাৰ্থীৰ প্ৰতিনিধিত্বমূলক ছবি
 
ছোৱালীৰ বিদ্যালয়ত বোমা বিস্ফোৰণ আৰু ছোৱালী অপহৰণকে ধৰি বিভিন্ন ধৰণৰ আক্ৰমণ সময়ে সময়ে দেখা গৈছে। হয় বিদ্যালয়লৈ যোৱাৰ পথত, নহয় তাত থকাৰ সময়তে শিক্ষক আৰু ছাত্ৰীক আক্ৰমণ কৰা হৈছে। ইয়াৰোপৰি ছোৱালী আৰু মহিলা শিক্ষয়িত্ৰীক যৌন নিৰ্যাতন আৰু কেতিয়াবা বলপূৰ্বক বিবাহৰ বাতৰিও প্ৰকাশ পাই আহিছে।
 
স্কুলত পঢ়িবলৈ “সাহস” কৰাৰ বাবে ছোৱালীৰ ওপৰত আক্ৰমণ চলোৱা অন্যতম নিকৃষ্ট ঘটনাটো হৈছে ২০১২ চনত পাকিস্তানত মালালা ইউছুফজাইৰ ওপৰত গুলীচালনা। কিছুমান ক্ষেত্ৰত প্ৰত্যক্ষভাৱে আক্ৰমণ নকৰি ছোৱালীৰ বিদ্যালয় বন্ধ কৰা, ছোৱালীক স্কুলৰ পৰা আঁতৰাই ৰখাৰ ভাবুকি, নিষেধাজ্ঞামূলক সাজ-পোছাকৰ নিয়ম জাপি দিয়া আদিৰ দৰে পৰোক্ষ আক্ৰমণ অব্যাহত আছে। যোৱা দশকবোৰত বিদ্যালয়ৰ ওপৰত আক্ৰমণ তীব্ৰভাৱে বৃদ্ধি পাইছে যদিও ছোৱালীৰ বিদ্যালয়ৰ এনে আক্ৰমণৰ ঘটনাৰ তীব্ৰতা বৃদ্ধি পাইছে। বহু সময়ত এই আক্ৰমণকাৰীসকল শাস্তিৰ সন্মুখীন নোহোৱাকৈ সাৰি যায়।
 
যদিও ইৰানী স্কুলীয়া ছাত্ৰীসকলৰ ওপৰত বিষক্ৰিয়াই এতিয়ালৈকে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলোৱাৰ কোনো স্পষ্ট প্ৰমাণ পোৱা নাই, তথাপিও এনেবোৰ ঘটনাই ছাত্ৰীসকলৰ মানসিক আৰু শাৰীৰিকভাৱে ভাৰক্ৰান্ত কৰি তোলাৰ পূৰ্ণ সম্ভাৱনা আছে। 
 
পাকিস্তানত শিক্ষাৰ প্ৰচাৰ কৰাৰ বাবে মালালা ইউচুফজাইক সন্ত্ৰাসবাদীয়ে মূৰত গুলীয়াইছিল
 
শিক্ষাৰ পৰা বঞ্চিত ছোৱালীবোৰ সন্তান জন্ম দিয়া বা বলপূৰ্বক বিবাহৰ বলি হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ স্বাধীনতা হ্ৰাস পাব। ঘৰুৱা হিংসা আৰু দৰিদ্ৰ জীৱনৰ আশংকাও বৃদ্ধি পাব। বিদ্যালয়সমূহৰ ওপৰত হোৱা আক্ৰমণৰ ফলত বহু ছোৱালী সশস্ত্ৰ গোটত নিযুক্ত হ'বলৈ বাধ্য হ'ব আৰু মানৱ আৰু যৌন সৰবৰাহৰ ভুক্তভোগী হ'ব।
 
সাধাৰণতে শিক্ষাৰ অধিকাৰ উলংঘন, আৰু প্ৰণালীবদ্ধ লিংগ বৈষম্যৰ ফলত ছোৱালী আৰু মহিলাসকলে ৰাজনৈতিক, সাংস্কৃতিক আৰু সামাজিক জীৱনত অৰ্থপূৰ্ণভাৱে অংশগ্ৰহণ কৰাৰ কম সুযোগ পায়। এই ক্ষতিয়ে কেৱল ব্যক্তিগতভাৱে ছোৱালী আৰু মহিলাকে নহয়, সাধাৰণতে সমাজকো প্ৰভাৱিত কৰে।দুৰ্ভাগ্যবশতঃ ছোৱালীৰ শিক্ষাৰ ওপৰত এনে আক্ৰমণৰ কোনো সহজ সমাধান নাই। যদিও ইৰাণত ছোৱালী শিক্ষাৰ ওপৰত আক্ৰমণ কৰা শক্তিৰ বিৰুদ্ধে তদন্ত আৰু গোচৰ ৰুজু কৰা হয়, তথাপিও এনে তদন্ত আৰু গোচৰেই অন্তৰ্নিহিত সমস্যাবোৰ সমাধান নকৰে।
 
ছোৱালী শিক্ষাৰ ওপৰত হোৱা আক্ৰমণ সদায়ে মহিলাৰ বিৰুদ্ধে হোৱা সমাজৰ বৈষম্যৰ এটা অংশ। এনেধৰণৰ আক্ৰমণে আমাৰ সমাজৰ মহিলা আৰু ছোৱালীৰ প্ৰতি ৰক্ষণশীল চিন্তাৰ এক প্ৰতিফলন। কিন্তু ছোৱালীৰ শিক্ষাৰ অগ্ৰাধিকৰ হৈছে সমাজত লিংগ সমতাৰ দিশত এক মজবুত আধাৰশিলা। ইৰাণৰ বিদ্যালয়বোৰত ছোৱালীৰ ওপৰত সংঘটিত হোৱা এনে ধৰণৰ ভয়ংকৰ বিষক্ৰিয়াৰ ঘটনাৰ অন্ত পেলোৱাৰ বাবে বিশ্বই জৰুৰী ব্যৱস্থা লোৱা উচিত।