অসম চৰকাৰৰ বৈপ্লৱিক সিদ্ধান্ত; ইংৰাজী মাধ্যমত শিকোৱা হ'ব বিজ্ঞান আৰু গণিত

Story by  atv | Posted by  [email protected] • 1 Years ago
শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্ত
শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্ত
গুৱাহাটী
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে বিদ্যালয় শিক্ষা বিভাগক ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গণিতৰ বাবে ইংৰাজী মাধ্যমত অধ্যয়ন কৰোৱাৰ নিৰ্দেশনা প্ৰদান কৰে। লগতে অসমীয়া আৰু ইংৰাজী ভাষাতে দুয়োটা বিষয়ৰ শিক্ষা অব্যাহত ৰখাৰ নিৰ্দেশ দিয়ে। শিক্ষামন্ত্ৰী ৰানোজ পেগুৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে শিক্ষা বিভাগৰ এই সন্দৰ্ভত এক বিস্তৃত পৰ্যালোচনা কৰে।
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট কৰি কয়; "আজি জনতা ভৱনত সতীৰ্থ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ মাননীয় উপদেষ্টা ড° ননী গোপাল মহন্তৰ উপস্থিতিত মাধ্যমিক শিক্ষা বিভাগৰ মুখ্য কাৰ্যালয় আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক বৈঠকত ভাগ লওঁ। বৈঠকত বিদ্যালয়সমূহৰ একত্ৰীকৰণ, আন্তঃগাঁথনি নিৰ্মাণ, নতুন সেৱা নিয়ম আদিকে ধৰি মাধ্যমিক শিক্ষাৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰা হয়। ইয়াৰ লগতে ভাৰত চৰকাৰৰ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীৰ সফল ৰূপায়ণত বিভাগৰ ভূমিকা সম্পৰ্কেও আলোচনা কৰা হয়।"

মুখ্যমন্ত্ৰী শৰ্মাই প্ৰাথমিক শিক্ষা, সমগ্ৰ শিক্ষা, আদৰ্শ বিদ্যালয় আৰু কাৰিকৰী আৰু মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ পৰ্যালোচনা কৰে। লগতে ই-কাৰ্যালয় ৰূপায়ণ, মিছন চাবদহাৱানাৰ অধীনত ফাইল নিষ্পত্তি, নিযুক্তি আৰু পদোন্নতি, বিদ্যালয়সমূহৰ একত্ৰীকৰণ, বিদ্যালয়ৰ আন্তঃগাঁথনি বৃদ্ধি আদিৰ ক্ষেত্ৰত অগ্ৰগতিৰ বুজ লয়।
 
শৰ্মাই আৰ টি ই নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বিদ্যালয়সমূহৰ একত্ৰীকৰণ কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে ইংৰাজীক ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ মাজত বিজ্ঞান আৰু গণিতৰ বাবে নিৰ্দেশনাৰ মাধ্যম হিচাপে ইংৰাজী ব্যৱহাৰ কৰাৰ লগতে অসমীয়া ভাষাতো দুয়োটা বিষয়ৰ শিক্ষা অব্যাহত ৰখাৰ নিৰ্দেশ দিয়ে।
 
শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত লোকসকল
 
দুৰ্গা পূজাৰ সময়ত ৯৭ খন চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ জ্ঞানজ্যোতি কাৰ্যসূচী আৰম্ভ কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
 
উল্লেখযোগ্য যে অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলে গণিত আৰু বিজ্ঞান অসমীয়া ভাষাত শিক্ষা গ্ৰহণ কৰি আহিছিল। যাৰ ফলত উচ্চ শিক্ষা গ্ৰহণৰ সময়ত তেওঁলোকে ইংৰাজী মাধ্যমত অধ্যয়ন কৰিবলগীয়া হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। এই বিষয়ে লক্ষ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ লগতে ইংৰাজী মাধ্যমত শিকোৱাৰো নিৰ্দেশনা প্ৰদান কৰে।