সমন্বয়ৰ প্ৰতীক ‘বেতনা হাইস্কুল' অসমীয়া মাধ্যমৰ বিদ্যালয় এখনৰ সোণালী জয়ন্তীৰ স্বর্ণাভ ক্ষণৰ অনুভৱ

Story by  atv | Posted by  [email protected] • 1 Years ago
বেতনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ
বেতনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ
 ড° আল্‌পনা সৰকাৰ ডেকা 
 
অসমত অসমীয়া ভাষা যেতিয়া তীব্র সংকটৰ সন্মুখীন হৈছে, যি সময়ত বহিঃৰাজ্যৰ পৰা অহা (অনা-অসমীয়া) শিক্ষকে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত নিযুক্তি লাভ কৰি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ওপৰত মাধমাৰ সোধোৱাৰ উপক্ৰম হৈছে, ঠিক সেই সময়ত উদ্‌যাপন কৰিবলৈ লোৱা হৈছে অবিভক্ত কামৰূপ জিলা (বর্তমান তামুলপুৰ জিলা)ৰ অন্তৰ্গত গোৰেশ্বৰৰ বেতনা অঞ্চলৰ এখন ব্যতিক্রমী শিক্ষানুষ্ঠান, অসমৰ শিক্ষা জগতত উজ্জ্বল বস্তিৰূপে উজলিব পৰা 'বেতনা হাইস্কুল'ৰ সোণালী জয়ন্তী। 
 
 
বর্তমান সময়ত হাইস্কুল এখনৰ সোণালী জয়ন্তী উদ্‌যাপন কৰা অতি স্বাভাৱিক কথা। কিন্তু ব্যতিক্ৰম হৈছে এই স্কুলখনৰ ব্যতিক্রমী বৈশিষ্ট্য। আমাৰ এটি সাধাৰণ ধাৰণা আছে যে অসমত বসবাস কৰা বাংলাভাষী মানুহখিনি য'তেই থাকে তাতেই এখন বাংলা মাধ্যমৰ বিদ্যালয় প্রতিষ্ঠা কৰে। কাৰণ মাতৃভাষাৰ প্ৰতি দুৰ্বলতা বাংলাভাষী মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্য। কিন্তু বেতনা হাইস্কুল প্রতিষ্ঠাৰ ক্ষেত্ৰত তথা গোৰেশ্বৰ অঞ্চলত বসবাস কৰা বাংলাভাষী মানুহখিনিৰ বাবে এই প্রবাদ সত্য নহয়। তাৰ স্বাক্ষৰ সেই অঞ্চলৰ বিদ্যালয়সমূহ আৰু তাত অধ্যয়ন কৰা শিক্ষার্থীৰ তথ্য। 
 
আজিৰ পৰা বাৱন্ন বছৰ আগৰ কথা। আমাৰ এই অঞ্চল বিশেষকৈ বৃহত্তৰ গোৰেশ্বৰৰ পূবৰ অংশৰ বেতনা, বৰফুকনখাট, ৰামপুৰ, ৰংমহল, শিঙিমাৰী, হাজলপাৰা, ছিলকীঝাৰ, কাকতিখাট, ৫নং গোৰেশ্বৰ, বৰনদীৰ পূব পাৰৰ বৈনাৰা, বৰনদীঝাৰ, কাৱৈমাৰী আদি ঠাইসমূহ শিক্ষাৰ ক্ষেত্ৰত অতি পিচপৰা আছিল। উচ্চ শিক্ষাতো বাদেই মাধ্যমিক শিক্ষাৰ পোহৰো অঞ্চলটোত বাৰুকৈ পৰা নাছিল। স্ত্রীশিক্ষাৰ অৱস্থা আছিল পুতৌজনক। সমগ্র অঞ্চলটোত মেট্ৰিক পাছ কৰা ছোৱালী পাঁচ (৫) জনীও নাছিল। 
 
বেতনা উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ একাংশ
 
সমাজ জীৱনৰ তেনে অন্ধকাৰময় সময়ৰে এটি মাহেন্দ্ৰ ক্ষণত এই অঞ্চলৰ কেইগৰাকীমান দূৰ দৃষ্টি সম্পন্ন ব্যক্তিৰ মনত অঞ্চলটোত শিক্ষা বিস্তাৰৰ চিন্তাই গা কৰি উঠিল। তাৰ লগে লগে আৰম্ভ হ'ল তেওঁলোকৰ কৰ্মযজ্ঞ। এই অর্থে ইং ১৯৭১ চনৰ জানুৱাৰী মাহৰ ৩০ তাৰিখে ৩১ জনীয়া তদর্থ কমিটি এখন গঠন কৰা হয়। এই বিদ্যালয় প্রস্তুতি সমিতিখনৰ সভাপতি আছিল প্রয়াত কামিনীকান্ত ডেকা আৰু সম্পাদক আছিল প্ৰয়াত ৰবীন্দ্ৰ মজুমদাৰ। সেইমৰ্মে প্ৰয়াত শঙ্কৰলাল ভৌমিকদেৱক প্ৰধান শিক্ষক আৰু শ্ৰীযুত অমীন্দ্ৰ নাথ দেৱক সহকাৰী শিক্ষক হিচাপে লৈ ইং ১৯৭১ চনৰ ফেব্ৰুৱাৰী মাহৰ ৮ (আঠ) তাৰিখে ‘বেতনা হাইস্কুল’ৰ জয়যাত্রা আৰম্ভ হয়। 
 
'বেতনা হাইস্কুল' সমন্বয়ৰ স্থল। অসমীয়া, বাংলাভাষী অসমীয়া, বড়ো, শৰণীয়া আদি ভিন ভিন সম্প্ৰদায়ৰ শিক্ষক শিক্ষাৰ্থীৰ মহামিলনে বেতনা হাইস্কুলক বাৰেৰণীয়া এডাল মালাৰ দৰে  গুঁঠি ৰাখিছে। তথাপিও ইং ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত আৰু ইং ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা বিদেশী বহিষ্কৰণৰ আন্দোলনৰ ফলস্বৰূপে ইং ১৯৮৩ চনত দুবাৰকৈ বৃহত্তৰ গোৰেশ্বৰ অঞ্চলত সাম্প্রদায়িক সংঘৰ্ষই কালৰূপ ধাৰণ কৰে। দুয়োবাৰতেই সেই অঞ্চলত বসবাস কৰা বাংলাভাষী অসমীয়া মানুহখিনি সাম্প্রদায়িক সংঘৰ্ষৰ বলি হয়। ঘৰ-দুৱাৰ, সা-সম্পত্তি ধ্বংস হোৱাৰ ওপৰি প্ৰাণ দিবলগীয়া হয় বহু মানুহে। তৎস্বত্ত্বেও সেই সকলোখিনিৰ উৰ্দ্ধলৈ গৈ বেতনা হাইস্কুলে সমন্বয়ৰ ধ্বজা এতিয়াও উৰুৱাই আছে। 
 
বেতনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ "সোণালী জয়ন্তী স্মৃতিসৌধ"
 
আমি অতীতলৈ উভতি চাওঁ। ইং ১৯৫০ চনত বেতনাত এখন মাধ্যমিক বিদ্যালয় প্রতিষ্ঠা কৰা হয়। 'বেতনা মাধ্যমিক স্কুল' প্রতিষ্ঠা কৰা সময়ত যিকেইগৰাকী ব্যক্তিয়ে তেওঁলোকৰ মেধা আৰু শ্ৰমদান কৰিছিল তেওঁলোকৰ ভিতৰত বাংলাভাষী শিক্ষক প্রয়াত হেমচন্দ্ৰ সৰকাৰ আৰু প্ৰয়াত গজেন্দ্ৰ চাং মহোদয় অন্যতম। একেদৰেই ইং ১৯৭১ চনত যেতিয়া একেখন স্কুলৰ চৌহদতে উচ্চ মাধ্যমিক স্তৰ আৰম্ভ কৰা হয় তেতিয়াও পৰিচালনা সমিতিৰ প্ৰথম গৰাকী সভাপতি আছিল ৰবীন্দ্ৰ মজুমদাৰ, প্ৰথম গৰাকী সম্পাদক শ্ৰী যোগেন্দ্ৰ দাস আৰু প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক গৰাকী আছিল প্ৰয়াত শঙ্কৰলাল ভৌমিক। 
 
উল্লেখযোগ্য যে উক্ত তিনিওগৰাকী ব্যক্তিয়ে আছিল বাংলাভাষী অসমীয়া। বিদ্যালয় প্রতিষ্ঠা আৰু তাৰ উন্নতিকল্পে প্রাণপাত কৰা নমস্য ব্যক্তিসকল আছিল কামিনীকান্ত ডেকা, নবীন চন্দ্ৰ ভাগৱতী, গৰ্গৰাম ডেকা, চিত্তৰঞ্জন বিশ্বাস, গোপীকান্ত ডেকা, ৰমেশ ডেকা, কেশৱ ৰাজবংশী, মহেশ্বৰ ডেকা, ফুকন ডেকা, হাচিৰাম ৰাজবংশী, হৰেন্দ্ৰ ৰাজবংশী, জগত চন্দ্ৰ মিত্ৰ, নিৰোদ চন্দ্ৰ বিশ্বাস, সাধি বড়ো, উপেন বড়ো, হৰিমল ডেকা, যোগেন্দ্ৰ দাস, গজেন্দ্ৰ নাগ, নিৰঞ্জন বিশ্বাস, হৰি ডেকা ইত্যাদি। এই ব্যক্তিসকলৰ ভিতৰত বড়ো, অসমীয়া শৰণীয়া মানুহৰ লগত ভালে কেইগৰাকী ব্যক্তি বাংলাভাষী অসমীয়া। 
 
বেতনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰীৰ একাংশ
 
তেওঁলোকে আটায়ে গাঁওখনত এখন অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি মাতৃভাষাৰ জৰিয়তে এই অঞ্চলৰ ল'ৰা-ছোৱালীৰ জীৱন গঢ়িবলৈ বদ্ধপৰিকৰ হৈছিল। এইখন বিদ্যালয়ত প্রথম নামভৰ্তি কৰা ছাত্ৰসকলৰ ভিতৰত সৰ্বশ্ৰী সুনীল বিশ্বাস, চিত্তৰঞ্জন মিত্র, মনীন্দ্ৰ ৰায়, মিনতি মজুমদাৰ, ৰেণুকা ৰায়, পীতাঙ্গিনী বিশ্বাস, মাখন চন্দ্ৰ মিত্ৰ আদি আছিল বাংলাভাষী অসমীয়া প্ৰথম প্ৰৱেশিকা পৰীক্ষা (ইং ১৯৭৪)ত উত্তীর্ণ হোৱা এই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ (দহজনৰ ভিতৰত আঠজন উত্তীৰ্ণ হৈছিল) একমাত্র কিষ্কিন্দ্ৰ শৰ্মাৰ বাহিৰে বাকী সাতগৰাকী অনাথবন্ধু দেৱনাথ, শ্রীমতী অলকা ভৌমিক, শ্রীমতী আল্‌পনা সৰকাৰ, ঠাকুৰদাস ৰায়, গৌৰীশঙ্কৰ নাগ, প্রদোষকান্তি দত্ত, শ্ৰী নিৰ্মল মিত্ৰ আছিল বাংলাভাষী অসমীয়া। তাৰ পিচত যোৱা ৫১ বছৰত বৃহত্তৰ বেতনা তথা বাহিৰৰো বহু বাংলাভাষী অসমীয়া শিক্ষার্থীয়ে এই বিদ্যা মন্দিৰত অধ্যয়ন কৰি জীৱনৰ বাট পোনাইছে। 
উল্লেখযোগ্য যে এই বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথমবাৰৰ বাবে প্ৰথম বিভাগ পোৱা ছাত্ৰগৰাকী আছিল বাংলাভাষী অসমীয়া শ্ৰী শতদল সৰকাৰ। এই বিদ্যালয়ৰপৰা প্ৰথম দলত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা আল্‌পনা সৰকাৰে ইং ১৯৭৯ চনত অসমীয়া সন্মান বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ত যুটীয়াভাৱে প্রথম স্থান লাভ কৰি স্বর্ণ পদক প্রাপ্তিৰে বিদ্যালয়খনৰ নাম উজ্বলায়। পৰৱৰ্তী সময়ত তেওঁ অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী হিচাপে অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰে গোৱালপাৰা জিলাৰ অন্তৰ্গত ধূপধৰাৰ বিকালী মহাবিদ্যালয়ৰপৰা। 
কটন কলেজৰ সংস্কৃত বিভাগৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰা বিশিষ্ট সংস্কৃত পণ্ডিত ড° সুধেন্দু মোহন ভদ্র বেতনা মজলীয়া বিদ্যালয়ৰ ছাত্ৰ। সংস্কৃতত এম. এ হৈয়ো অঙ্ক বিষয়ত অগাধ পাৰদর্শিতা থকা নিৰঞ্জন বিশ্বাসো বেতনা মজলীয়া বিদ্যালয়ৰ ছাত্ৰ আছিল। এয়া মাথোঁ দুটামান উদাহৰণহে। ১৯৫০ চনত প্ৰতিষ্ঠা হোৱা বেতনা মাধ্যমিক বিদ্যালয়ৰ লগতে ইং ১৯৭১ চনত স্থাপন কৰা বেতনা হাইস্কুলে তথাকথিত অসমীয়াভাষীৰ লগতে বাংলাভাষী বহু ছাত্র-ছাত্রীক মানুহ হ'বলৈ আগবঢ়াই দিছে। এইবোৰৰ খতিয়ান সময়ৰ হাতত। ইং ১৯৯৬ চনত প্ৰতিষ্ঠাৰ ২৫ বছৰ পূৰ্ণ হোৱা বেতনা হাইস্কুলে ইং ১৯৯৭ চনত ৰূপালী জয়ন্তী উদ্‌যাপন কৰে। 
 
বেতনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতিৰ একাংশ
 
পাৰ হ'ল আৰু ২৫টা বছৰ। ইং ২০২১ চনত সোণালী জয়ন্তী পাতিব পৰা বিদ্যালয়খনে 'কৰোনা' মহামাৰীৰ গ্ৰাসত পৰি সোণালী জয়ন্তীও এবছৰ পলমকৈ উদযাপন কৰিবলগীয়া হ'ল। এই বছৰৰ ৫ আৰু ৬ মাৰ্চ তাৰিখে এই সোণালী জয়ন্তী উদযাপনৰ দিন ঠিক কৰা হৈছে। যোৱা ৫১ টা বছৰত এই বিদ্যালয়ৰ পৰা অসমীয়া, বাংলাভাষী অসমীয়া আৰু বড়ো ভাষাভাষী বহুত শিক্ষার্থীয়ে নিজৰ জীৱন গঢ়ি অসমৰ, ভাৰতৰ বিভিন্ন ঠাইত নিজৰ কৰ্মেৰে সমাজ জীৱনলৈ অৰিহণা আগবঢ়াই আছে। কর্মযজ্ঞৰ বিভিন্ন দিশত তেওঁলোক আগবাঢ়ি গৈছে। 
 
অনুকৰণ কৰিবলগীয়া বিষয় এয়ে যে বিদ্যালয় প্রতিষ্ঠাকালত শ্ৰীযুত অমীন্দ্ৰ নাথ (পৰৱৰ্তী সময়ত সুদীর্ঘ কালৰ সুদক্ষ প্ৰধান শিক্ষক), পানীন্দ্ৰ ডেকা, পূর্ণ চন্দ্ৰ শৰ্মা, লয়ন বৰা, নৰেন্দ্ৰ দাস, খগেন্দ্ৰ ৰাজবংশী, শৰৎ কলিতা আদি শিক্ষাগুৰুসকল অসমীয়াভাষী হৈয়ো বাংলাভাষী ছাত্র-ছাত্রীৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ পঢ়া-শুনাৰ তদাৰক কৰিছিল। অভিভাৱকৰ গুৰু দায়িত্বও তেওঁলোকে বহন কৰিছিল, পাৰিশ্ৰমিকৰ কোনো কথা নাছিল। এনেকৈ তেখেতসকলৰ হাতত ধৰিয়ে সেই অঞ্চলৰ বাংলাভাষী শিক্ষার্থীখিনিয়ে জীৱন যুঁজাৰ মানসিকতা লাভ কৰি জীৱনলৈ আগবাঢ়ি গৈছিল। তাত অসমীয়া বঙালী ভাব নাছিল। ঘৰৰপৰা বহুদূৰ বাট যাবলগীয়া হোৱা বাবে প্ৰায় প্ৰতিদিনে শৰৎ ডেকা ছাৰে বন্দনা (সৰকাৰ)ক নিজৰ চাইকেলত উঠাই বিদ্যালয়লৈ লৈ গৈছিল। গৌৰৱেৰে কৈছোঁ ৫০ বছৰ আগতে প্ৰতিষ্ঠাপক প্রধান শিক্ষকজন বাংলাভাষী হোৱাৰ দৰে আজি সোণালী জয়ন্তী উদযাপন কৰিবলগীয়া সময়তো এই বিদ্যালয়ৰ প্ৰধান শিক্ষকজন গাঁৱৰে ল'ৰা, বাংলাভাষী অসমীয়া শ্রী গোপাল বিশ্বাস। ৰূপালী জয়ন্তী উদযাপনৰ সময়ত আদৰণী সমিতিৰ সভাপতি গৰাকী আছিল বাংলাভাষী অসমীয়া ঁনিৰঞ্জন বিশ্বাস। 
 
বেতনা এম ভি স্কুলৰ প্ৰথম বিদ্যালয় গৃহৰ একাংশ
 
সমন্বয়ৰ ইয়াতকৈ উৎকৃষ্ট উদাহৰণ আৰু কি হ'ব পাৰে? ৰাজনৈতিক বা মাৰলি, সাময়িক, পাৰম্পৰিক ভুল বুজা বুজিয়ে এই অঞ্চলৰ অসমীয়া, বাংলাভাষী অসমীয়া আৰু বড়ো মানুহখিনিৰ মাজলৈ সময়ে সময়ে অনৈক্যৰ বীজ কঢ়িয়াই লৈ আনে। তাৰ ফল ভোগ কৰে ঠাইখনে। একো একোটা সাম্প্রদায়িক দুর্যোগে ঠাইখনৰ প্ৰগতি ৫০ বছৰ পিছুৱাই লৈ যায়। কোনেও কাৰো চকুলৈ চাব নোৱৰা অৱস্থা হয়। সুজলা-সুফলা, শ্যামল ঠাই একোখন এৰাবাৰীত পৰিণত হয়। বিশ্বাস হেৰাই যায়। স্থায়ী সন্দেহে প্রত্যেকৰে বুকুৰ মাজত বীজ হৈ সোমায়। এই কথাবোৰ আমি মৰ্মে মর্মে উপলব্ধি কৰিবলগীয়া হৈছে। যাতে ভৱিষ্যতে কোনো সাম্প্রদায়িক সংঘর্ষই ঠাইখনৰ একতাৰ ডোলডাল বিচ্ছিন্ন কৰিব নোৱাৰে। 
 
আমি নিজে কাল সাম্প্রদায়িক সংঘৰ্ষৰ বলি হোৱা বাবেই আমাৰ জীৱনবোৰ লুইতৰ চাকনৈয়াৰ দৰে পাকঘূৰণি খাই থাকিল। অসম আৰু অসমীয়া আমাৰ প্ৰিয়। সেইবাবেই সেইখন গাঁৱৰ মানুহে কোনোদিন বাংলা মাধ্যমৰ বিদ্যালয় প্রতিষ্ঠা কৰাৰ কথা ভবা নাই। সেই অঞ্চলৰ বাংলাভাষী মানুহখিনি দ্বিভাষী। কিন্তু মাতৃভাষা বাংলাতকৈ ধাত্রীভাষা অসমীয়া তেওঁলোকৰ বাবে কম আদৰণীয় নহয়। বৰ দুখেৰে আজি মই ক'বলৈ বাধ্য হৈছো যে ১৯৬০ চন আৰু ১৯৮৩ চনৰ ভ্ৰাতৃঘাতী সংঘৰ্ষৰ বলি হোৱা গোৰেশ্বৰৰ এই হতভাগ্য মানুহখিনিৰ জীৱনলৈ অহা ধুমুহাৰ বৰ্ণনা কোনো লেখকৰ লেখাত বা কোনো সাংবাদিকৰ বাৰ্তাত স্থান নাপালে। নেলী, গহপুৰ বাতৰিৰ শিৰোনাম হ'ল, গোৰেশ্বৰ নহ'ল। নগৈ গড়গাঁৱৰ বাতৰি কোৱা কিছুমানে বাস্তৱৰ ওলোটা প্রতিচ্ছবিহে দাঙি ধৰিলে। 
আজি সমগ্ৰ দেশ ইংৰাজী মাধ্যমৰ সৰ্বগ্ৰাসী কবলত পৰিছে। অসমৰ চৰকাৰী বিদ্যালয়সমূহত বহিঃৰাজ্যৰ পৰা অহা শিক্ষকে নিযুক্তি লাভ কৰিছে। এই অৱস্থাত আমি যিমানখিনি প্ৰতিবাদ কৰিব লাগিছিল সেইখিনি কৰিব পৰা নাই, অথবা কৰা নাই। দেশৰ এই অৱস্থাত আমি পঢ়ি অহা আমাৰ অতি মৰমৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খনে এতিয়া সগৌৰৱে ৫১ বছৰ পূৰ কৰিলে। আমি আশা কৰিব পাৰো অসমীয়া মাধ্যমৰ বিদ্যালয় এখনেও গুণগত মানবিশিষ্ট শিক্ষাদান কৰি শ্ৰেষ্ঠ মানৱ সম্পদ গঢ়াত আগভাগ ল'ব পাৰে। 
 
যোৱা ৫১ বছৰত হাইস্কুলৰ পৰা আৰু যোৱা ৭২ টা বছৰত বেতনা মজলীয়া স্কুলৰ পৰা ওলাই যোৱা শিক্ষার্থীসকলে এই অঞ্চলৰ মানুহৰ মাজত একতাৰ এনাজৰী ডাল সুদৃঢ় কৰিছে। অসমীয়াভাষী, বাংলাভাষী আৰু বড়োভাষী প্ৰতিগৰাকী শিক্ষকেই যেন বিদ্যালয়খনক নেতৃত্ব দিয়াৰ লগতে সমাজখনক সুনেতৃত্ব দানেৰে সমন্বয়ৰ প্ৰতীক হৈ ৰয়। তেতিয়াই ‘বেতনা হাইস্কুল' হৈ ৰ'ব সমন্বয়ৰ উৎস। কাৰণ শিক্ষকসকলেই হৈছে প্ৰকৃত ৰাষ্ট্ৰ নিৰ্মাতা। আজি মোৰ অতি মৰমৰ বিদ্যালয়খনৰ সোণালী জয়ন্তীৰ স্বর্ণক্ষণত অন্তৰেৰে এই আশা কৰিব নোৱাৰোনে?