AIUDF অবিহণে ২০২৪ৰ নিৰ্বাচনত অস্তিত্বহীন হৈ পৰিব কংগ্ৰেছঃ বদৰুদ্দিন আজমল

Story by  atv | Posted by  Munni Begum • 1 Years ago
মৌলানা বদৰুদ্দিন আজমলে চুপাৰ ৪০ৰ NEETত সফল শিক্ষাৰ্থীসকলৰ সৈতে এখন ফটোৰ বাবে পোজ দিছে
মৌলানা বদৰুদ্দিন আজমলে চুপাৰ ৪০ৰ NEETত সফল শিক্ষাৰ্থীসকলৰ সৈতে এখন ফটোৰ বাবে পোজ দিছে
দৌলত ৰহমান / গুৱাহাটী 
 
অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (AIUDF)ৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কয় যে আজমল ফাউণ্ডেচনে চলাই থকা বিভিন্ন জনকল্যাণমূলক কাম-কাজসমূহে তেওঁৰ ৰাজনৈতিক বিৰোধীৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। AIUDFৰ সমৰ্থন অবিহনে অসমত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰধান বিৰোধী দল কংগ্ৰেছ সম্পূৰ্ণৰূপে অস্তিত্বহীন হৈ পৰিব।
 
“সকলোৱে জানে যে নগাঁৱৰ বৰ্তমানৰ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে যোৱা লোকসভা নিৰ্বাচনত দুয়োটা সমষ্টিতে AIUDFৰ বিশাল সমৰ্থনৰ ভিত্তিতে জয়লাভ কৰিছিল। এইবাৰো তাৰেই পুনৰাবৃত্তি হ’ব। আন বহু সংসদীয় সমষ্টিত নিৰ্বাচনী জয় নিশ্চিত কৰাৰ ক্ষেত্ৰত AIUDFয়ে মুখ্য ভূমিকা পালন কৰিব। গতিকে, কংগ্ৰেছে AIUDFৰ সৈতে মিত্ৰতা অব্যাহত ৰখাটোৱেই ভাল।’-এই মন্তব্য ধুবুৰীৰ সাংসদ আজমলৰ। 
শুকুৰবাৰে AIUDFৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠকৰ অধ্যক্ষতা কৰিবলৈ গুৱাহাটীত উপস্থিত হোৱা আজমলে কয় যে আজমল ফাউণ্ডেচনে চলাই থকা বিভিন্ন শৈক্ষিক, সামাজিক আৰু অৰ্থনৈতিক কল্যাণমূলক কাম-কাজে সমাজত ইতিবাচক প্ৰভাৱ পেলাইছে। এনেধৰণৰ ইতিবাচক কাম-কাজে AIUDFক জনসাধাৰণৰ আস্থা লাভ কৰাত সহায় কৰিব।
“আজমল ফাউণ্ডেচনৰ পৰা শেহতীয়াকৈ নীট নামৰ সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষাত ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাতো আজমল ফাউণ্ডেচনৰ পৰীক্ষাৰ্থীয়ে চমকপ্ৰদ সাফল্য অৰ্জন কৰিছে। আমি মিছা প্ৰতিশ্ৰুতিৰে মানুহক প্ৰলোভিত কৰি ৰাজনীতি কৰা নাই। আমি মুছলমান সম্প্ৰদায়ক প্ৰকৃততে সহায় আৰু উন্নীত কৰি ৰাজনীতি কৰি আছো।’-আজমলে কয়।
 
মৌলানা বদৰুদ্দিন আজমলে চুপাৰ ৪০ শিক্ষাৰ্থীৰ সফলতা উদযাপন কৰিবলৈ এটা বিশাল কেক কাটিছে
 
উল্লেখ্য যে, চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন পূৰণৰ ক্ষেত্ৰত দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলক আজমল ফাউণ্ডেচনে আজমল ছুপাৰ ৪০ নামৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ জৰিয়তে সঠিক পথ প্ৰদৰ্শন কৰি আছে। আজমল ফাউণ্ডেচনে ২০১৬ চনত এক অভিলাসী পদক্ষেপ হিচাপে আৰম্ভ কৰা শিক্ষা প্ৰতিষ্ঠানটোৰ ২৪০গৰাকীকৈ শিক্ষাৰ্থীয়ে চলিত বৰ্ষৰ 'নীট'(NEET)ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।  
চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত অধ্যয়নৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত আয়োজিত 'নীট' পৰীক্ষাত এখন শিক্ষা প্ৰতিষ্ঠানৰ পৰা একেলগে এই বৃহৎ সংখ্যক শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হোৱাটো দেশৰ ভিতৰতে বিৰল পৰিঘটনা হিচাপে পৰিগণিত হৈছিল।
সৰ্বভাৰতীয় পৰ্যায়ত সফলতা অৰ্জন কৰা এই মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ অধিকাংশই আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ৷ শিক্ষাৰ্থীসকলৰ মেধাশক্তি আৰু চিকিৎসক হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশমৰ্মে আজমল ফাউণ্ডেচনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল৷
 
শিক্ষাৰ্থীসকলে ছুপাৰ ৪০ চৌহদত NEETত সফলতা উদযাপন কৰিছে
 
আজমল ছুপাৰ ৪০এ আৰম্ভণিৰে পৰা উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰি আহিছে।  ২০২০ চনৰ নীট পৰীক্ষাত প্ৰতিষ্ঠানটোৰ ৮৪গৰাকী আৰু ২০২১ৰ নীট পৰীক্ষাত ১৫০ গৰাকী শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। এইবাৰ সফল শিক্ষাৰ্থীৰ সংখ্যা ২৪০+লৈ বৃদ্ধি কৰি আজমল ছুপাৰ ৪০এ অসমৰ শৈক্ষিক ক্ষেত্ৰখনত এক নজিৰ সৃষ্টি কৰিছে। 
 
ইফালে, আজমল ফাউণ্ডেচনে হোজাই জিলাত এখন চিকিৎসালয়ৰ জৰিয়তেও দৰিদ্ৰ আৰু পিছপৰা লোকসকলক উন্নত চিকিৎসা সেৱাৰে সহায়ৰ হাত আগবঢ়াই আছে।