উত্তৰ প্ৰদেশত অবৈধ মাদ্ৰাছা হিচাপে ঘোষণা দাৰুল উলুম

Story by  atv | Posted by  DaulatRahman • 1 Years ago
দাৰুল উলুম
দাৰুল উলুম
চাহাৰানপুৰ (উত্তৰ প্ৰদেশ)
 
চাহাৰানপুৰ জিলাৰ বিষয়াসকলে দেওবাৰে দাৰুল উলুম, দেওবন্দ- ইছলামিক শিক্ষানুষ্ঠানক ‘অবৈধ’ অস্বীকৃত মাদ্ৰাছা হিচাপে ঘোষণা কৰে। চৰকাৰে চলোৱা এক সমীক্ষাৰ পিছতে প্ৰতিবেদন দাখিল কৰে।
 
জিলা বিষয়াসকলে তেওঁলোকৰ প্ৰতিবেদনত আন ৩০৬ খন অস্বীকৃত ইছলামিক শিক্ষানুষ্ঠানক অবৈধ বুলি উল্লেখ কৰিছে। জিলা সংখ্যালঘু কল্যাণ বিষয়া ভাৰত লাল গণ্ডে কয় যে, "৩০৬ খন অবৈধ মাদ্ৰাছাৰ বিষয়ে তথ্য প্ৰশাসনলৈ প্ৰেৰণ কৰা হৈছিল। দাৰুল উলুম দেওবন্দো এক অবৈধ মাদ্ৰাছা আৰু বৃত্তি আৰু অন্যান্য আঁচনিৰ পৰা বঞ্চিত হৈছে।"
 
তেওঁ লগতে কয় যে প্ৰশাসনে নিৰ্ধাৰণ কৰা পৰিমাপ যেনে মাদ্ৰাছাখন স্থাপনৰ বছৰ, ইয়াক চলোৱা সমাজ, মাদ্ৰাছাৰ নাম, আৰু তেওঁলোকৰ আয়ৰ উৎস আদিৰ ভিত্তিত তদন্ত কৰা হৈছিল। বি এল গণ্ডে আৰু কয় যে প্ৰশাসনে যিয়েই সিদ্ধান্ত নলওক কিয়, সেই অভিযোগৰ ভিত্তিত দাখিল কৰা হ’ব।
খবৰ অনুসৰি ৭৫৪ খন মাদ্ৰাছা জিলা প্ৰশাসনত পঞ্জীয়ন কৰা হৈছে। ইয়াৰে ৬৬৪ খন পঞ্চম শ্ৰেণীলৈকে, ৮০ খন অষ্টম শ্ৰেণীলৈকে, আৰু বাকী ১০ খন মাদ্ৰাছা দশম শ্ৰেণীলৈকে। যোৱা মাহত উত্তৰ প্ৰদেশ চৰকাৰে ইছলামিক শিক্ষানুষ্ঠানৰ সমীক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।
চৰকাৰী নিৰ্দেশ অনুসৰি ১২টা দিশৰ ভিত্তিত হ’ব এই সমীক্ষা। মাদ্ৰাছা জৰীপৰ বাবে বিষয়াৰ দলসমূহ চৰকাৰী নিৰ্দেশ অনুসৰি জিলা দণ্ডাধীশে (ডি এম) গঠন কৰিছে। ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰে অস্বীকৃত মাদ্ৰাছাসমূহত এক সমীক্ষা চলাই ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, শিক্ষক-শিক্ষয়িত্ৰী, পাঠ্যক্ৰম, আৰু যিকোনো বেচৰকাৰী সংস্থাৰ সৈতে ইয়াৰ সম্পৰ্কৰ তথ্য নিৰ্ণয় কৰিবলৈ ঘোষণা কৰিছিল।
 
স্বীকৃতি নোপোৱা মাদ্ৰাছাসমূহৰ জৰীপ চলোৱা হৈছে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মৌলিক সুবিধাসমূহ নিশ্চিত কৰাৰ বাবে।
মুছলিম ৱাকফ আৰু ৱাকফ বিভাগৰ সংখ্যালঘু কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডেনিছ আজাদ আনছাৰীয়ে জনাইছে যে শিক্ষা বিভাগত প্ৰযোজ্য নিয়ম মানি মাদ্ৰাছাত কৰ্মৰত মহিলা কৰ্মচাৰীসকলক প্ৰসূতি ছুটী আৰু শিশুৰ যত্নৰ ছুটী দিয়াৰো নিৰ্দেশত আছে।
উত্তৰ প্ৰদেশৰ সকলো জিলা দণ্ডাধীশ (ডি এম)ক জৰীপ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে। চৰকাৰে ৫ অক্টোবৰৰ ভিতৰত স্বীকৃতি নোপোৱা মাদ্ৰাছাসমূহৰ জৰীপ অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে।দলসমূহত মহকুমাধিপতি (এছডিএম), মৌলিক শিক্ষা অধিকাৰী (বিএছএ), জিলা সংখ্যালঘু বিষয়াৰ বিষয়া গঠন কৰা হ’ব।
 
জৰীপ চলোৱাৰ পিছত ইয়াক অতিৰিক্ত জিলা দণ্ডাধীশ (এডিএম)ক প্ৰতিবেদন গতাই দিবলৈও নিৰ্দেশ দিয়া হৈছে যাৰ পিছত এডিএম-এ জিলা দণ্ডাধীশ (ডিএম)সকলৰ ওচৰত একত্ৰিত বিবৃতিসমূহ দাখিল কৰিব।