ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ নামত ছাত্ৰক নিৰ্মম প্রহাৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ডিব্ৰুগড় বিশ্ববিদ্যালয়
গুৱাহাটী 
 
কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিঙত জ্যেষ্ঠ ছাত্ৰৰ নিৰ্মম প্রহাৰত ৩ গৰাকী নৱাগত ছাত্র গুৰুতৰভাৱে আহত হয়। আহত ৩ ছাত্ৰৰ এজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। জ্যেষ্ঠ ছাত্ৰৰ অমানুষিক প্ৰহাৰত আহত ছাত্ৰ কেইগৰাকী হৈছে ক্ৰমে বাণিজ্য বিভাগৰ আনন্দ শৰ্মা, জ্যোতিষ কুমাৰ কলিতা আৰু উজ্জ্বল কুমাৰ কলিতা (দুয়ো সাংবাদিকতা গণ সংযোগ বিভাগৰ)। 
 
জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত আনন্দ শর্মা সম্প্রতি আই চি ইউত চিকিৎসাধীন। উজনিৰ উচ্চ শিক্ষাৰ প্রাণকেন্দ্ৰস্বৰূপ বিশ্ববিদ্যালয়খনত সংঘটিত এই মাৰপিটৰ ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এইবাৰ স্নাতকোত্তৰ মহলাত নামভৰ্তি কৰা উক্ত তিনিওগৰাকী ছাত্ৰক এদল জ্যেষ্ঠ ছাত্রই ৰেগিঙৰ নামত অকথ্য নির্যাতন চলোৱাৰ লগতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছিল। 
আহত ছাত্ৰৰ অভিভাৱকে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ লগতে বিশ্ববিদ্যালয় কর্তৃপক্ষকো অৱগত কৰিছে। বিশ্ববিদ্যালয়খনৰ এণ্টি ৰেগিং স্কোৱাডে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰাৰ লগতে আৰক্ষীয়ে প্রহৃত ছাত্রকেইগৰাকীৰ ভাষ্য গ্ৰহণ কৰিছে। আনন্দ শর্মা চিকিৎসালয়ত ভৰ্তি থকাৰ বিপৰীতে আন দুজনক বিশ্ববিদ্যালয় কর্তৃপক্ষই প্রাথমিক চিকিৎসাৰ অন্তত বিশ্ববিদ্যালয়ৰ অতিথিশালাত ৰাখিছে। 
জানিব পৰামতে বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ এগৰাকী প্ৰাক্তন নেতাৰ লগতে এদল জ্যেষ্ঠ ছাত্রই উক্ত ছাত্র কেইগৰাকীক প্ৰহাৰ কৰিছিল। অধ্যয়ন সমাপ্ত কৰা ছাত্ৰই বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত কেনেকৈ প্ৰৱেশ কৰিলে সেয়া বিচাৰ্য হৈ পৰিছে। প্রহৃত ছাত্র তিনিজন পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ আবাসী আছিল।