জামিয়া মিলিয়া ইছলামিয়াৰ নতুন উপাচাৰ্য হ’ব বিশিষ্ট শিক্ষাবিদ ড০ ছৈয়দনা মুফাদ্দাল ছাইফুদ্দিন

Story by  atv | Posted by  [email protected] • 1 Years ago
ড০ ছৈয়দনা মুফাদ্দাল ছাইফুদ্দিন
ড০ ছৈয়দনা মুফাদ্দাল ছাইফুদ্দিন
 
নতুন দিল্লী

বিশ্বৰ অন্যতম প্ৰভাৱশালী মুছলমান ব্যক্তি ড০ ছৈয়দনা মুফাদ্দাল ছাইফুদ্দিন ঐতিহ্যমণ্ডিত জামিয়া মিলিয়া ইছলামিয়া (জেএমআই) বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিৰ্বাচিত হৈছে। সোমবাৰে পৰিচালনা সমিতিৰ বৈঠকত তেওঁক সৰ্বসন্মতিক্ৰমে পাঁচ বছৰৰ বাবে  নিযুক্ত কৰা হয়।  
 
২০২২ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে পাঁচ বছৰৰ প্ৰথমটো কাৰ্যকাল সম্পূৰ্ণ কৰা ড° ছৈয়দনা মুফাদ্দাল ছাইফুদ্দিনক বিশ্বৰ এগৰাকী বিখ্যাত মুছলমান শিক্ষাবিদ, নেতা আৰু সমাজকৰ্মী হিচাপে গণ্য কৰা হয়।
 
৫৩সংখ্যক আল-দাই আল-মুতলাক ড০ ছৈয়দনা মুফাদ্দাল ছাইফুদ্দিন হৈছে দাউদী বোহৰা মুছলমান সম্প্ৰদায়ৰ মুৰব্বী।  ২০১৪ চনৰ পৰা তেওঁ গ্লোবেল ডাউদী বোহৰা মুছলিম কমিউনিটিৰ মুৰব্বীৰ দায়িত্বত আছে। যোৱা বছৰ কাৰ্যকাল সম্পূৰ্ণ হোৱা ডাঃ নাজমা হেপটুল্লাৰ স্থানত ড° ছাইফুদ্দিনে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ আসনত বহিব। 
 
তেওঁ শিক্ষা, পৰিৱেশ, আৰ্থ-সামাজিক দিশ আদিৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ উপৰিও সমাজৰ উন্নতিৰ হকে নিৰন্তৰ কাম কৰি আছে। তেওঁ আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাজলৈ ইতিবাচক অৱদান আগবঢ়াই আছে।
 
সমাজলৈ আগবঢ়োৱা অনবদ্য অৰিহণাৰ বাবে ছৈয়দনা মুফাদ্দাল ছাইফুদ্দিনে কেইবাটাও বঁটা আৰু সন্মানো লাভ কৰিছে। শেহতীয়াকৈ তেওঁক বিশ্বৰ ৫০০ জন আটাইতকৈ প্ৰভাৱশালী মুছলমান ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ইউ এছ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছলৈ তেওঁৰ অৱদানৰ কথা ইউ এছ কেপিটেলত পাঠ কৰা হৈছে। বহু দেশৰ সন্মানীয় ৰাজ্যিক অতিথি হিচাপেও আমন্ত্ৰণ লাভ কৰিছে।
ছৈয়দনা মুফাদ্দাল ছাইফুদ্দিন হ'ল চুৰাটৰ ঐতিহাসিক দাউদী বহৰা শিক্ষানুষ্ঠান আল-জামিয়া-টুছ-ছৈফিয়াৰ এগৰাকী প্ৰাক্তন ছাত্ৰ। ইয়াৰ উপৰিও তেওঁ বিশ্ববিখ্যাত আল-আজহাৰ বিশ্ববিদ্যালয় আৰু ইজিপ্তৰ কায়ৰো বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰীত তেওঁ মুম্বাইত আল-জামিয়া-টুছ-ছাইফিয়াৰ নতুন কেম্পাছ উদ্বোধন কৰে।
 
উল্লেখ্য যে, ড° ছৈয়দনা মুফাদ্দাল ছাইফুদ্দিনে যোৱা পাঁচ বছৰত বহু গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত আছে প্ৰেকটিকেল আৰবী, উৰ্দু কবিতা আদি। তেওঁ সম্প্ৰদায়টোৰ স্থানীয় ভাষা লিছন আল-দাৱত সাহিত্য আৰু কবিতাও ৰচনা কৰিছিল। তেওঁ দেশৰ লগতে সমগ্ৰ বিশ্বতে দাতব্য কাম কৰি আহিছে। কৃষিৰ ক্ষেত্ৰতো তেওঁ উল্লেখযোগ্য কাম কৰিছে। ইয়াৰ উপৰিও তেওঁ য়েমেনৰ ছোৱালী আৰু ল’ৰাৰ শিক্ষাৰ কামো কৰি আছে।