৩১ জুলাইত অনুষ্ঠিত হ'ব অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা

Story by  atv | Posted by  Munni Begum • 1 Years ago
শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু
শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু
গুৱাহাটী 
 
ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে পিচুৱাই দিয়া হৈছে অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাৰ দিন। শুকুৰবাৰে কাহিলীপাৰাত আয়োজিত এক অনুষ্ঠানত এই কথা ঘোষণা কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।  
 
শিক্ষা মন্ত্ৰী ডাঃ  পেগুৱে কয় যে অভিযান্ত্রিক কলেজৰ নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষাৰ দিন ৩ জুলাইত ধাৰ্য কৰা হৈছিল। কিন্তু বান পৰিস্থিতিৰ বাবে এই প্ৰৱেশ পৰীক্ষা ৩ জুলাইৰ পৰিবৰ্তে ৩১ জুলাইত অনুষ্ঠিত হ'ব। 
 
ইপিনে, অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি শুকুৰবাৰৰ পৰা বিদ্যালয়সমূহত গৰম বন্ধ আৰম্ভ হ'ব। কিন্তু চৰকাৰৰ এনে গৰম বন্ধ ঘোষণাৰ মাজতে চাৰিখনকৈ জিলাৰ বিদ্যালয় পৰিদৰ্শকে বছৰ সময়ছোৱাত নিয়মীয়াকৈ বিশেষ পাঠদান, শ্রেণী চলাই যোৱাৰ গুৰুত্বপূর্ণ সিদ্ধান্ত প্রদান কৰিছে। 
মেট্ৰিকত বেয়া ফলাফল, শৈক্ষিক মান উন্নত কৰাকে ধৰি বিভিন্ন শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি চিৰাং, তিনিচুকীয়া, বঙাইগাঁও, গোলাঘাট জিলাৰ বিদ্যালয় পৰিদর্শকে সংশ্লিষ্ট জিলাসমূহত পাঠদান অব্যাহত ৰখাৰ সিদ্ধান্ত লৈ সকলো বিদ্যালয়লৈ নির্দেশনা প্রদান কৰিছে। 
চিৰাং জিলাৰ বিদ্যালয় পৰিদৰ্শকে জাৰি কৰা নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত চিৰাং জিলাই অতি নিম্নমানৰ ফলাফল প্ৰদৰ্শন কৰিছে। যাৰ বাবেই অহা বছৰৰ পৰীক্ষাৰ ফলাফল যাতে উন্নত হয়, তাৰ বাবে গৰম বন্ধৰ সময়ছোৱাত বিশেষ পাঠদান কার্যসূচী অব্যাহত ৰাখিবলৈ সকলো অধ্যক্ষ, প্রধান শিক্ষকক নির্দেশ দিছে জিলাখনৰ বিদ্যালয় পৰিদর্শকে। 
 
অনুৰূপধৰণে ছাত্ৰ-ছাত্ৰীৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাৰ বিদ্যালয় পৰিদর্শকে দশম আৰু দ্বাদশ শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ কটিন প্রস্তুত কৰি পাঠদান কৰিবলৈ নিৰ্দেশ দিছে। বঙাইগাঁও আৰু গোলাঘাট জিলাতো গৰম বন্ধৰ সময়ছোৱাত পাঠদান অব্যাহত ৰখাৰ নির্দেশ দিছে বিদ্যালয় পৰিদর্শকসকলে। 
গ্রীষ্মকালীন বন্ধৰ সময়ছোৱাত চাৰি জিলাৰ বিদ্যালয় পৰিদৰ্শকে স্থলত পাঠদানৰ বাবে দিয়া নির্দেশনাক লৈ মিশ্রিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ এনে নির্দেশনাক লৈ একাংশ শিক্ষকে কৰা ওজৰ আপত্তিক লৈ প্রতিক্রিয়া প্রকাশ কৰি শিক্ষা মন্ত্রী ডাঃ পেগুৱে কয়, "আই এছ সকলৰ নিৰ্দেশনাক লৈ ছাত্ৰ ছাত্ৰীৰ পৰা নহয়, একাংশ শিক্ষকৰ পৰাহে প্রতিক্রিয়া আহিছে। গৰম বন্ধত টিউচন, বিশেষ শ্রেণী হয়েই। যিসকলে মেট্রিক দিব তেওঁলোকৰ বাবে শিক্ষক-শিক্ষয়িত্রীসকলে বিশেষ ব্যৱস্থা গ্রহণ কৰিব লাগিব। এনে প্ৰতিক্ৰিয়াৰ মাজতে শিক্ষা মন্ত্ৰীয়ে অহা বছৰৰ পৰা গৰম বন্ধৰ দিনৰ সংখ্যা হ্ৰাস কৰাৰ চিন্তা কৰা হৈছে।"  
তেওঁ কয়, "অসম জাতীয় বিদ্যালয়ে গৰম বন্ধ এমাহৰ পৰিবর্তে ২৫ দিনহে দিয়ে। আমিও অহা বছৰৰ পৰা ২৫ দিনীয়া গৰম বন্ধ কৰিব পাৰি নেকি সেই সন্দৰ্ভত চিন্তা-চৰ্চা কৰিছো। কাৰণ শিক্ষাই মূল কথা। ছুটী লৈ ক'ৰবাত ফুৰিবলৈ যোৱা, আনন্দ লোৱাৰ পৰিবৰ্তে শিক্ষকৰ ফ'কাছ শিক্ষাত থাকিব লাগিব। ন্যায়সংগতভাৱে শিক্ষকসকলে আর্জিত ছুটী, বন্ধ যি পাব লাগে, সেয়া পাব। 
 
আমি প্রণালীবদ্ধভাৱে বিষয়সমূহ চাই আছো।' চাৰি জিলাত বিদ্যালয় পৰিদৰ্শকৰ নির্দেশনাক লৈ প্রতিক্রিয়া প্রকাশ কৰি এয়া যুক্তিসংগত হোৱা নাই বুলি মত প্ৰকাশ কৰিছে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই।