৩ জুলাইত অনুষ্ঠিত হ'ব অভিযান্ত্রিক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা

Story by  atv | Posted by  Munni Begum • 1 Years ago
পৰীক্ষাৰ প্ৰতিনিধিত্বমুলক ফটো
পৰীক্ষাৰ প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী 
 
ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী অভিযান্ত্রিক মহাবিদ্যালয়ত স্নাতক মহলাত নামভৰ্তিৰ বাবে উমৈহতীয়া প্ৰৱেশ পৰীক্ষা (চি ই ই) অহা ৩ জুলাইত অনুষ্ঠিত হ'ব। গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব লগা এই পৰীক্ষাৰ দিন মংগলবাৰে ঘোষণা কৰা হৈছে। 
 
বিশ্ববিদ্যালয়খনৰ ফালৰ পৰা পৰীক্ষাৰ প্ৰ-পত্ৰ পুৰণৰো সময় ঘোষণা কৰা হৈছে। অহা ৩১ মে'ৰ ভিতৰত ইচ্ছুক আৰু অৰ্হতা সম্পন্ন ছাত্র-ছাত্ৰীয়ে এই পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰে অনলাইনত।
পৰীক্ষাৰ বাবে ছাত্র-ছাত্রীয়ে ৮৫০ টকা মাচুল পৰিশোধ কৰিব লাগিব। ২০২২ বৰ্ষৰ এই পৰীক্ষা ৩ জুলাইৰ পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব আৰু ফলাফল দহ দিনৰ পিচত ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰা হৈছে। 
উল্লেখ্য এই পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত ৰাজ্যখনৰ অভিযান্ত্রিক মহাবিদ্যালয়সমূহত স্নাতক মহলাত নামভর্তি কৰাৰ সুযোগ লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ পৰা আৰম্ভ কৰি বয়স তথা শিক্ষাগত অৰ্হতালৈকে আৱশ্যকীয় তথ্যপাতি সন্দৰ্ভত সবিশেষ জানিবলৈ বিশ্ববিদ্যালয়খনৰ ৱেবছাইট astu.ac.ine সহায় ল'ব পাৰে।
 
অৱশ্যে সংৰক্ষিত প্রার্থীৰ ক্ষেত্ৰত নম্বৰ শতাংশ হ'লেই হ'ব। আবেদনকাৰীৰ বয়স  ২০২২ চনৰ ১ আগষ্টৰ ভিত্তিত ১৭ৰ পৰা ২১ বছৰ ভিতৰত হ'ব লাগিব।