নতুন দিল্লী
কৰ্মচাৰী ৰাজ্য বীমা নিগম চমুকৈ ই এছ আই চিয়ে কৰ্মচাৰীসকলৰ বাবে আগবঢ়োৱা সামাজিক সুৰক্ষা আঁচনি ই এছ আইৰ অধীনত চলিত বৰ্ষৰ শেষলৈকে দেশৰ সকলো প্রান্তকে সামৰি ল'ব বুলি দেওবাৰে ই এছ আই চিৰ এক সূত্ৰই প্ৰকাশ কৰিছে।
বৰ্তমান দেশৰ ৪৪৩ খন জিলাত সম্পূৰ্ণৰূপে আৰু ১৫৩ খন জিলাত আংশিকভাবে এই আঁচনি ৰূপায়ণ কৰা হৈছে। বৰ্তমানলৈকে ১৪৮ খন জিলাত এই আঁচনিৰ সুবিধা প্রযোজ্য হোৱা নাই।
ই এছ আই চিয়ে দেশত নতুনকৈ ২৩ খন ১০০ বিছনাযুক্ত চিকিৎসালয় স্থাপনৰো পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰে ৬ খন হাস্পতাল স্থাপন কৰা হব মহাৰাষ্ট্ৰত, ৪ খন স্থাপন কৰা হ'ব হাৰিয়ানাত, দুখনকৈ হাস্পতাল স্থাপন কৰা হ’ব তামিলনাডু, উত্তৰ প্রদেশ আৰু কৰ্ণাটকত। আনহাতে এখনকৈ হাস্পতাল স্থাপন কৰা হ'ব অন্ধপ্রদেশ, ছত্তীশগড়, গোৱা, গুজৰাট, মধ্যপ্রদেশ, উৰিষ্যা আৰু পশ্চিমবংগত।
FEATURED VIDEOS
PISA
HSLC Result Al-Ameen
Dhekiakhowa Bornamghar
Physical challenge no hurdle in Md Gulpham's learning skill
Dustbin distributor Nazrul Islam
Illiterate poet Habil Uddin
Taj Hotel
Gauhati University's Arabic department in good shape
Abdul Barek chooses marathon as his livelihood