২০ মে'লৈ বৃদ্ধি মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ সময়সীমা

Story by  atv | Posted by  Munni Begum • 1 Years ago
মেডিকেল পাঠ্যক্ৰমৰ প্ৰতিনিধিত্বমুলক ফটো
মেডিকেল পাঠ্যক্ৰমৰ প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
মেডিকেলৰ স্নাতক মহলাত চলিত বৰ্ষত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ'বলগা প্রৱেশ পৰীক্ষা (নটি)ৰ বাবে আবেদনৰ সময়সীমা পুনৰ ২০ মে'লৈ বৃদ্ধি কৰা হৈছে। নেচনেল টেষ্টিং এজেপি (এন টি এ)য়ে আবেদনৰ সময় বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। 
 
শেহতীয়াকৈ সশস্ত্র বাহিনী চিকিৎসা সেৱা সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ৰ পৰা পুনৰ অনুৰোধ যোৱাৰ  পৰিপ্ৰেক্ষিতত আবেদনৰ সময় ২০ মে' লৈ বৃদ্ধি কৰা হৈছে। কিন্তু সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱা প্রাধিকৰণে জনোৱা আবেদনৰ পৰিপ্ৰেক্ষিতত আবেদনৰ সময় ১৫ মে'লৈ বৃদ্ধি কৰা হৈছিল। 
এই পৰীক্ষাৰ নম্বৰৰ ভিত্তিত দেশৰ এম বি বি এছ, বি ডি এছ, আয়ুস আৰু বি এছ চি নাৰ্ছিংসহ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি কৰা হ'ব। 
ইচ্ছুক ছাত্র-ছাত্রীসকলে এই পৰীক্ষা সন্দৰ্ভত শেহতীয়া অগ্রগতি সন্দৰ্ভত সবিশেষ জানিবলৈ ৱেবছাইট neet.nta.nic ৰ সহায় লব পাৰে। ই-মেইল ঠিকা [email protected] তো যোগাযোগ কৰিব পাৰে।