প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আইনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষ বৃত্তি বিতৰণ

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
ন্যায়াধীশ ৰঞ্জন গগৈয়ে অনুষ্ঠানত ভাষণ দি আছে
ন্যায়াধীশ ৰঞ্জন গগৈয়ে অনুষ্ঠানত ভাষণ দি আছে
গুৱাহাটী
 
ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে প্ৰতিষ্ঠা কৰা বিশেষ বৃত্তিটো দেওবাৰে গুৱাহাটীৰ নাচ'নেল ল' ইউনিভাৰ্চিটি এন্দ জুডিচিয়েল একাডেমীত অসমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হয়।
 
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰশ্মিন মনোহৰভাই ছায়াই অসমৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বৃত্তিৰ চেক বিতৰণ কৰে।
ৰাজ্যসভাৰ সাংসদ হিচাপে ন্যায়াধীশ ৰঞ্জন গগৈৰ দৰমহা আৰু ভাট্টাৰ ধনেৰে আইন অধ্যয়ন কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদানৰ এক পদক্ষেপৰ অংশ হিচাপে এই বৃত্তি প্ৰদান কৰা হৈছে।
অনুষ্ঠানত ভাষণ দি ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে এই ধন ছাত্ৰ-ছাত্ৰী, বিশেষকৈ আইন অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ, বাবে সদ্ব্যৱহাৰ হ’ব।
 
ৰাজ্যসভাৰ সাংসদ হিচাপে তেওঁৰ ভাট্টা আৰু দৰমহাই পৰিৱৰ্তন আনিব পাৰে আৰু আৰ্তজনৰ শিক্ষাৰ বাবে যথেষ্ট ভাল হ’ব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে। তেওঁ আৰু কয় যে তেওঁ নিজৰ দৰমহাৰে এই কামত অৱদান আগবঢ়াই যাব আৰু আগন্তুক দিনত কাম-কাজৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰণ কৰিব।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰশ্মিন মনোহৰভাই ছায়াই অনুষ্ঠানত ভাষণ দি ন্যায়াধীশ ৰঞ্জন গগৈক এই পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে আইনী শিক্ষা প্ৰদানৰ বাবে পৰিৱেশ গ্ৰঢ়ি তুলিলে সমাজৰ উন্নয়নত সহায়ক হয়।
তেওঁ আৰু কয় যে আমাৰ সমাজৰ এটা অংশক মনোযোগ দিয়াৰ প্ৰয়োজন আৰু আমি আৰ্তজনক বৃত্তি প্ৰদান কৰি সেই কাম কৰি আছো।
 
২০২২-২৩ বৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক এই বৃত্তি প্ৰদান কৰা হয়।
 
২০২২ চনৰ শৈক্ষিক বৰ্ষত অসম বা আন যিকোনো ৰাজ্যৰ যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানত পাঁচ বছৰীয়া সংহত বি এ এল এল বি অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক এই বৃত্তি প্ৰদান কৰা হয়।
 
এই বৃত্তিটো টিউচন মাচুল পৰিশোধৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ হোষ্টেলত থকাৰ ব্যৱস্থাৰ বাবে হ’ব আৰু পাঠ্যক্ৰমৰ সমগ্ৰ সময়ছোৱাত বা ইয়াৰ বাকী থকা সময়ছোৱাৰ বাবে হ’ব।