অসমীয়া আৰু অন্য স্থানীয় মাধ্যমৰ বিদ্যালয়সমূহত দ্বৈত মাধ্যমৰ পাঠদান প্ৰৱৰ্তন কৰিব চৰকাৰে

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী
 
অসম চৰকাৰে অসমীয়া আৰু অন্য স্থানীয় মাধ্যমৰ বিদ্যালয়সমূহত দ্বৈত মাধ্যমৰ পাঠদান প্ৰৱৰ্তন কৰিবলৈ গৈ আছে। বিদ্যালয় কৰ্তৃপক্ষই অসমীয়া বা অন্য স্থানীয় মাধ্যম বিলুপ্ত নকৰাকৈ ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰাৰ স্বাধীনতা পাব। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান ৰ বাবে দ্বৈত মাধ্যম প্ৰৱৰ্তন কৰা হ'ব।
 
আৰম্ভণিতে দ্বৈত মাধ্যম প্ৰৱৰ্তনৰ বাবে প্ৰতিখন জিলাত পাঁচৰ পৰা ১০ খন বিদ্যালয় চিনাক্ত কৰা হ'ব যি ক্ৰমান্বয়ে আন বিদ্যালয়লৈ সম্প্ৰসাৰিত কৰা হ'ব। বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।
শিক্ষা ব্যৱস্থা সম্পৰ্কীয় আন কিছুমান সংস্কাৰত চৰকাৰে পৰৱৰ্তী শিক্ষা বৰ্ষৰ পৰা সকলো অসমীয়া আৰু অন্য স্থানীয় মাধ্যমৰ বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজীক গণিত আৰু বিজ্ঞানৰ পাঠদানৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ উপৰিও, ভূগোল আৰু ইতিহাসৰ সৈতে সমাজ অধ্যয়ন স্কুল পাঠ্যক্ৰমত  সলনি কৰা হ'ব।
আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় যাৰ দ্বাৰা অসমৰ সকলো চৰকাৰী বিদ্যালয় ল'ৰা আৰু ছোৱালী দুয়োৰে বাবে সহ-শিক্ষা প্ৰতিষ্ঠান হ'ব। অৱশ্যে, দীৰ্ঘদিনধৰি অস্তিত্বৰ ইতিহাস থকা কেইখনমান ছোৱালী বিদ্যালয়ে এই সংস্কাৰৰ পৰা ৰেহাই দিয়া হ'ব।
কেবিনেট বৈঠকত গুৱাহাটী ভৱন নিৰ্মাণ (নিয়ন্ত্ৰণ) আইন ২০১০ ৰাজ্যৰ সকলো পৌৰ নিগম অঞ্চললৈ সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ উদ্দেশ্য হৈছে সমগ্ৰ ৰাজ্যত অভিন্ন মাষ্টাৰ প্লেন আৰু উপ-আইন প্ৰৱৰ্তন কৰা।
 
লগতে বৈঠকখনে মৰাণ সম্প্ৰদায়ৰ লোকসকলক জাতিৰ প্ৰমাণপত্ৰ দিবলৈ অনুমোদন জনাই। অসম মৰাণ সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে মৰাণ লোকসকলক অন্যান্য পিছপৰা শ্ৰেণী বা অধিক পিছপৰা শ্ৰেণীৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব পাৰিব। 
কেবিনেটে বিশেষ পৰ্যটন ক্ষেত্ৰ আৰু চাহ পৰ্যটন সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি অসম পৰ্যটন নীতি ২০২২ ত অনুমোদন জনাই। বৈঠকত সিদ্ধান্ত লোৱা হয় যে ৰাজ্য চৰকাৰে ঐতিহ্যবাহী বাংলো থকা ৫০ খন নিৰ্বাচিত চাহ বাগিচাৰ প্ৰতিখনক ৰাজহুৱা ব্যক্তিগত অংশীদাৰীত্বত সেই আন্তঃগাঁথনিসমূহ ত্বৰান্বিত কৰি পৰ্যটন স্থল হিচাপে বিকশিত কৰিবলৈ ₹২ কোটি লৈকে বিত্তীয় সাহায্য আগবঢ়াব।