দুখীয়া মেধাৱী ছাত্ৰৰ উচ্চ শিক্ষাৰ সপোন দিঠকত পৰিণত কৰাৰ পদক্ষেপ বুঢ়া জামে মছজিদৰ

Story by  Ariful Islam | Posted by  Munni Begum • 1 Years ago
বুঢ়া জামে মছজিদ আৰু ছাত্ৰাবাসত অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰ
বুঢ়া জামে মছজিদ আৰু ছাত্ৰাবাসত অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰ
 
আৰিফুল ইছলাম / গুৱাহাটী
 
শান্তি আৰু সম্প্ৰীতিৰ প্ৰতীক গুৱাহাটীৰ আমবাৰীস্থিত বুঢ়া জামে মছজিদ। যিকোনো বিপৰ্যয়ৰ সময়ত ৰাইজৰ কাষত থিয় দিয়ে বুঢ়া জামে মছজিদ কৰ্তৃপক্ষই। ঐতিহ্যমণ্ডিত এই ধৰ্মীয় প্ৰতিষ্ঠানটোৱে জাতি, ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোকে একত্ৰিত কৰি ভাতৃত্ববোধৰ পৰিচয় দি আহিছে। 
 
মনকৰিবলগীয়া যে, ধৰ্ম আৰু আধ্যাত্মিকতাৰ উৰ্ধত গৈ বুঢ়া জামে মছজিদ কৰ্তৃপক্ষ মানৱসেৱাৰ ক্ষেত্ৰতো সদায়ে সমৰ্পিত হৈ আহিছে। বিভিন্ন জনকল্যানমূলক কাম-কাজৰ লগতে শিক্ষাৰ ক্ষেত্ৰখনতো তেওঁলোকে যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা যায়। গুৱাহাটীৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত শিক্ষা গ্ৰহন কৰা দুখীয়া আৰু মেধাৱী ছাত্ৰৰ বাবে মছজিদৰ চৌহদতে এটা ছাত্ৰাবাসো পৰিচালনা কৰে বুঢ়া জামে মছজিদ কৰ্তৃপক্ষই।
 
 
বুঢ়া জামে মছজিদ কমিটিয়ে ২০১৬ চনৰ পৰা মছজিদৰ চৌহদতে দুখীয়া তথা মেধাৱী ছাত্ৰৰ সুবিধাৰ্থে অতি নূন্যতম মাচুলেৰে আৰম্ভ কৰিছিল এটা ছাত্ৰাবাস। এই পদক্ষেপেৰে তেওঁলোকে পিছপৰা অঞ্চলসমূহৰ পৰা অহা অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰসকলক উচ্চ শিক্ষাৰ সপোন পূৰণত সহায়ৰ হাত আগবঢ়াইছে। মছজিদৰ চৌহদত থকা ছাত্ৰাবাসটোত বৰ্তমান ৬০ গৰাকী ছাত্ৰ আছে। ছাত্ৰাবাসটোৰ প্ৰতিটো কোঠাত অধ্যয়নৰ উপযোগী ভাল চকী-মেজ আৰু অন্যান্য সা-সুবিধা থকাৰ উপৰিও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰো ধ্যান ৰখা হয়। ছাত্ৰাবাসটোত কলা, বিজ্ঞান, বাণিজ্য, কাৰিকৰী শিক্ষা আদি বিভাগৰ ছাত্ৰ থাকে।
 
ছাত্ৰাবাসৰ ছাত্ৰসকল
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বুঢ়া জামে মছজিদ কমিটিৰ সাধাৰণ সম্পাদক নিজামুল হকে কয়; "শিক্ষা অবিহনে সমাজ বা দেশ এখন কেতিয়াও আগবাঢ়িব নোৱাৰে। এই কথা চিন্তা কৰিয়ে আমি বুঢ়া জামে মছজিদৰ চৌহদত এটা ছাত্ৰাবাস নিৰ্মাণ কৰিলোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা দুখীয়া আৰু মেধাবী ছাত্ৰক আমি এই ছাত্ৰাবাসত থকাৰ সুবিধা কৰি দিছোঁ। আমাৰ ফালৰ পৰা যিমান পাৰোঁ সুবিধা দিয়াৰ চেষ্টা কৰিছোঁ। আমি প্ৰতিজন ছাত্ৰৰ পৰা বিদ্যুৎৰ বিল আৰু চোৱা-চিতাৰ বাবদ মাহিলী ৬০০ টকাকৈ লওঁ। যিটো গুৱাহাটীৰ দৰে চহৰ এখনত অতি নূন্যতম মূল্য। ২০১৬ৰ পৰা ২০১৯ চনলৈ মাহিলী মাচুল আমি মাত্ৰ ২০০ টকাকৈ লৈছিলোঁ। আমি ছাত্ৰাবাসটো পৰিচালনা কৰাৰ বাবে এখন সুকীয়া কমিটি গঠন কৰি দিছোঁ। সেই কমিটিয়ে সকলো খোৱা-বোৱাৰ ব্যৱস্থা কৰে। খোৱাৰ বাবেও অতি নূন্যতম মাচুল এটা লোৱা হয়।"
 
ছাত্ৰাবাসৰ ভোজনালয়
 
আমাৰ এই ছাত্ৰাবাসত থকা ছাত্ৰ প্ৰত্যেকবছৰ মেডিকেল আৰু ইঞ্জিনীয়াৰিঙত স্থান পাই আছে। আমাৰ ইয়াত থাকি যোৱা ছাত্ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপকো হৈছে। শেহতীয়াকৈ হোজাইৰ পৰা অহা এগৰাকী ছাত্ৰই অৰ্থনীতি বিভাগত গ'ল্ড মেডেলিষ্ট হৈছে। এইবোৰেই আমাৰ প্ৰাপ্তি। গতিকে আমি ছাত্ৰাবাসত ৰখাৰ আগতে চাই লওঁ, ছাত্ৰজন কেৱল দুখীয়া হ'লেই নহ'ব, মেধাৱীও হ'ব লাগিব। আমি পঢ়া-শুনা ভালকৈ কৰিব পৰাকৈ এটা পুথিভঁৰালৰৰো ব্যৱস্থা কৰি দিছোঁ। পাঠ্যপুথিৰ জ্ঞানৰ উপৰিও এই পুথিভঁৰালটোৱে ছাত্ৰসকলৰ মাজত সাধাৰণ জ্ঞানৰ প্ৰতিও আগ্ৰহ বৃদ্ধি কৰিব। ইতিমধ্যে বহু ব্যক্তিয়ে কিতাপ আগবঢ়োৱাৰ বাবে আমাৰ লগত যোগাযোগ কৰিছে", সাধাৰণ সম্পাদক নিজামুল হকে কয়।
 
ছাত্ৰাবাসটোত থকা ছাত্ৰ আনিছুৰ ৰহমানে কয়; "মোৰ ঘৰ হোজাইত। ইয়াত মই ৫ বছৰ ধৰি আঁছো। ইয়াত থাকিয়ে মই কটন বিশ্ববিদ্যালয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছোঁ আৰু এতিয়া পি এইচ ডিৰ বাবে  প্ৰস্তুতি চলাই আছোঁ। ইয়াত পঢ়া-শুনাৰ বাবে খুব ধুনীয়া এটা পৰিৱেশ লাভ কৰিছো। গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা এটা ছাত্ৰাবাস পোৱাটো আমাৰ বাবে ভাগ্যৰ কথা, য'ত অতি নূন্যতম খৰছতে আমি সকলো সুবিধা পাইছো। ইয়াত পুথিভঁৰালৰো ব্যৱস্থা আছে। আমি বাহিৰত পেয়িং গেষ্ট বা ছাত্ৰাবাসত থাকিলে হয়তো এই সুবিধা সমূহ নাপালোঁ হৈ, আৰু বহুত বেছি মাচুল আদায় দিবলগীয়া হ'লহেতেন, যিটো আমাৰ বাবে অসম্ভৱ। যিহেতু ছাত্ৰাবাসটো মছজিদৰ চৌহদতে আছে, গতিকে আমাৰ অভিভাৱকসকলেও নিশ্চিন্ত মনে থাকিব পাৰে।" 
 
ছাত্ৰাবাসত অধ্যয়ন কৰি থকা মুহূৰ্তত এগৰাকী ছাত্ৰ
 
ছাত্ৰাবাসৰ নিবাসী আখতাৰ হুছেইনে কয়; "মোৰ ঘৰ বাক্সা জিলাত। মই ২০১৯ চনৰ পৰা ইয়াত আছোঁ। কটন বিশ্ববিদ্যালয়ত মই স্নাতকোত্তৰ ডিগ্ৰী অধ্যয়ন কৰি আছো। আমাৰ ইয়াতে সকলো ছাত্ৰই ভালদৰে পঢ়া-শুনা কৰাৰ সুবিধা পায়। মই নিজেও সুখী যে, ইয়াত অতি নূন্যতম মূল্যত থকা-খোৱা কৰি উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা পাইছোঁ। বাহিৰত থকাটো আমাৰ বাবে অসম্ভৱ।"
 
উল্লেখ্য যে, মুছলমান ছাত্ৰৰ সমান্তৰালকৈ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী হিন্দু ছাত্ৰকো এই ছাত্ৰাৱাসত কম খৰচত থকা-খোৱাৰ সুবিধা কৰি দি বুঢ়া জামে মছজিদ কৰ্তৃপক্ষই মানৱতা আৰু একতা-সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।