গুৱাহাটী বিশ্ববিদ্যালয়ে পুনৰ পিচুৱালে পৰীক্ষা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী 
 
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ সূচী পুনৰ পিচুৱাই দিয়া হৈছে। নতুন সূচী অনুসৰি এইবাৰ পৰীক্ষা অনুষ্ঠিত হ'ব অহা 4 জুলাইৰ পৰা। ৰাজ্যখনত শেহতীয়াকৈ সৃষ্টি হোৱা অভূতপূর্ব বান তথা প্রাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা পিচুৱাই দিয়াৰ কথা ঘোষণা কৰিছে। 
 
এই পৰীক্ষা পূৰ্বৰ সূচী অনুসৰি ২৫ জুনৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল। পৰৱৰ্তী সময়ত পৰীক্ষা ২৯ জুনলৈ পিচুৱাই দিয়া হৈছিল। কিন্তু শেহতীয়াকৈ সৃষ্টি হোৱা প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাজ্য চৰকাৰৰ পৰা অহা নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
 
বিশ্ববিদ্যালয়খনৰ অধীনৰ ত্ৰিশখন মহাবিদ্যালয় শেহতীয়া বানত বাৰুকৈয়ে বিধ্বস্ত হোৱাত ২৯ জুনৰ পৰা তাত পৰীক্ষা অনুষ্ঠিত কৰা সম্ভৱ নহয় বুলি সংশ্লিষ্ট মহাবিদ্যালয়ে অৱগত কৰাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা পিচুৱাবলৈ বাধ্য হয়।