বিহাৰৰ ১৭ গৰাকী হাফিজে চিকিৎসক হোৱাৰ প্ৰস্তুতি চলাইছে

Story by  atv | Posted by  Munni Begum • 1 Years ago
বিহাৰৰ ১৭ গৰাকী হাফিজে চিকিৎসক হোৱাৰ প্ৰস্তুতি চলাইছে
বিহাৰৰ ১৭ গৰাকী হাফিজে চিকিৎসক হোৱাৰ প্ৰস্তুতি চলাইছে
সেৰাজ আনোৱাৰ / পাটনা
 
পূৰ্বতে, এইটো কথা কল্পনাৰ বাহিৰত আছিল যে কোৰাণ অধ্যয়ন কৰা হাফিজ এজন এগৰাকী সু-চিকিৎসক তথা  এগৰাকী  দক্ষ অভিযন্তাও হ'ব পাৰে? হাফিজ-ই-কোৰাণৰ অৰ্থ আছিল ইমামত। শেহতীয়া বছৰবোৰত এই চিন্তাধাৰা সলনি হৈছে। কিয়নো বৰ্তমান মুছলিম সমাজখনেও পৰিৱৰ্তনৰ দিশে গতি কৰিছে। 
 
দীনৰ সৈতে পৃথিৱীখন কঢ়িয়াই অনাৰ উদ্যোগ তীব্ৰতৰ হৈছে। এই খণ্ডটোত, বিহাৰৰ ৰেহনুমা ফাউণ্ডেচনে ১৭ জন হাফিজ-ই-কোৰাণ শিশু অভিযন্তা, চিকিৎসক বনোৱাৰ উদ্যোগ লৈছে।
দীনৰ সৈতে পৃথিৱীখনক সৌন্দৰ্য কৰি তোলাৰ পদক্ষেপ তীব্ৰতৰ হৈ পৰিছে। এই খণ্ডটোত বিহাৰৰ ৰেহনুমা ফাউণ্ডেচনে উদ্যোগ লৈছে ১৭ জন হাফিজ-ই-কোৰান অধ্যয়ন কৰা শিশুক অভিযন্তা তথা চিকিৎসক কৰি তোলাৰ। অভিযন্তা তথা চিকিৎসকৰ শিক্ষা গ্ৰহণৰ বাবে প্ৰস্তুতি চলোৱাৰ বাবে শিশুসকলক কৰ্ণাটকৰ বিদাৰৰ শ্বাহীন একাডেমীলৈ প্ৰেৰণ কৰা হ’ব। 
ফাউণ্ডেশ্যনৰ কৰ্মীসকলে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। মাদ্ৰাছাসমুহলৈ গৈ শিশুসকলক বিচাৰি উলিওৱা, পৰিচালনাৰ লগতে শিশুসকলৰ অভিভাৱকক পতিয়ন নিওৱাটো কোনো সহজ কাম নহয়। 
 
ৰেহনুমা ফাউণ্ডেচনৰ এক কাৰ্যসূচী
 
কিন্তু এই প্ৰচেষ্টাৰ ফলত ১৭ গৰাকী শিশু বিচাৰি উলিওৱা হল, যিসকলৰ হৃদয়ত কোৰানৰ অধ্যয়নৰ লগতে আধুনিক শিক্ষা গ্ৰহন কৰি শিখৰলৈ  গৈ দেশ আৰু সমাজৰ বাবে কিবা এটা কৰা উদ্যাম দেখা গৈছিল। অৱশ্যে, ৰেহনুমা ফাউণ্ডেচনৰ নেতৃত্বত হাফিজ-ই-কোৰাণেও সমসাময়িক শিক্ষা লাভ কৰাৰ অধিকাৰী হবলৈ গৈ আছে।  
ইয়াৰ বাবে প্ৰথমে পৃষ্ঠপোষকসকলক প্ৰস্তুত কৰা হৈছিল, বিচাৰকৰ দল গঠন কৰা হৈছিল, চাৰিটা পৰ্যায়ত সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল, তাৰ পিছত ৯০ গৰাকী হাফিজ-ই-কোৰাণৰ  ১৭ গৰাকী যোগ্য শিশু নিৰ্বাচন কৰা হৈছিল। 
ৰেহনুমা ফাউণ্ডেচন হল এটা স্বেচ্ছাসেৱী সংগঠন। এই সংগঠনটো ২০১৪ চনত প্ৰতিষ্ঠা কৰা হৈছিল। সংগঠনটোৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ ক্ষেত্ৰত কাম কৰি যোৱা। সংগঠনটোৱে বিশেষকৈ দলিত তথা পিছপৰা অঞ্চলবোৰৰ শিশুসকলৰ বাবে কাম কৰি আহিছে। 
 
ৰেহনুমা ফাউণ্ডেচনৰ বিষয়ববীয়াসকলৰ সৈতে শিশুসকল
 
সংগঠনটো বিহাৰৰ গয়া, দৰভাঙ্গা, মুজাফ্ফৰপুৰ আৰাৰিয়া, পাটনাত সক্ৰিয়ভাৱে কাম কৰি থকাৰ লগতে দিল্লী আৰু উত্তৰ প্ৰদেশৰ আলিগড়তো কাম কৰি আছে। সংগঠনটোৰ বৃহৎ সাফল্য লাভ কৰিছিল সীমাঞ্চলৰ আৰাৰিয়া জিলাৰ ফৰ্বিচগঞ্জত। ফৰ্বিচগঞ্জত সংগঠনটোৰ লোকসকলে ৰেড লাইট অঞ্চলৰ পৰা পাঁচগৰাকী মুছলমান যুৱতীক মুক্ত কৰাত সফল হৈছিল। 
এইটো ২০১৯ চনৰ ঘটনা আছিল। উদ্ধাৰ হোৱা যুৱতীসকলৰ মাজৰ কেইগৰাকীমানে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। ঘটনাটো ২০১৯ চনত সংঘটিত হৈছিল। তেওঁলোকৰ এজনে আজি কলকাতাত কাম কৰি আছে। কিছুমান ছোৱালীয়ে বিয়া কৰাইছিল।
ঘটনাটো ২০১৯ চনত সংঘটিত হৈছিল। হোৱা যুৱতীসকলৰ মাজৰ কেইগৰাকীমানে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তেওঁলোকৰ মাজৰ এগৰাকী যুৱতীয়ে বৰ্তমান কলকাতাত কাম কৰি আছে আৰু কেইগৰাকীমান যুৱতীৰ বিয়াও সম্পন্ন হৈছে। প্ৰতি গৰাকী যুৱতীয়ে নট জাতিৰ আছিল। সংগঠনটোৰ সভাপতি চৈয়দ তেহচিন আহমেদ এগৰাকী ব্যৱসায়ীৰ লগতে এগৰাকী সামাজিক কৰ্মীও। তেওঁ কয় যে আমাৰ সম্প্ৰদায়টো কেৱল আৱেগিক বিষয়সমুহক লৈ জড়িত হৈ আছে। উলেমাই তেওঁলোকক বিভ্ৰান্ত কৰি ৰাখিছে। সামাজিক সমস্যাসমুহৰ ওপৰত কাম কৰাটো অতি কঠিন হয় কিয়নো মানুহে এই কামৰ বাবে সমৰ্থন আগবঢ়াবলৈ সাজু নহয়।  
তেহচিন আহমেদে কয় যে শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি তেওঁ দীন মাদাৰীছসকলৰ দিশে দৃষ্টি নিক্ষেপ কৰিলে। মাদ্ৰাছাৰ শিশুসকল সমসাময়িক শিক্ষাৰ পৰা বঞ্চিত হৈ থাকে। আমি চিন্তা কৰিছিলো যে, আলিম-ই-দিনৰ শিক্ষা গ্ৰহন কৰা সকলে কিয় এগৰাকী সু-চিকিৎসক তথা দক্ষ অভিযন্তা হ'ব নোৱাৰে? তেওঁলোকে আমি সহায় কৰাৰ প্ৰয়োজন। ইয়াৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল আৰু মানুহে সহযোগিতাৰ বাবে আগবাঢ়ি আহিল। 
শ্বাহিন একাডেমীত নীটৰ প্ৰস্তুতি কৰিবলৈ শিশুসকলৰ বাবে ২০ গৰাকী লোকে দুবছৰৰ সম্পূৰ্ণ খৰচ বহন কৰিবলৈ সন্মত হৈছিল। ইয়াৰ পিছত,  নীটৰ বাবে যোগ্য হাফিজ-ই-কোৰাণৰ শিক্ষা গ্ৰহণ কৰা শিশুৰ সন্ধান আৰম্ভ কৰা হল। সংগঠনটোৰ বিহাৰৰ সমন্বয়ক আৰু প্ৰশাসক হাছিন ৰাজা খানে মাদ্ৰাছাসমুহ ঘুৰি ফুৰিছিল। তেওঁ বেতিয়া, সুপল, পাটনা, দৰভাঙ্গা, গয়া, চিৱানত অৱস্থিত মাদ্ৰাছাসমূহ পৰিদৰ্শন কৰিছিল। হাছিন ৰজাই আৱাজ-দ্য ভইচক কয় যে প্ৰক্ৰিয়াটো এপ্ৰিলত ৰমজানৰ আগতে আৰম্ভ কৰা হৈছিল। প্ৰথমে, কোনেও এই বিষয়ে কথা পাতিবলৈ ইচ্ছুক নাছিল।   
বহুত অনুৰোধৰ পিছত মানুহবোৰ প্ৰস্তুত হৈছিল। প্ৰতিযোগিতাখনত মুঠ ৯০ টা শিশু বহিছিল। চাৰিটা পৰ্যায়ত তেওঁলোকৰ সাক্ষাৎকাৰ লোৱা হৈছিল। প্ৰথম সাক্ষাৎকাৰটো দৰভাঙ্গাত, দ্বিতীয়টো পাটনাত, তৃতীয় অনলাইনত আৰু চতুৰ্থটো পাটনাত অনুষ্ঠিত কৰা হৈছিল।চৰ্তটো আছিল যে হাফিজ-ই-কোৰাণৰ প্ৰয়োজনীয় আৰু  সোতৰৰ বছৰতকৈ কম বয়সৰ হ'ব লাগে। কোৰাণ সম্পৰ্কীয় তিনিটা প্ৰশ্ন সুধি হাফিজীৰ পৰীক্ষা কৰা হৈছিল। দিল্লীৰ মৌলানা ইছলাম চাৰৱাৰ, মৌলানা আৰ্শাদ কাছমী, আলিগড়ৰ কামাৰ নাদৱী আৰু মৌলানা ৱাদুদ কাছমী সাক্ষাৎকাৰ বোৰ্ডত বহিছিল। 
মেধাৰ ভিত্তিত ১৭ টা শিশুক শ্বাহীন একাডেমীৰ বাবে যোগ্য বুলি গণ্য কৰা হৈছিল। শিশুসকলে ব'ৰ্ড পৰীক্ষাৰ লগতে নীটৰ বাবেও প্ৰস্তুতি চলাব পাৰিব। কিয়নি এইটো চাৰি বছৰীয়া পাঠ্যক্ৰম হয়। ৬ গৰাকী শিশুৰ বাবে এজন শিক্ষকক নিযুক্ত দিয়া হৈছে। সেইকাৰণে বেছিভাগ শিশুৱে সফল হৈ ওলাই আহে।   
 
এই মাহত নীটৰ ফলাফলত, শ্বাহিনৰ পৰা ১৯ জন হাফিজ-ই-কোৰাণ অধ্যয়ন কৰা শিশুৱে যোগ্যতা অৰ্জন কৰিছে। শ্বাহিনৰ বাবে নিৰ্বাচিত কৰা শিশুসকলক উৎসাহিত কৰিবলৈ পাটনাৰ হজ ভৱনত এক অনুষ্ঠান অনুষ্ঠিত হৈছিল। অনুষ্ঠানত সমস্যা সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই সন্দৰ্ভত শিকোৱা হৈছিল।