২৭ জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী 
 
অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল  ২৭ জুনত ঘোষণা কৰা হব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায়। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ২০২২ তাৰিখ আৰু সময় নিশ্চিত কৰি মুখ্যমন্ত্ৰী  শৰ্মাই কয় যে উচ্চতৰ মাধ্যমিক ফলাফল ২৭ জুনত পুৱা ৯ বজাত ঘোষণা কৰা হ'ব।
 
এক টুইটত মুখ্যমন্ত্ৰীয়ে লিখিছে যে,  "উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ২৭ জুনত পুৱা ৯ বজাত ঘোষণা কৰা হ'ব। সকলো প্ৰাৰ্থীলৈ মোৰ শুভকামনা থাকিল।" 
এবাৰ ঘোষণা কৰাৰ পিছত, অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক ২০২২ বৰ্ষৰ ফলাফল অফিচিয়েল ৱেবছাইটত ahsec.assam.gov.in, resultsassam.nic.in ত উপলব্ধ হ'ব। ফলাফল লাভ কৰিবলৈ, প্ৰাৰ্থীসকলে তেওঁলোকৰ ৰোল নম্বৰ, পঞ্জীয়ন নম্বৰ, জন্ম তাৰিখ ব্যৱহাৰ কৰিব লাগিব। 
 
এই বছৰ, প্ৰায় ২ লাখ শিক্ষাৰ্থীয়ে ১২ এপ্ৰিলত শেষ হোৱা দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হ'বলৈ শিক্ষাৰ্থীসকলে মুঠ আৰু সামগ্ৰিকভাৱে নিম্নতম ৩০ শতাংশ নম্বৰ লাভ কৰিব লাগিব।