উঃ মাঃ চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা ১৫ ডিচেম্বৰলৈ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বৃহস্পতিবাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে।
 
অধিসূচনা অনুসৰি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ বাবে অহা ১৫ ডিচেম্বৰৰ আবেলি ৫ বজালৈ সময়সীমা বৃদ্ধি কৰা হৈছে।  
 
ইয়াৰ পূৰ্বে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ সময়সীমা ৩০ নৱেম্বৰলৈ বান্ধি দিছিল।