ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ তালিকাত শীর্ষস্থান অধিকাৰ আই আই এছ চি বেংগালুৰুৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
আই আই এছ চি বেংগালুৰু
আই আই এছ চি বেংগালুৰু
নতুন দিল্লী
 
কুৱেকৰেলী ছাইমনছ (কিউ এছ)ৰ ২০22 ৰ বিশ্বৰ অগ্রণী বিশ্ববিদ্যালয়ৰ তালিকাখন বৃহস্পতিবাৰে প্ৰকাশ কৰা হয়। ১৯ সংখ্যক সংস্কৰণৰ এই তালিকাত ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত আই আই এছ চি বেংগালুৰুৱে শীর্ষস্থান অধিকাৰ কৰাৰ বিপৰীতে দিল্লী বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ স্থান অৱনমিত হোৱা পৰিলক্ষিত হৈছে। 
 
আই আই এই চি বেংগালুৰুৱে এছিয়াৰ দুশখন বিশ্ববিদ্যালয়ৰ ভিতৰত ৩১ সংখ্যক স্থান অধিকাৰ কৰি স্থান বিগত বৰ্ষতকৈ উন্নত কৰিবলৈ সক্ষম হয়।
আনহাতে জে এন ইউৰ স্থান বিগত বৰ্ষৰ ৫৬১-৫৭০ ৰ পৰা এইবাৰ ৬০১-৬৫০ তালিকালৈ অৱনমিত  হৈছে। সেইদৰে জামিয়া মিলিয়াৰ স্থান বিগত বৰ্ষৰ ৭৫১-৮০০ ৰ পৰা এইবাৰ ৮০১-১০০০ লৈ অৱনমিত হয়। দিল্লী বিশ্ববিদ্যালয়ৰ পূৰ্বৰ স্থান ৫০১-৫১০ ৰ পৰা এইবাৰ ৫২১-৫৩০ বৰ্গলৈ অৱনমিত হৈছে। 
ইয়াৰ বিপৰীতে তালিকাত আই আই টি দিল্লী, বোম্বেসহ চাৰিখন আই আই টিয়ে স্থান উন্নত কৰিবলৈ সক্ষম হয়। আই আই টি দিল্লীৰ স্থান এইবাৰ ১৭৪ লৈ উন্নীত হয়।
 
বিগত বৰ্ষৰ তুলনাত আই আই টি দিল্লীৰ স্থান একাদশ ঘৰলৈ উন্নীত কৰিবলৈ সক্ষম হয়। কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্ছিটিৰ তালিকা ছাত্র-শিক্ষকৰ অনুপাত, গবেষণা, নিয়োগ আৰু আনুষংগিক বিষয়ক সামৰি যুগুত কৰা হয়।