বোকাত ফুলা পদুম ছাকিল আহমেদ; লুইত ফেল’ৰ কৃতিত্ব

Story by  atv | Posted by  Munni Begum • 1 Years ago
শ্বাকিল আহমেদ আৰু তেওঁ পিতৃ মাতৃৰ সৈতে তেওঁৰ ঘৰত অধ্যায়ৰ বিষয়ববীয়াসকল
শ্বাকিল আহমেদ আৰু তেওঁ পিতৃ মাতৃৰ সৈতে তেওঁৰ ঘৰত অধ্যায়ৰ বিষয়ববীয়াসকল
মুকুট শৰ্মা / গুৱাহাটী
 
নগাঁও জিলাৰ জখলাবন্ধা অঞ্চলৰ এখন জকাইচুকীয়া গাঁও। চেকনী বৰহোলা নামৰ গাঁওখনৰ অধিকাংশ লোকৰে জীৱিকাৰ মূল উপায় কৃষিকৰ্ম। উচ্চ শিক্ষা আৰু উন্নত প্ৰযুক্তিয়ে ঢুকি নোপোৱা এই গাঁওখনত পঢ়া-শুনাৰ কোনো পৰিৱেশেই নাই। খেতিপথাৰখনেই গাঁওবাসীৰ কৰ্মক্ষেত্ৰ আৰু খেতিয়ে তেওঁলোকৰ সপোন। 
 
কিন্তু বোকাত পদুম ফুলাৰ দৰে চেকনী বৰহোলা গাঁওৰ প্ৰতিকূল পৰিৱেশৰ মাজত উজলি উঠিছে  এটি বিৰল প্ৰতিভা। মেধাৰ বলত উজলি উঠা এই প্ৰতিভাৰ নাম হ’ল মহম্মদ ছাকিল আহমেদ। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মেধাৱী ছাত্ৰজনে নিৰক্ষৰ গাঁওখনলৈ এক নতুন বাতাবৰণ কঢ়িয়াই আনিছে। 
পৰিয়ালৰ আৰ্থিক দুৰৱস্থা আৰু প্ৰতিকূল পৰিৱেশৰ বাধা নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৬.৩ শতাংশ আৰু উচ্চতৰ মাধ্যমিকত ৮২.৮ শতাংশ নম্বৰ লাভ কৰা ছাকিলে ভৱিষ্যতলৈ এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ লক্ষ্যৰে সম্প্ৰতি কলিয়াবৰ মহাবিদ্যালয়ত বাণিজ্য শাখাৰ স্মাতক ডিগ্ৰীত নাম ভৰ্তি কৰিছে। 
মনকৰিবলগীয়া যে, চেকনী বৰহোলা গাঁওৰ জাহেদ আলী আৰু ছোলেমা খাটুনৰ সন্তান ছাকিলক সঠিক দিশ নিৰ্দেশনাৰে জীৱনৰ বাট দেখুৱাইছে ‘অধ্যায়’ নামৰ এটা দাঁতব্য সংস্থাই।উত্তৰ পূব ভাৰতৰ যুৱ দক্ষতা আৰু শিক্ষাৰ বিকাশৰ লগতে আৰ্থিক স্বচ্ছতাৰ ওপৰত কাম কৰা স্বেচ্ছাসেৱী সংগঠনটোৰ লুইত ফেল’ নামৰ এক আঁচনিয়ে প্ৰতিভাৱান ছাত্ৰজনক উচ্চ শিক্ষাৰ বাবে সহায়ৰ হাত আগবঢ়াইছে।    
 
 
২০২০ত চেকনী বৰহোলা হাইস্কুলৰ পৰা ৮৬.৩ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ পিছতে ‘অধ্যায়’ নামৰ দাঁতব্য সংস্থাটোৱে ছাকিলক লুইত ফেল’ আঁচনিৰ বাবে নিৰ্বাচিত কৰে। ইয়াৰ পিছতে তেওঁলোকে মেধাৱী ছাত্ৰজনক আৰ্থিক সহায়ৰ লগতে এজন অভিজ্ঞতা সম্পন্ন সহায়ক আৰু পৰামৰ্শদাতাৰ লগত সংযুক্ত কৰি দিয়ে। 
“আমি আগতে মৰিগাঁও জিলাত আছিলো। কিন্তু গৰাখহনীয়াই ঘৰ-বাৰী সকলো খহাই নিয়াত আমাৰ পৰিয়ালটো এতিয়া জখলাবন্ধাত অস্থায়ীভাৱে থাকিবলগীয়া হৈছে। দেউতাই মাটি-বাৰী যোগাৰ কৰিব পৰা নাই। মা-দেউতাৰ দুখ-কষ্ট দূৰ কৰিবলৈ মই ভালকৈ পঢ়া-শুনা কৰিছিলো। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হোৱাৰ পিছতে মই অধ্যায় নামৰ সংগঠনটোৰ সান্নিধ্য লাভ কৰো আৰু তেওঁলোকে মোক লুইত ফেল’ৰ অধীনত উচ্চ শিক্ষাৰ সকলো সুবিধা প্ৰদান কৰিছে। তেওঁলোকৰ সহযোগত মই আজি জীৱটোত সঠিক দিশত আগুৱাই নিয়াৰ সপোন দেখিছো।”-ছাকিল আহমেদে এইদৰে কয়। 
উল্লেখ্য যে, অধ্যায়ৰ তত্ত্বাৱধানত থাকিয়ে জখলাবন্ধাৰ মেধাৱী ছাত্ৰজনে চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ সপোন দেখিছে। তেওঁৰ এই সপোন পূৰণ কৰিবলৈ স্বেচ্ছাসেৱী সংগঠনটোৱে ছাকিলক বাণিজ্য শাখাৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰাই দিয়াৰ লগতে চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পাঠ্যক্ৰমত বাবে তেওঁক প্ৰস্তুতি চলোৱাৰ সুবিধা কৰি দিছে। ছাত্ৰজনৰ কেৰিয়াৰ গঢ়াত অধ্যায়-এ এইদৰে সকলো সহায় আৰু তত্ত্বাৱধান আগবঢ়াই যাব। 
 
অধ্যায়ৰ এক অনুষ্ঠানত  লুইত ফেল'সকল
 
‘আমি অধ্যায়ৰ ফালৰ পৰা লুইত ফেল’ৰ বাবে আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ মেধাৱী ছাত্ৰৰ সন্ধান কৰি আছিলো। তেনেতে আমি ছাকিলৰ প্ৰতিভাৰ কথা জানিব পাৰিলো আৰু তেওঁক আমি লুইত ফেল’ আঁচনিত অন্তৰ্ভুক্ত কৰো। এই আঁচনিৰ অধীনত সম্পূৰ্ণ দুবছৰৰ বাবে আমি তেওঁৰ শিক্ষাৰ দায়িত্ব লও। এই সময়ছোৱাত আমি ছাকিলৰ গাইডেন্স, মেণ্টৰিং, কাউন্সিলিঙৰো সুবিধা আগবঢ়াও। আৰ্থিকভাৱে পিছপৰা মেধাৱী শিক্ষাৰ্থীক সমাজৰ এগৰাকী আদৰ্শ ব্যক্তি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আমি এই প্ৰচেষ্টা অব্যাহত ৰাখিছো, যাতে এইসকল শিক্ষাৰ্থীয়ে ভৱিষ্যতলৈ সমাজক এক ইতিবাচক দিশত আগুৱাই নিব পাৰে।’-অধ্যায়ৰ প্ৰকল্প সঞ্চালক উৎপল ভৰালীয়ে এইদৰে কয়। 
উল্লেখ্য যে, লুইত ফেল’ৰ অধীনত পঢ়া-শুনা কৰিয়ে ছাকিল আহমেদে এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু কমাৰ্চ শাখাত ৮২.৮০ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হয়। তেওঁৰ এই উন্নত ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি স্বেচ্ছাসেৱী সংগঠনটোৱে ছাত্ৰজনক ‘অধ্যায়’ৰ আন এক কল্যাণমূলক আঁচনি ‘লুইত স্ক’লাৰ’ৰ বাবে নিৰ্বাচিত কৰে।
লুইত ফেল’ৰ অধীনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে উন্নত ফলাফল দাঙি ধৰে, তেওঁলোকক স্বেচ্ছাসেৱী সংগঠনটোৱে ‘লুইত স্ক’লাৰ’ আঁচনিৰ অধীনত অধ্যয়নৰ সুযোগ আগবঢ়ায়। ‘এই আঁচনিৰ অধীনত আমি নিৰ্বাচিত শিক্ষাৰ্থীসকলক পঢ়া-শুনাৰ সম্পূৰ্ণ খৰচ দিয়াৰ লগতে তেওঁলোকৰ ক’চিং, থকা-খোৱা, কিতাপ-পত্ৰৰ ব্যয় বহন কৰো। লগতে আমি তেওঁলোকক মানসিকভাৱে সৱল কৰিবলৈ এগৰাকী চাইক’লোজিষ্ট নিযুক্ত কৰো আৰু তেওঁ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক উদ্বিগ্নতা, হতাশা আদি দূৰ কৰি পৰীক্ষাৰ বাবে সাজু হোৱাত সহায় কৰে।‘-ভৰালীয়ে পুনৰ কয়।
 
অধ্যায়ৰ দিশা অনুষ্ঠানত লুইত ফেল'ৰ ট্ৰাষ্টী পল্লব ভট্টাচাৰ্যই ভাষণ প্ৰদান কৰা এক মুহুৰ্ত
 
উল্লেখ্য যে, ২০১৬ চনত প্ৰতিষ্ঠা হোৱা পঞ্জীভুক্ত দাতব্য ন্যাস ‘অধ্যায়’-এ উক্ত বৰ্ষৰ পৰাই ফেল’শ্বিপ প্ৰদানৰ কাৰ্যসূচী চলাই আহিছে। এতিয়ালৈকে সংগঠনটোৱে ৫৬গৰাকী ছাত্ৰ-ছাত্ৰীক লুইত ফেল’ আগবঢ়াইছে। ইয়াৰে ১৪ গৰাকীয়ে লুইত স্ক’লাৰ আঁচনিৰো সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। শৰৎ চন্দ্ৰ কাগতি চেৰিটেবল ট্ৰাষ্ট আৰু পি পি চেৰিটেবল ট্ৰাষ্টে ‘অধ্যায়’ৰ লুইত স্কলাৰ কাৰ্যসূচীক সমৰ্থন আগবঢ়াই আহিছে।
ইফালে, ‘অধ্যায়’-এ শেহতীয়াকৈ ‘দিশা’ নামৰ এক কেৰিয়াৰ কাউন্সিলিঙৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ অধীনত অসমৰ বিভিন্ন প্ৰান্তৰ স্কুলসমূহত ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ কাউন্সিঙৰ সুবিধা আগবঢ়াইছে। ছাত্ৰী-ছাত্ৰীসকলে যাতে সঠিক দিশত কেৰিয়াৰ গঢ়িব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অধ্যায়-এ এই নতুন কাৰ্যসূচী মুকলি কৰিছে। প্ৰথম পৰ্যায়ত বৰপেটা জিলাত দিশা নামৰ কাৰ্যসূচীটো সম্প্ৰতি চলি আছে।
মনকৰিবলগীয়া যে, উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীসকলৰ সপোন পূৰণ কৰি তেওঁলোকক সমাজৰ এগৰাকী সুনাগৰিক হিচাপে গঢ়ি তোলাৰ চেষ্টাত ব্ৰতী ‘অধ্যায়’ৰ প্ৰতিষ্ঠাপক হ'ল ৰাহুল বৰকটকী। এগৰাকী সামাজিক উদ্যোগী বৰকটকীয়ে সমগ্ৰ দক্ষিণ এছিয়াৰ কেইবাটাও উচ্চ প্ৰভাৱশালী সামাজিক উদ্যোগৰ সহ-প্ৰতিষ্ঠাপক আৰু মেণ্টৰিং কৰিছে। 
 
 লুইত ফেল'ৰ বাবে আবেদন জনোৱা এগৰাকী ছাত্ৰৰ ঘৰত অধ্যায়ৰ বিষয়া
 
স্বেচ্ছাসেৱী সংগঠনটোৰ আন এগৰাকী ট্ৰাষ্টী হ'ল অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি-বিশেষ শাখা) আৰু অসম লোক সেৱা আয়োগ(এপিএছচি)ৰ প্ৰাক্তন অধ্যক্ষ  পল্লব ভট্টাচাৰ্য। লুইত ফেল' প্ৰতিষ্ঠা হোৱাৰ পৰাই তেওঁ ইয়াৰ এক পথ প্ৰদৰ্শক হিচাপে জড়িত হৈ আছে। এই স্বেচ্চাসেৱী সংগঠনটোৰ আন এগৰাকী  মুখ্য ব্যক্তি হল ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ মহা প্ৰৱন্ধক সুষ্মিতা ফুকন। তেওঁ এই সংগঠনটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।