নামাজৰ বিনিময়ত মৰ্টন; তেজপুৰ বৰ মছজিদৰ অভিনৱ প্ৰয়াস

Story by  atv | Posted by  Munni Begum • 1 Years ago
তেজপুৰ বৰ মছজিদ
তেজপুৰ বৰ মছজিদ
আৰিফুল ইছলাম / গুৱাহাটী
 
মছজিদত নামাজ পঢ়িবলৈ গৈ আপুনি কেতিয়াবা কিবা উপহাৰ লাভ কৰিছেনে ? নিশ্চয় লাভ কৰা নাই। কিন্তু, অসমত এনে এটা মছজিদ আছে য'ত শিশুসকলক প্ৰত্যেক ৱাক্ত নামাজত উপহাৰ হিচাপে দিয়া হয় একোটাকৈ মৰ্টন চকলেট। শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ বৰ মছজিদত ১১ বছৰ তলৰ শিশুসকলক নামাজ পঢ়াৰ বিনিময়ত উপহাৰ হিচাপে মৰ্টন চকলেট আগবঢ়োৱা হয়।
 
যুৱ প্ৰজন্মক মছজিদৰ আধ্যাত্মিক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তেজপুৰ বৰ মছজিদ কমিটিয়ে এই অভিনৱ কৌশল অৱলম্বন কৰিছে। মছজিদত নামাজ পঢ়িবলৈ অহা শিশুৰ মাজত তেওঁলোকে মৰ্টন চকলেট বিতৰণ কৰি এক বিৰল নিদৰ্শন দাঙি ধৰিছে। শৈশৱৰে পৰা শিশুসকলৰ মনত যাতে নামাজৰ প্ৰতি আগ্ৰহ জন্মে আৰু মছজিদৰ সৈতে তেওঁলোকৰ এক সু-সম্পৰ্ক গঢ়ি উঠে, তাৰ প্ৰতি লক্ষ্য ৰাখি মছজিদ কৰ্তৃপক্ষই শিশুসকলৰ সৈতে বিভিন্ন বিষয়ত বাৰ্তালাপো কৰে।
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেজপুৰ বৰ মছজিদ কমিটিৰ সাধাৰণ সম্পাদক মহম্মদ ইছফাকুল হুছেইনে কয়; "মই প্ৰায়বোৰ মছজিদতে দেখিছো যে অৱসৰপ্ৰাপ্ত আৰু জ্যেষ্ঠ লোকসকলহে সাধাৰণতে মছজিদলৈ আহে। মছজিদৰ প্ৰতি শিশুসকলৰ কোনো আকৰ্ষণ নাই। শিশুসকল যদি মছজিদলৈ আহে, তেন্তে তেওঁলোকৰ মাজত কিছু ধৰ্মীয় চেতনা জাগিব আৰু মছজিদৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। মছজিদসমূহে সমাজ সংশোধন কৰে। যি উদ্দেশ্য লৈ মছজিদসমূহ প্ৰতিষ্ঠা কৰা হৈছিল বৰ্তমান সেই উদ্দেশ্যৰ পৰা মানুহ বিচলিত হৈছে। মছজিদসমূহ হৈছে একো একোটা শিক্ষা কেন্দ্ৰ।"
"নামাজ পঢ়িব অহা শিশুসকলক মছজিদৰ কাৰ্যালয়ত মাতি আনি দুই এটা কথা সোধা হয়। তেওঁলোকৰ লগত কমিটিৰ মানুহে বাৰ্তালাপ কৰে। পঢ়া-শুনাৰ খবৰ লোৱা হয়।  লগতে, মৰ্টন চকলেট দি ভাল ভাল কথা শিকোৱা হয়। যেনে, ঘৰত গৈ প্ৰথমে চালাম দিয়া, ডাঙৰক কিদৰে সন্মান কৰিব লাগে। ইয়াৰোপৰি আমি শিশুসকলক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ কাৰণে পদক্ষেপ হাতত ল'ব লাগিব। এতিয়া ৮-১০ জন শিশু মছজিদত নিয়মীয়াকৈ অহা আৰম্ভ কৰিছে", তেওঁ কয়। 
 
বৰ মছজিদৰ ভিতৰচৰা
 
উল্লেখ্য যে, তেজপুৰ বৰ মছজিদে গ্ৰহণ কৰা এই অভিনৱ পদক্ষেপক সকলোৱে একেমুখে প্ৰশংসা কৰিছে।  মছজিদ কৰ্তৃপক্ষৰ এই পদক্ষেপক চুবুৰীটোৰ অন্যান্য লোকসকলেও যথেষ্ট সঁহাৰি আগবঢ়োৱা দেখা গৈছে। আনকি স্থানীয় লোকসকলে প্ৰয়োজনত আৰ্থিক ভাৱেও সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। 
 
নামাজত অহা শিশুক মৰ্টন চকলেট দিয়া মুহূৰ্তত
 
"যিসকল শিশুৱে এমাহ নিয়মীয়াকৈ মছজিদত আহিব, তেওঁলোকক মৰ্টন দিয়া হৈছে। যিসকলে দুই ৱাক্ত নামাজ নিয়মীয়াকৈ এমাহ পঢ়িব, তেওঁলোকক একোটাকৈ স্কুল বেগ দিয়া হ'ব। তাৰ পিছত যিসকলে তিনি ৱাক্ত ফজৰ, মগৰীব আৰু ইশাৰ নামাজ নিয়মীয়াকৈ সম্পূৰ্ণ এমাহ মছজিদত পঢ়িব তেওঁলোকক এখন চাইকেল দিয়াৰ কথা চিন্তা-চৰ্চা কৰা হৈছে। সৰু সৰু শিশুসকলক একেৰাহে আমি সকলোবোৰ কথা শিকাব খোজা নাই। এতিয়া তেওঁলোকে নামাজ পঢ়া আৰম্ভ কৰিছে",তেওঁ কয়।
 
শিশুসকলৰ লগত মছজিদ কমিটিয়ে বাৰ্তালাপ কৰা মুহূৰ্তত
 
উল্লেখ্য যে, শিশুসকলৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্য লোৱা তেজপুৰ বৰ মছজিদ কমিটিয়ে সময়ে সময়ে শিশুসকলৰ মাজত চিত্ৰাংকণ  প্ৰতিযোগিতা আৰু অন্য প্ৰতিযোগিতাও আয়োজন কৰে।  ইছলাম ধৰ্মক লৈ বিভিন্ন সময়ত সমাজত বিভিন্ন নেতিবাচক বাৰ্তা বিয়পি থকাৰ সময়তে তেজপুৰ বৰ মছজিদ কমিটিয়ে দেশ আৰু সমাজৰ ভৱিষ্যত শিশুসকলৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে হাতত লোৱা ব্যতিক্ৰমী প্ৰচেষ্টা সমাজৰ বাবে নিশ্চয়কৈ আদৰণীয় দিশ।