নাৰ্গিছ, হাফিছা আৰু চাদিকৰ সাফল্যই মুছলমান সমাজৰ শিক্ষাক লৈ চলা বিতৰ্কৰ নতুন দিশ উন্মোচিত কৰিছে

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
নাৰ্গিছ চুলতানাক স্থানীয় লোকে তেওঁৰ বিদ্যালয়ত সম্বৰ্ধনা জনাইছে
নাৰ্গিছ চুলতানাক স্থানীয় লোকে তেওঁৰ বিদ্যালয়ত সম্বৰ্ধনা জনাইছে
মুন্নী বেগম / গুৱাহাটী
 
যি সময়ত মুছলমান যুৱতীয়ে হিজাব পিন্ধি শিক্ষানুষ্ঠানলৈ যোৱাক কেন্দ্ৰ কৰি দেশৰ বিভিন্ন প্ৰান্তত বিতৰ্কৰ সৃষ্টি হৈছে, তেনে সময়তে এগৰাকী মৌলনাৰ কন্যাৰ শৈক্ষিক সফলতাই অন্য এক দিশ উন্মোচিত কৰিছে। কেৱল দৰিদ্ৰতাই নহয় সমাজৰ বিভিন্ন প্ৰত্যাহ্বান নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মৌলনাৰ কন্যাগৰাকী হ’ল দৰং জিলাৰ দলগাৱৰ নাৰ্গিছ চুলতানা।  
 
২নং কছাৰী ভেটি টোপৰ বাসিন্দা চমছেৰ আলী আৰু নাচিৰা বেগমৰ দ্বিতীয় কন্যা নাৰ্গিছে অতি কষ্ট আৰু একাগ্ৰতাৰে নিয়মীয়াকৈ পঢ়া শুনা কৰি পৰিয়াল আৰু বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।  
আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নাৰ্গিছে কয়, "মই শিলগুৰি আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰী আছিলো। মই মোৰ সফলতাৰ বাবে বিদ্যালয়ৰ শিক্ষাগুৰুসকলক কৃতিত্ব দিব বিচাৰো। কিয়নো তেওঁলোকে মোক মোৰ শিক্ষা অব্যাহত ৰখাৰ লগতে ভাল ফলাফল প্ৰদৰ্শনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। তেওঁলোকে মোৰ আৰ্থিক অৱস্থাৰ কথা জানি নৱম আৰু দশম শ্ৰেণীলৈকে বিনামূলীয়াকৈ পঢ়াৰ সুযোগ প্ৰদান কৰিছিল আৰু প্ৰয়োজনীয় গাইড দি আহিছিল। তেওঁলোকে বিনামূলীয়াকৈ মোক গণিত বিষয়ত অতিৰিক্ত পাঠদান কৰোৱাইছিল। মই নিজেও নিশা ৫ৰ পৰা ৬ ঘণ্টা সময় অধ্যয়ন কৰিছিলো। যাৰ বাবে মই ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছো। মই সমাজ বিজ্ঞানত ৯৬, গণিতত ৯৫ অসমীয়াত ৯২ আৰু ইলেকটিভ বিষয়ত ৯০, ইংৰাজীত ৯০ আৰু সাধাৰণ বিজ্ঞানত ৭৮ নম্বৰসহ সৰ্বমুঠ ৫৪১ নম্বৰ লাভ কৰিছো।"
অতি পিছপৰা অঞ্চলত জন্ম গ্ৰহণ কৰা নাৰ্গিছে প্ৰাৰম্ভিক শিক্ষা গ্ৰহনৰ বাবে ঘৰৰ পৰা দৈনিক ৫-৬ কিঃমিঃ দূৰৰ বাট খোজকাঢ়ি অহা-যোৱা কৰাৰ লগতে নদী পাৰ হৈ বিদ্যালয়লৈ যাব লগীয়া হৈছিল।
 
নাৰ্গিছ চুলতানাৰ পিতৃ মৌলবী ছমচেৰ আলী আৰু (সোঁফালে) পৰিয়াল তথা ওচৰ চুবুৰীয়াৰ সৈতে নাৰ্গিছ চুলতানা
 
"মই অষ্টম শ্ৰেণীলৈ চৰকাৰীখণ্ডৰ বিদ্যালয়ত পঢ়া শুনা কৰিছিলো। বিদ্যালয়লৈ যোৱাৰ বাবে উপযুক্ত যাতায়তৰ ব্যৱস্থা নাছিল। জৰাজীৰ্ণ বাট পথৰে যোৱাৰ লগতে মই নদী পাৰ হৈ যাব লগীয়া হৈছিল। তাৰ পিছত মোক আনন্দৰাম বৰুৱা একাডেমীৰ ছাৰসকলে বিনামূলীয়াকৈ পঢ়াৰ সুযোগ দিছিল। ইয়াৰোপৰি তেওঁলোকে মোক হোজাইৰ আজমল কলেজত নামভৰ্তি কৰাৰ বাবেও আৰ্থিকভাৱে সহায় আগবঢ়াইছে। মোক এই ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকে সহায় আগবঢ়াইছিল। মই  আনন্দৰাম বৰুৱা একাডেমীৰ শিক্ষক শিক্ষয়ত্ৰীসকলৰ ওচৰত চিৰঋণী হৈ থাকিম। মই ভৱিষ্যতে এগৰাকী ডাক্তৰ হ’ব বিচাৰো। বিশেষকৈ স্ত্ৰী ৰোগ বিশেষজ্ঞ হ’ব বিচাৰো আৰু দুখীয়া লোক সকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াব বিচাৰো।" নাৰ্গিছে এইদৰে কয়। 
 
ইফালে, নাৰ্গিছৰ মাতৃ নাছিৰা খাতুনে কয়, "ৰাজ্যৰ অন্য বহু উন্নত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ তুলনাত নাৰ্গিছৰ ফলাফলক লৈ মই খুবেই সুখী। আমি নাৰ্গিছক পঢ়াৰ বাবে কোনো বিশেষ সুবিধা দিব পৰা নাছিলো। কিয়নো নাৰ্গিছৰ দেউতাক এখন মাদ্ৰাছাৰ মৌলনাৰ কাম কৰি আমাৰ পৰিয়ালৰ কোনোমতে পোহপাল দি আছে। তেনে ক্ষেত্ৰত নাৰ্গিছৰ পঢ়াৰ খৰচ বহন কৰাটো আমাৰ কাৰনে অসম্ভৱ আছিল। কিন্তু নাৰ্গিছক বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীসকলে পঢ়াৰ লগতে আৰ্থিক ভাৱেও যথেষ্ট সহায় কৰিছিল। যাৰ বাবে আজি তাই ভাল ফলাফল দেখুৱাব পাৰিছে।"
 
বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীৰ সৈতে নাৰ্গিছ চুলতানা
 
আনহাতে, দৰিদ্ৰতা যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হব নোৱাৰে এই কথাফাঁকিক সত্যত প্ৰতিপন্ন কৰিছে আব্দুছ চাদিকে। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বাসিন্দা আব্দুছ চামাত আৰু আছিয়া খাতুনৰ পুত্ৰ আব্দুছ চাদিকে পাচঁটাকৈ বিষয়ত লেটাৰ মাৰ্কলৈ সুখ্যাতিৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে। 
চাদিকে আৱাজ দ্যা ভইছক কয়,  "মই আৰ্থিকভাৱে অতি দুৰ্বল পৰিয়ালৰ লৰা। মোৰ দেউতাই ফেৰী কৰি কোনোমতে আমাৰ পৰিয়ালৰ উদৰ পুৰাই আছে। তেওঁলোকে মোক পঢ়াৰ ক্ষেত্ৰ বিশেষ সা-সুবিধা দিব পৰা নাছিল। সেয়েহে মোক ওচৰ-চুবুৰীয়া আৰু মোৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলে মোক যথেষ্ট সহায় আগবঢ়াইছে। যাৰ বাবে আজি মই ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছোঁ। মই সৰ্বমুঠ ৫৪৭ নম্বৰৰ ভিতৰত সমাজ বিজ্ঞানত ৯১, গণিতত ১০০, অসমীয়াত ৭২, উচ্চ গণিতত ১০০, ইংৰাজীত ৯৩ আৰু বিজ্ঞানত ৯১ নম্বৰ লাভ কৰিছো।"
বৰপেটাৰ গখিয়া হাইস্কুলৰ পৰা ৯০ শতাংশ নম্বৰ লাভ কৰা চাদিকে ভৱিষ্যতত এগৰাকী চিকিৎসক হব বিচাৰে আৰু দুখীয়া লোকক সহায়ৰ হাত আগবঢ়াব বিচাৰে।
 
হাফিজা বেগম আৰু (সোঁফালে) আব্দুছ চাদিক
 
একেদৰে, একাগ্ৰতাই যে উন্নয়নৰ মূল চাবিকাঠি তাকে প্ৰমাণিত কৰিছে আন এগৰাকী মেধাৱী ছাত্ৰী হাফিজা বেগমে। 
 
ই-ৰিক্সা চলক হাবিব উল্লাৰ কন্যা হাফিজাই আৱাজ দ্যা ভইছক কয় যে তেওঁ দলগাৱঁৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আর্থিকভাৱে দন্য পৰিয়ালত জন্ম গ্ৰহণ কৰা হাফিজাই ভৱিষতে এগৰাকী চিকিৎসক হোৱাৰ উপৰিও সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি কৰিব।