দেশত স্থাপন হব ১৫ হেজাৰ পি এম শ্রী স্কুল

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
ভুৱনেশ্বৰ
 
কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ অধীনত দেশত ১৫ হেজাৰ পি এম শ্রী স্কুল স্থাপন কৰিব। কেন্দ্রীয় শিক্ষা তথা দক্ষতা বিকাশ মন্ত্রী ধর্মেন্দ্র প্রধানে এই কথা সদৰী কৰিছে। উৰিষ্যাৰ ভুৱনেশ্বৰ আই আই টি চৌহদত এখন কেন্দ্ৰীয় বিদ্যালয়ৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণ প্ৰসংগত এই কথা সদৰী কৰিছে। 
 
মন্ত্ৰীগৰাকীয়ে কয় যে, আই আই টিসমূহত পর্যায়ক্রমে চাৰি বছৰীয়া বি এড পাঠ্যক্ৰমো আৰম্ভ কৰা হ'ব। শিক্ষকসকলক উপযুক্ত প্রশিক্ষণ প্ৰদানৰ লক্ষ্যৰে চৰকাৰে বি এডৰ পাঠ্যক্ৰম চাৰি বছৰীয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত মানবিশিষ্ট শিক্ষা ছাত্র-ছাত্রীসকলক প্ৰদান কৰাৰ লক্ষ্যৰে বি এডৰ পাঠ্যক্ৰমো চাৰি বছৰীয়া কৰি সেই অনুসৰি পাঠদানৰ ব্যৱস্থা কৰা হৈছে। 
পি এম শ্রী স্কুলৰ জৰিয়তে চৰকাৰে স্কুলীয়া শিক্ষাৰ এক নতুন গতি দিবলৈও চেষ্টা কৰা হৈছে। এই শ্ৰেণীৰ বিদ্যালয়ত অত্যাধুনিক সা-সুবিধা থাকিব আৰু তাৰ পৰা শিক্ষা গ্ৰহণ কৰি অহাসকল যথেষ্ট উপকৃত হ'ব। কেন্দ্ৰীয় চৰকাৰে পি এম শ্রী স্কুল সন্দৰ্ভত বিভিন্ন শ্ৰেণীৰ লোকৰ পৰা দিহা-পৰামৰ্শৰ বাবে আহ্বান কৰিছে। 
মন্ত্ৰীগৰাকীয়ে ভুৱনেশ্বৰৰ অনুষ্ঠানত অহা ২৫ বছৰ ভাৰতবৰ্ষৰ জ্ঞাননির্ভৰ অৰ্থনীতিৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ বুলি অভিহিত কৰে। কাৰণ দেশে এতিয়া স্বাধীনতাৰ ৭৫ বছৰৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে। কিন্তু অহা ২৫ বছৰত বিশ্বৰ প্রভাৱশালী দেশসমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ ভাৰতৰ জ্ঞাননির্ভৰ অর্থনীতি হিচাপে প্রতিষ্ঠা কৰিবলৈ লক্ষ্য স্থিৰ কৰি বাট বোলা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।