অসমৰ তিনিগৰাকী সাহিত্যিকলৈ সাহিত্য অকাডেমীৰ অনুবাদ সাহিত্য বঁটা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী 
 
অসমৰ তিনিগৰাকী অনুবাদকে লাভ কৰিলে ২০২১ বৰ্ষৰ সাহিত্য অকাডেমীৰ অনুবাদ সাহিত্য বঁটা। শুকুৰবাৰে সাহিত্য অকাডেমীৰ তৰফৰ পৰা কৰা ঘোষণা অনুযায়ী অসমীয়া, বড়ো আৰু নেপালী ভাষালৈ কৰা অনুবাদৰ বাবে এই বঁটাকেইটা লাভ কৰিছে যথাক্রমে পৰী হিলৈদাৰী, ইন্দিৰা বড়ো আৰু সঞ্জীৱ উপাধ্যায়ে। 
 
উল্লেখ্য যে অৰুণাচলৰ প্রখ্যাত সাহিত্যিক মামাং দাইৰ 'দা লিজেণ্ডছ অব্ পানছাম' নামৰ ইংৰাজী উপন্যাসখন ৰাজ্যৰ বিশিষ্ট সাহিত্যিক সমালোচক পৰী হিলৈদাৰীয়ে কৰা অসমীয়া ভাঙনি 'দাঁতিপাৰৰ মানুহ' এই বঁটাৰ বাবে বিবেচিত হোৱাৰ লগতে জয়ন্তী গগৈৰ অসমীয়া উপন্যাস “হিড়িম্বা' বড়ো ভাষালৈ অনুবাদ কৰি সাহিত্য অকাডেমীৰ সন্মান লাভ কৰিছে বড়ো ভাষাৰ সাহিত্যিক ইন্দিৰা বড়োৱে। আনহাতে বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঞিৰ বিখ্যাত উপন্যাস 'পিতা-পুত্ৰ'ৰ নেপালী ভাষালৈ অনূদিত গ্রন্থ 'বাবু ছোৰা'ৰ বাবে এই সম্মান লাভ কৰিছে সঞ্জীৱ উপাধ্যায়ে। 
অসমৰ তিনিগৰাকীকৈ অনুবাদকে সাহিত্য অকাডেমীৰ সন্ধান লাভ কৰি ৰাজ্যৰ সাহিত্য ক্ষেত্ৰক গৌৰৱান্বিত কৰা এই বঁটা প্ৰতিটোৰ সৈতে আছে ৫০ হেজাৰ টকাৰ উপৰি বিশেষ মানপত্র। উল্লেখ্য যে মামাং দাই ৰচিত আৰু পৰী হিলৈদাৰী অনূদিত 'দাঁতিপাৰৰ মানুহ'ত গভীৰ মানৱীয় অনুভৱবোৰ সিক্ত হৈ উঠা পাহাৰীয়া জনজীৱনক ভাস্বৰ কৰি তোলা হৈছে। গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে ৰশ্মি প্রকাশে। 
স্মৰ্তব্য যে ২০১১ বৰ্ষৰ অনুবাদ সাহিত্যৰ বঁটাৰ বাবে সাহিত্য অকাডেমীয়ে ২২ টা ভাৰতীয় আঞ্চলিক ভাষাৰ মুঠ ২৩ গৰাকী অনুবাদকক বাছনি কৰাৰ কথা শুকুৰবাৰে ঘোষণা কৰিছে। অৱশ্যে মৈথিলী আৰু ৰাজস্থানী ভাষাৰ বাবে বঁটা দুটা পৰৱৰ্তী সময়ত ঘোষণা কৰিব বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে সাহিত্য অকাডেমীয়ে জানিবলৈ দিছে।