৩০ নৱেম্বৰত প্ৰথমবাৰলৈ ছাত্রক প্রদান কৰা হ'ব স্কুটি

Story by  atv | Posted by  Munni Begum • 1 Years ago
৩০ নৱেম্বৰত প্ৰথমবাৰলৈ ছাত্রক প্রদান কৰা হ'ব স্কুটি
৩০ নৱেম্বৰত প্ৰথমবাৰলৈ ছাত্রক প্রদান কৰা হ'ব স্কুটি
গুৱাহাটী 
 
অহা ৩০ নৱেম্বৰত ৰাজ্যত প্ৰথমবাৰৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ ছাত্রক প্রদান কৰা হ'ব স্কুটি। মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই  মংগলবাৰে ছয়গাঁৱত এই কথা ঘোষণা কৰিছে। 
 
মুখ্যমন্ত্রী শৰ্মাই কয়, "অহা ৩০ নৱেম্বৰত পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীর্ণ ছাত্ৰসকলক প্ৰথমবাৰৰ বাবে স্কুটি প্রদান প্রক্রিয়া আৰম্ভ কৰা হ'ব।"
উল্লেখযোগ্য যে ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰক এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হ'ব স্কুটি। ইপিনে অহা বৰ্ষত ৰাজ্যত নতুনকৈ স্থাপন হ'বলগা ২৫ খন মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য আৰম্ভ হ'ব। বহু কলেজত বিজ্ঞান, কলা আৰু বাণিজ্য শাখা আৰম্ভ কৰা হ'ব। 
মুখ্যমন্ত্রী শৰ্মাই কয়, "আমাৰ লক্ষ্য হৈছে প্রতিজন ছাত্র-ছাত্রীয়ে যাতে উচ্চ শিক্ষাৰ সৈতে নিজক সংযোজিত কৰিব পাৰে। তাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে।"
 
উল্লেখযোগ্য যে বিগত বৰ্ষবোৰত উচ্চতৰ মাধ্যমিকত ৬০ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰীসকলক প্ৰদান কৰা হৈছিল স্কুটি। এইবাৰ ছাত্ৰীৰ লগতে ছাত্ৰকো প্ৰদান কৰা হব স্কুটি।