কাশ্মীৰত ঘৰে ঘৰে পুথিভঁৰাল স্থাপন কৰাৰ অভিলাষী প্ৰয়াস চিৰাজুদ্দিন খানৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
চিৰাজুদ্দিন খান
চিৰাজুদ্দিন খান

 

মলিক আসগৰ হাছমী / নতুন দিল্লী

 

ইংলেণ্ড আৰু মহাৰাষ্ট্ৰৰ এখন পুথিভঁৰাল গাঁৱৰদ্বাৰা অনুপ্ৰাণিত হৈ কাশ্মীৰৰ এগৰাকী যুৱক চিৰাজুদ্দিন খানে উত্তৰ কাশ্মীৰৰ বান্দিপুৰ জিলাত ২২টাতকৈও অধিক ঘৰত পুথিভঁৰাল স্থাপন কৰিছে। প্ৰায় ৫০০ লোকে বসবাস কৰা চিৰাজুদ্দিন খানৰ জন্মভূমি গাঁও আৰগামত প্ৰায় ১০০ টা ঘৰ আছে।

 

পুনেৰ সঞ্জয় নাহৰে পৰিচালনা কৰা এক বেচৰকাৰী সংগঠন চৰহদ ফাউণ্ডেচনত চিৰাজুদ্দিন খানে ডাঙৰ-দীঘল হৈছিল। যিটোৱে  কাশ্মীৰীত সন্ত্ৰাসবাদীৰ বলি হোৱা বহু ল'ৰা আৰু ছোৱালীৰ শিক্ষাৰ দিশত সহায়ৰ হাত আগবঢ়াই  আহিছে।   

 

নতুন দিল্লীত চলি থকা বিশ্ব গ্ৰন্থমেলাত চৰহদ ফাউণ্ডেচনৰ কিতাপৰ বিপণিত  আৱাজ-দ্য ভইচ’ৰ সৈতে হোৱা কথোপকথনত চিৰাজুদ্দিনে কয়, "কিতাপবোৰে আপোনাৰ দৃষ্টিভংগী স্পষ্ট কৰে। জ্ঞানে আপোনাক জানিবলৈ দিয়ে যে আপুনি ক'ত থিয় হৈছে আৰু আপুনি কি কৰিব পাৰে।"

 

ইতিহাসত পিএইচডি ডিগ্ৰী লাভ কৰি থকা চিৰাজুদ্দিনে কয় যে 'লাইব্ৰেৰী ভিলেজ'ৰ ধাৰণাটো ইংলেণ্ডৰ। যেতিয়া তেওঁ এই ধাৰণাটো নিজৰ ঠাইত অনুসৰণ কৰা আৰম্ভ কৰিছিল, সেই সময়ত সমগ্ৰ বিশ্ব ক’ভিড-মহামাৰীৰ ত্ৰাসত আছিল।

 

কিছু সময়ৰ পিছত, তেওঁ খবৰ লাভ কৰিছিল যে মহাৰাষ্ট্ৰৰ বেলাৰ গাঁৱত এখন 'ভিলেজ লাইব্ৰেৰী' খোলা হৈছে আৰু সেই পুথিভঁৰালটো ৰাজ্য চৰকাৰৰ সহায়ত মুকলি কৰা হৈছিল। চিৰাজুদ্দিনে তেওঁৰ জন্মভূমিত আৰম্ভ কৰা প্ৰকল্পটোক নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া (এনবিটি) আৰু জম্মু আৰু কাশ্মীৰ চৰকাৰে সমৰ্থন জনাইছে। ইয়াৰ ফলস্বৰূপে যোৱা দুমাহত তেওঁ আৰগামৰ ১০০ টা ঘৰৰ ২২ টাতকৈও অধিক ঘৰত পুথিভঁৰাল স্থাপন কৰিছিল।

 

'হৰ ঘৰ লাইব্ৰেৰী'ৰ আঁৰত চিৰাজুদ্দিনৰ ধাৰণাটো হ'ল যে প্ৰতিটো পৰিয়ালৰ এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত কিতাপ সংগ্ৰহ থাকিব লাগে। যাতে গাওঁবাসীয়ে তথ্য আৰু ধাৰণা আৰু আনকি কিতাপৰ আদান-প্ৰদানৰ বাবে ইজনে সিজনক সাক্ষাৎ কৰিব পাৰে।

 

নতুন দিল্লীত অনুষ্ঠিত হৈ থকা বিশ্ব গ্ৰন্থমেলা

তেওঁ কয় যে এই পদক্ষেপে কেৱল গাওঁবাসীৰ ঐক্য বৃদ্ধি কৰাই নহয়, তেওঁলোকক তেওঁলোকৰ উমৈহতীয়া সমস্যাৰ সমাধান বিচাৰি উলিওৱাত একত্ৰিত কৰাত সহায় কৰিব। কিয়নো তেওঁলোকে নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বাস কৰে।

 

চুবুৰীয়া কুপৱাৰাৰ এখন গাওঁ হেলমাতপোৰাৰ ২৬ বছৰীয়া মুবাশ্বিৰ মুস্তাকৰ সৈতে চিৰাজুদ্দিনে কৰা প্ৰচাৰ অভিযানে যুৱসকলৰ চিন্তাধাৰাত পৰিৱৰ্তন আনিছে। তেওঁলোকক চিন্তাৰ বাবে খোৰাক প্ৰদান কৰিছে আৰু তেওঁলোকক তেওঁলোকৰ ভৱিষ্যতৰ ওপৰত মনোনিৱেশ কৰিবলৈ বাধ্য কৰিছে। চিৰাজুদ্দিনে কয় যে, চৰকাৰে সকলোকে চাকৰি প্ৰদান কৰাৰ অৱস্থাত নাই। সেয়েহে সকলোকে আত্ম-সহায়ৰ প্ৰয়োজন আছে আৰু তেওঁ এই মন্ত্ৰ অনুসৰণ কৰি আহিছে।

 

চৰহদ ফাউণ্ডেশ্যনৰ সহায়ত শেহতীয়াকৈ তেওঁ পুনেস্থিত ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যালয়ত এল অ’ চিৰ সমীপৰ গাঁৱৰ ২৫ গৰাকী ছোৱালীক ইংৰাজী, কম্পিউটাৰ ইত্যাদি শিকাইছে। এই ছোৱালীকেইজনীয়ে ‘ট্ৰেইন দ্য ট্ৰেইনাৰ’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। যি কেইগৰাকীয়ে ঘৰলৈ উভতি অহি আনক সহায় কৰিব।

 

তেওঁ কয় যে তেওঁৰ গাওঁৰ প্ৰতিটো ঘৰত পুথিভঁৰাল থকাৰ প্ৰচাৰ সমাপ্ত কৰাৰ পিছত, তেওঁ কাশ্মীৰক "জ্ঞানৰ উপত্যকা" লৈ পৰিণত কৰিবলৈ আন গাওঁবোৰত কাম কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ প্ৰকৃত নায়কসকলৰ বিষয়ে জনজাগৰণ বৃদ্ধি কৰিবলৈ জম্মু আৰু কাশ্মীৰকে ধৰি বিশিষ্ট ৰাষ্ট্ৰীয় ব্যক্তিসকলৰ ৰঙীন ছবি বিদ্যালয় আৰু মহাবিদ্যালয়ৰ দেৱালত উলমাই থোৱাৰ পৰিকল্পনাও কৰিছে।

 

মুবাশ্বিৰ মুস্তাকৰ 'লেটচ  টকলাইব্ৰেৰী' 

আনহাতে, ক’ভিড-১৯ লকডাউনৰ সময়ত পঢ়িবলৈ কিবা বিচাৰি পোৱাৰ হতাশাৰ ফলত হেলমাটপোৰাত মুবাশ্বিৰ মুস্তাকৰ অভিযান আৰম্ভ হৈছিল। তেওঁ ইয়াৰ পৰা ১০০ কিলোমিটাৰ দূৰত শ্ৰীনগৰলৈ আহিব লগা হৈছিল আৰু যাৰ বাবেই তেওঁ ঘৰত পুথিভঁৰাল থকাৰ গুৰুত্ব উপলব্ধি কৰিছিল।  

 

মুবাশ্বিৰে তেওঁৰ বন্ধু বৰ্গ আৰু আত্মীয়সকলৰ সহায়ত কিতাপ দান কৰিছিল আৰু গাওঁখনত এটা পুথিভঁৰাল স্থাপন কৰিছিল। তেওঁ প্ৰায় ২০০০ কিতাপ সংগ্ৰহ কৰিছিল আৰু তেওঁৰ ঘৰৰ ১৪ x ১০ মিটাৰৰ এটা কোঠাত পুথিভঁৰাল মুকলি কৰিছিল। পুথিভঁৰালটোত কাল্পনীক কাহিনী আৰু স্ব-সহায়ক কিতাপ আৰু লগতে আলোচনী আছে। যিবোৰ  ইউপিএছচি, এনইইটি আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰে।

 

মুবাশ্বিৰে সংবাদ মাধ্যমক কৈছিল যে যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে তেওঁৰ পৰিয়ালক পুথিভঁৰাল খোলাৰ বিষয়ে কৈছিল, সকলোৱে তেওঁক দেখি হাঁহিছিল। অৱশ্যে, আজি তেওঁৰ পৰিয়ালৰ সকলো সদস্য তেওঁৰ অংশীদাৰ। তেওঁৰ ঘৰত সদায়ে ৰাতিপুৱা আৰু সন্ধিয়া কিতাপ প্ৰেমীসকলৰ 'লেটচ  টক লাইব্ৰেৰী' ব্যৱহাৰ কৰাৰ বাবে এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

 

তেওঁ কয় যে বেছিভাগ পাঠকে ৰবাৰ্ট কিয়োছকিৰ ‘ৰিচ্ছ ডেডী পোৰ ডেড’ত ধনী হোৱাৰ মন্ত্ৰ ব্যাখ্যা কৰা বিশ্ববাসীৰ সমাদৰ লাভ কৰা গ্ৰন্থখন বাছি লয়। কাশ্মীৰ উপত্যকাৰ এজন আগশাৰীৰ গ্ৰন্থবিক্ৰেতা গুলশ্বান বুকছৰ স্বত্বাধিকাৰী শ্বেখ এজাজ আহমেদে কয়, "এই কিতাপবোৰৰ বেছিভাগ গ্ৰাহক মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু বিদ্যালয়ৰ শিশু।“