শিক্ষাৰ্থীৰ বাবে বিশেষ ছয়মহীয়া পৰীক্ষাৰ সিদ্ধান্ত ছেবাৰ

Story by  atv | Posted by  Munni Begum • 2 Years ago
 শিক্ষাৰ্থী
শিক্ষাৰ্থী
গুৱাহাটী
 
অক্টোবৰ মাহত অনুষ্ঠিত হোৱা ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ হব নোৱাৰা নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)।
 
বোৰ্ডে এক জাননীত প্ৰকাশ কৰে  যে বিদ্যালয়সমূহে অক্টোবৰত অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা শিক্ষাৰ্থীসকলৰ সকলৰ বাবে বোৰ্ডে বিদ্যালয়সমূহক চলিত বৰ্ষৰ ১৫ ডিচেম্বৰৰ ভিতৰত পৰীক্ষা সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।
 
বিশেষ ছমহীয়া পৰীক্ষাৰ শিক্ষাৰ্থীসকলৰ শ্ৰেণী অনুসৰি তেওঁলোকৰ নম্বৰৰ লগতে অন্যান্য ৰেকৰ্ডবোৰ অনলাইন পৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব। শিক্ষাৰ্থীসকলে পূৰ্বৰ ছমহীয়া পৰীক্ষাৰো ৰেকৰ্ডো এই পৰ্টেলত অন্তৰ্ভুক্ত কৰিব লাগিব।
 
এছ.ই.বি.এ.-ৰ অধিসূচনাত প্ৰাকাশ কৰা হৈছে যে বিদ্যালয়সমূহ নিশ্চিত হ'ব লাগে যে যদি দশম শ্ৰেণীৰ কোনো শিক্ষাৰ্থীয়ে পুনৰ বিশেষ ছয়মহীয়া পৰীক্ষাত অৱতীৰ্ণ নহয়। তেন্তে তেওঁলোকক পৰৱৰ্তী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ অনলাইন প্ৰপত্ৰ পূৰণ কৰিবলৈ অনুমতি প্ৰদান কৰা নহ'ব।