চুপাৰ চিনিয়ৰ সংস্কৃতি নাইকিয়া হ'ব, ৰেগিং কাণ্ডকলৈ সৰৱ মুখ্যমন্ত্ৰী

Story by  atv | Posted by  [email protected] • 1 Years ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী 
 
মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকিব নোৱাৰিব প্ৰাক্তন ছাত্ৰ-ছাত্ৰী(চুপাৰ চিনিয়ৰ)। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ঙ্কৰ ৰেগিং কাণ্ডৰ পাছত কঠোৰ পদক্ষেপ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। 
 
 
অসমৰ প্ৰত্যেকখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰবাসত যাতে প্ৰাক্তন ছাত্ৰ থাকিব নোৱাৰে তাৰবাবে অসম চৰকাৰে চলাব অভিযান। এই পদক্ষেপ গ্ৰহণ কৰিলে ৬০% ৰেগিং কমি যাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। 
 
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়; "আৰক্ষী আৰু মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই একেলগে কাম কৰিলে ৰেগিং নাইকিয়া হৈ যাব। মাজতে একেবাৰে ৰেগিং নাছিল। পুনৰ ৰেগিং কাণ্ড যিহেতু আৰম্ভ হৈছে, ইয়াক আমি কঠোৰ হাতেৰে দমন কৰিম।"