স্কুল বাছ চলাচলত নতুন নিয়ম প্ৰৱৰ্তন উচ্চতম ন্যায়ালয়ৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
 উচ্চতম ন্যায়ালয়ৰ প্ৰতিনিধিত্বমুলক ফটো
উচ্চতম ন্যায়ালয়ৰ প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে স্কুল বাছসমূহৰ ক্ষেত্ৰত নির্দিষ্ট কিছু নীতি-নিয়ম বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে যাৱতীয় কিছু ব্যৱস্থা ল'বলৈ স্কুল কর্তৃপক্ষসমূহলৈ জাননী জাৰি কৰিছে। এই লৈ পৰিবহণ বিভাগে শনিবাৰে এখন বৈঠকতো মিলিত হয়। 
 
উল্লেখ্য যে স্কুল বাছসমূহৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ স্বাৰ্থতে উচ্চতম ন্যায়ালয় কঠোৰ হৈছিল। পৰিবহণ বিভাগৰ জিলা বিষয়াবৰ্গই স্কুল কর্তৃপক্ষলৈ জাৰি কৰা নতুন নীতি-নিয়ম অনুসৰি, এতিয়াৰ পৰা প্ৰতিখন স্কুল বাছৰ ৰং হালধীয়া হ'ব লাগিব। বাছত চি চি টিভি সংযোজন আৰু জি পি এছ থকাটো বাধ্যতামূলক হ'ব। প্ৰতিখন বাছতে থাকিব লাগিব এগৰাকীকৈ মহিলা সহায়ক। বাছৰ চালকৰ পাঁচ বছৰ বাহন চালক হিচাপে অভিজ্ঞতা থকা বাধ্যতামূলক।তদুপৰি বাছৰ গতিবেগ ৪০ কিলোমিটাৰতকৈ অধিক হ'ব নোৱাৰিব। ইপিনে, ছাত্র-ছাত্রী বাছত থকা অৱস্থাত চাৰিচকীয়া বাহন অ'ভাৰটেক কৰা নিষেধ। 
ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবেই এই পদক্ষেপ লোৱাৰ কথা জানিবলৈ দি পৰিবহণ বিভাগৰ বিষয়াবৰ্গই কয় যে চি চি টিভি সংযোজন কৰাৰ ফলত বাছৰ দুৰ্ঘটনা হ'লে তাৰ সাক্ষ্য ওলাব। আনহাতে, বাছত মহিলা সহায়ক থাকিলে ছাত্রীসকলে সকাহ পাব। 
উল্লেখ্য যে ছাত্র-ছাত্রী অনা-নিয়াৰ কামত ব্যৱহৃত ব্যক্তিগত বাহনসমূহৰ ৰঙো হালধীয়া কৰাৰ নিৰ্দেশ দিয়াৰ লগতে আন কেতবোৰ নীতি-নিয়ম মানি চলিব লাগিব বুলি কোৱা হৈছে। সেইমৰ্মে ছাত্র-ছাত্রী কঢ়িওৱাত ব্যৱহৃত প্রতিখন ব্যক্তিগত বাহনৰ গৰাকীয়ে স্কুল কর্তৃপক্ষৰ পৰা যাৱতীয় অনুমোদনসহ সকলো নীতি-নিয়ম মানি চলাটো বাধ্যতামূলক হ'ব।