ভাৰতত প্ৰথমগৰাকী ৰহিংগা স্নাতক তাছমিদা জহৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
তাছমিদা জহৰ
তাছমিদা জহৰ

 

নতুন দিল্লী

 

ম্যানমাৰৰ পৰা বাংলাদেশ আৰু তাৰ পিচত ভাৰতৰ শৰণাৰ্থী শিবিৰত থকা ৰহিংগা যুৱতী ২৬ বছৰীয়া তাছমিদা জহৰ হ'ল ভাৰতত প্ৰথমগৰাকী ৰহিংগা স্নাতক।

 

উচ্চ শিক্ষাৰে শিক্ষিত হ'বলৈ তেওঁ আৰম্ভ কৰা সংগ্ৰামৰ বাবে দেশ ত্যাগ কৰি পিচত নাম সলনি কৰিবলৈ বাধ্য হৈছিল। শেহতীয়াকৈ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা তাছমিদা উচ্চ শিক্ষাৰ বাবে কানাডালৈ যাব।

 

তাছমিদাৰ প্ৰকৃত নাম আছিল তছমিনা ফাতিমা। কিন্তু ৰহিংগা শৰণাৰ্থীৰ পৰিচয়েৰে প্ৰতিষ্ঠা লাভৰ পথ কঠিন হোৱাত তেওঁ নিজৰ নাম সলনি কৰিবলৈ বাধ্য হয়।