আজি হবলগীয়া মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষা বাতিল ছেবাৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী 
 
যোৱানিশা ১২ বজাত মাধ্যমিক শিক্ষা পৰিষদ, অসমে (ছেবা) অকস্মাতে বাতিল কৰিছে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা। আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'বলগা আছিল এই সাধাৰণ বিজ্ঞানৰ পৰীক্ষা।   
 
ছেবাৰ পৰীক্ষা নিয়ন্ত্রক এন জে শৰ্মাই জাৰি কৰা এক নিৰ্দেশনা অনুসৰি দেওবাৰে সন্ধিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ হাতে লিখা আৰ্হি প্ৰশ্নকাকত একাংশ সংবাদ মাধ্যমত ফাদিল হৈ পৰাত সোমবাৰে পুৱা হ'বলগীয়া বিজ্ঞানৰ পৰীক্ষা ছেবাই বাতিল কৰিছে। 
ছেবাৰ নিৰ্দেশনাটোৰ মতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কিছুসংখ্যক পৰীক্ষাৰ্থীৰ হাতত দেওবাৰে সন্ধিয়া এই প্রশ্নকাকত উপলব্ধ হৈ পৰে আৰু ই সামাজিক মাধ্যমতো বিস্তৃতভাৱে প্ৰচাৰিত হয়। ম'বাইলে ম'বাইলে ভাইৰেল হৈ পৰে বিজ্ঞানৰ প্ৰশ্নকাকত। যাৰ পৰিপ্ৰেক্ষিতত কাইলৈ হ'বলগা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা ছেবাই বাতিল কৰিছে আৰু পৰৱৰ্তী সময়ত এই পৰীক্ষা হ'বলগা দিন ঘোষণা কৰিব বুলি জানিবলৈ দিছে।