আনন্দৰাম বৰুৱা বঁটাৰ বাবে বাজেটত পুঁজি নাই

Story by  atv | Posted by  Munni Begum • 1 Years ago
ৰণোজ পেগু
ৰণোজ পেগু
গুৱাহাটী
 
এইবাৰৰ পৰা নাথাকিব আনন্দৰাম বৰুৱা বঁটা। মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে থকা এই বঁটা এইবাৰৰ পৰা নাথাকে বুলি সদৰী কৰিছে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে। পেগুৱে কয় যে আনন্দৰাম বৰুৱা বঁটাৰ বাবে বাজেট পুঁজি ধাৰ্য কৰা হোৱা নাই। 
 
উল্লেখযোগ্য যে অসম চৰকাৰে ২০০৫ চনত আনন্দৰাম বৰুৱা বঁটা ঘোষণা কৰিছিল। এই বঁটা অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীর্ণ ছাত্র-ছাত্রীসকলক লেপটপ বা লেপটপৰ সলনি নগদ ধন প্ৰদান কৰি আহিছিল। কিন্তু বৃহস্পতিবাৰে শিক্ষা মন্ত্ৰীৰ ঘোষণাত এই কথা স্পষ্ট হ'ল যে এইবাৰ মেট্ৰিক পৰীক্ষাত ভাল ফলাফল লাভ কৰা ছাত্ৰ ছত্ৰীয়ে লাভ নকৰে লেপটপ। 
শিক্ষা মন্ত্ৰী পেণ্ডৰ মতে চৰকাৰে আনন্দৰাম বৰুৱা বঁটাৰ পৰিবৰ্তে যিসমূহ বিদ্যালয়ে একেৰাহে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, তেনে বিদ্যালয়সমূহকহে চৰকাৰে বিশেষ অনুদান দিয়াৰ চিন্তা-চৰ্চা কৰিছে। এইবাৰ ৫০০ খন বিদ্যালয়ে ভাল ফলাফল প্ৰদৰ্শন কৰাৰ বিপৰীতে ১০৪ খন বিদ্যালয়ৰ ফলাফল বেয়া বুলিও তেওঁ উল্লেখ কৰিছে।
অহাবাৰ গুণোৎসৱ আগুৱাই দিয়া হ'ব বুলি উল্লেখ কৰি মন্ত্ৰী পেণ্ডৱে কয় যে গুণোৎসৱৰ ফলাফল এতিয়াও ঘোষণা কৰিবলৈ বাকী আছে। বানপানী হোৱাৰ বাবে কিছুমান জিলাত গুণোৎসৱ অনুষ্ঠিত কৰিব পৰা নাই। কিছুদিনৰ পিচতেই সেই জিলাসমূহত গুণোৎসৱ আৰম্ভ হ'ব। অহা নৱেম্বৰ মাহত গুণোৎসৱ আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে।