জুনিয়ৰক ৰেগিং কৰি বহিষ্কৃত অসম চিকিৎসা মহাবিদ্যালয়ৰ দুই ছাত্ৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
অসম চিকিৎসা মহাবিদ্যালয়
অসম চিকিৎসা মহাবিদ্যালয়
গুৱাহাটী 
 
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ পিছত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ৰেগিং কাণ্ড।
 
এই গোচৰত দুগৰাকী স্নাতকোত্তৰ ছাত্ৰক দোষী সাব্যস্ত কৰা হৈছে। তথ্য অনুসৰি, স্নাতকোত্তৰ ছাত্ৰ দুজনে এজন কনিষ্ঠ স্নাতকোত্তৰ ছাত্ৰক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। য'ত এক গুৰুতৰ অসৎ আচৰণ আৰু কলেজৰ নিয়ম-নীতি উলংঘা কৰা হৈছে। 
 
ছাত্ৰ-ছাত্ৰীক শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে হাৰাশাস্তি কৰাৰ অভিযোগৰ লগতে দোষী দুজন ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অৰ্থপেডিক বিভাগৰ অন্তৰ্গত আছিল বেচ ২০২১-২২ৰ ডাঃ সয়ন মুখাৰ্জী আৰু বেচ ২০২১-২২ৰ ডাঃ সাকেট চাৰাফ।
এণ্টি ৰেগিং কমিটীৰ পৰামৰ্শ মতে ছাত্ৰ দুজনৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ছমাহৰ বাবে শ্ৰেণী আৰু শৈক্ষিক বিশেষাধিকাৰৰ পৰা নিলম্বন কৰা হৈছে। তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ হোষ্টেলৰ পৰাও বহিষ্কাৰ কৰা হৈছে।
উল্লেখযোগ্য যে, ২৬ নৱেম্বৰত পিএনজিবি হোষ্টেলত বাস কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আমগুৰিৰ আনন্দ শৰ্মা এখন হোষ্টেলত জ্যেষ্ঠসকলৰ ৰেগিঙৰ অভিযোগৰ বলি হৈছে। ৰেগিঙৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ শৰ্মাই দুমহলীয়া হোষ্টেল ভৱনৰ পৰা জপিয়াইছিল আৰু পিছত তেওঁ গুৰুতৰভাৱে আহত হৈছিল। 
 
ডিব্ৰুগড়ৰ আদিত্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু পিছত তেওঁক আই চি ইউলৈ স্থানান্তৰ কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৰেগিঙৰ ভূমিকাৰ বাবে ১৮ জন ছাত্ৰ-ছাত্ৰীক বহিষ্কাৰ কৰিছিল। যাৰ ফলত প্ৰথম ষান্মাসিকৰ ছাত্ৰজনে হোষ্টেল ভৱনৰ পৰা জপিয়াই দিছিল।