দেশে 'আত্মনিৰ্ভৰ ভাৰত'ৰ লক্ষ্যত উপনীত হোৱাত বিশ্ববিদ্যালয়সমূহে মুখ্য ভূমিকা গ্ৰহণ কৰা উচিতঃ ৰামনাথ কোবিন্দ

Story by  atv | Posted by  [email protected] • 1 Years ago
ইউ এছ টি এম-ত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ
ইউ এছ টি এম-ত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ
 
আৱাজ দ্য ভইচ / গুৱাহাটী

দেশৰ বিশ্ববিদ্যালয়সমূহ উদ্ভাৱনীমূলক চিন্তাৰ কেন্দ্ৰবিন্দু হোৱা উচিত। দক্ষতা বিকাশ, আত্মনিৰ্ভৰ ভাৰত, মেক ইন ইণ্ডিয়া আদিৰ দৰে দেশৰ প্ৰধান লক্ষ্যসমূহ পূৰণৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়সমূহে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগে। এই মন্তব্য আগবঢ়াইছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। 
 
বৃহস্পতিবাৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় মেঘালয় (USTM)ৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত “আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা” বিষয়ক ৩ দিনীয়া উপাচাৰ্যৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো আয়োজন কৰাৰ বাবে এআইইউ আৰু ইউএছটিএমৰ শলাগ লৈ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয়, “আমাৰ বিশ্ববিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীসকলক সু-নাগৰিক হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰা উচিত। শিক্ষা ব্যৱস্থাৰ শীৰ্ষত থকাৰ বাবে বিশ্ববিদ্যালয়সমূহে বিশ্বব্যাপী দৃষ্টিভংগী ৰাখিবলৈ চেষ্টা কৰা উচিত। এ আই ইউয়ে সক্ৰিয় অংশীদাৰৰ ভূমিকা পালন কৰিব লাগে। পৰিৱৰ্তনশীল উচ্চ শিক্ষাৰ বাবে সকলো অংশীদাৰৰ সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন আছে। দেশৰ বিশ্ববিদ্যালয়সমূহ উদ্ভাৱনীমূলক চিন্তাৰো কেন্দ্ৰবিন্দু হোৱা উচিত। দক্ষতা বিকাশ, আত্মনিৰ্ভৰ ভাৰত, মেক ইন ইণ্ডিয়া আদিৰ দৰে দেশৰ প্ৰধান লক্ষ্যসমূহ পূৰণৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়সমূহে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগে।"
 
 
 
অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ ড০ বিবেক দেবৰয়, অসমৰ শিক্ষামন্ত্ৰী ড০ ৰনোজ পেগুৰ লগতে ভাৰত আৰু বিদেশৰ ৫০০ শতাধিক উপাচাৰ্য আৰু আই আই টি-আই আই এছ চি-এন আই টিৰ সঞ্চালকসকল। দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ এই সন্মানীয় শৈক্ষিক অনুষ্ঠানটো এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ (এআইইউ)ৰ উদ্যোগত আৰু ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি মেঘালয় (USTM)ৰ সহযোগত ২৩ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ আয়োজন কৰা হৈছে।
 
 
উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় ইউএছটিএমৰ চ্যান্সেলৰ মাহবুবুল হকে। এ আই ইউ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি হকে কয়, “আমাৰ এক বিশ্বমানৰ পৰিকল্পনা আছে। আমি বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলকভাৱে কাম কৰিম। আমি বিশ্বাস কৰোঁ যে ভাল মানৱ সম্পদ উৎপাদন কৰিলেহে দেশ শক্তিশালী হ’ব”।
 
এ আই ইউৰ মহাসচিব ড০ পংকজ মিট্টালে এ আই ইউৰ ভূমিকা আৰু উপাচাৰ্য সন্মিলনৰ উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে।  অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড০ ৰানোজ পেগুৱে সন্মিলনৰ উদ্বোধনী অধিৱেশনত বিশেষ ভাষণ প্ৰদান কৰে। আত্মনিৰ্ভৰ ভাৰত সৃষ্টিৰ বাবে তেওঁ কৰ্মসংস্থাপন সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এ আই ইউৰ প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা প্ৰদান কৰি পদ্মশ্ৰী ড০ বিবেক দেৱৰয়ে কয় যে, “উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান এখন কাৰ্যক্ষম হ’বলৈ হ’লে নামভৰ্তিৰ এক নিৰ্দিষ্ট মানদণ্ডৰ স্তৰ থাকিব লাগিব।” ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ কথা উল্লেখ কৰি তেওঁ কয় যে আমি ভাৰতৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ বাবে এটা নতুন চিন্তা কৰাৰ সময় আহি পৰিছে। 
 
সভাপতিৰ ভাষণত এআইইউৰ সভাপতি আৰু কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক সুৰঞ্জন দাসে কয়, “তথ্যপূৰ্ণ পাঠ্যক্ৰমৰ পৰা গঠনমূলক আৰু পৰিৱৰ্তনশীল পাঠ্যক্ৰমলৈ পৰিৱৰ্তন হোৱাটো প্ৰয়োজন। তেওঁ অংশগ্ৰহণমূলক শিক্ষা ব’ৰ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এতিয়া প্ৰত্যাহ্বান হৈছে আমাৰ উচ্চ শিক্ষানুষ্ঠানসমূহক শিক্ষকতাৰ আসনৰ পৰা শিক্ষণৰ আসনলৈ ৰূপান্তৰ কৰা।”
তেওঁ কয় যে গৱেষণা প্ৰতিষ্ঠান আৰু সমাজৰ মাজত সহযোগিতামূলক কাম হ’ব লাগিব। বিদেশী আৰু ভাৰতীয় প্রতিষ্ঠানৰ মাজত প্রতিযোগিতা সমান খেলপথাৰত হ’ব লাগে বুলিও তেওঁ লগতে কয়৷ উদ্বোধনী অনুষ্ঠানৰ শেষত ধন্যবাদ জ্ঞাপন কৰে এ আই ইউৰ উপ-সভাপতি আৰু ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই।উদ্বোধনী অধিবেশনৰ পিছত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ সৈতে শীৰ্ষ সংস্থাসমূহৰ মূৰব্বীসকলৰ মাজত এক আলোচনা অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত এআইচিটিইৰ উপাধ্যক্ষ ড০ অভয় জেৰে; আইচিএআৰৰ ডিডিজি ড০ আৰচি আগৰৱাল, এনএএচিৰ উপদেষ্টা ড০ পনমুদিৰাজ, নেপালৰ কাঠমাণ্ডু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভোলা থাপা;  এচিইউৰ আঞ্চলিক সঞ্চালক আদিত্য মালকানী উপস্থিত থাকে।
 
উল্লেখ্য যে, জেএনইউ, ইগনু, চিম্বিওচিছ ইণ্টাৰনেচনেল, মেচাচুচেটছ বিশ্ববিদ্যালয়, ভাৰতী বিদ্যাপীঠ, হায়দৰাবাদ বিশ্ববিদ্যালয়, আৰু আইআইটি, আইআইএছচি, এআইচিটিই, এনএএচি, আইচিএআৰ, এচিইউ, এচিইউ, আইআইআইটিৰ দৰে বিশ্ববিদ্যালয়সমূহে এই বৃহৎ সন্মিলনত যোগদান কৰিছে। উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ প্ৰায় ৩০০গৰাকী মুৰব্বী, লগতে কেইবাজনো বৈদেশিক নীতি-নিৰ্মাতাই অনলাইনত সন্মিলনখনত অংশগ্ৰহণ কৰিছে।