গুৱাহাটী
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজলিল অসমৰ ৪ খনকৈ ছবি। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে শুকুৰবাৰে ঘোষণা কৰা ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰে সবিতা দেবী প্রযোজিত আৰু কৃপাল কলিতা পৰিচালিত 'ব্ৰীজ' নামৰ ছবিখনে।
অষ্টম অনুসূচীৰ অন্তৰ্গত ভাষাসমূহৰ শিতানত ডিমাচা ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল লাভ কৰিবলৈ সক্ষম হয় আইমী বৰুৱা প্ৰযোজিত আৰু পৰিচালিত ছবি 'ছেমখৰে'। আইমী বৰুৱাই ছেমখৰ ছবিখনৰ বাবে অভিনেত্ৰী হিচাপে জুৰীৰ বিশেষ সম্মান লাভ কৰিবলৈ সক্ষম হয়।
আনহাতে খঞ্জন কিশোৰ নাথ প্রযোজিত আৰু পৰিচালিত কাৰ্বি চুটি ছবি 'কাচ্চিচিনিথু'ৱে শ্রেষ্ঠ চুটি ছবিৰ ৰজত কমল আঁজুৰি আনিবলৈ সক্ষম হয়। শ্রেষ্ঠ পাৰিপাৰ্শ্বিক ছবি শিতানত ৰজত কমল লাভ কৰে দীপ ভূঞা পৰিচালিত ছবি 'মানাহ আৰু মানুহ'-এ। ২০২০ চনৰ বাবে প্ৰদান কৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসমৰ ৪ খনকৈ ছবিয়ে মুঠ ৫টা বঁটা আঁজুৰি আনিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে অসমীয়া আৰু ডিমাচা ভাষাৰ শ্রেষ্ঠ ছবি শিতানত ৰজত কমল লাভ কৰা ছবি দুখনৰ প্ৰযোজক আৰু পৰিচালক প্রত্যেকে এক লাখ টকাকৈ লাভ কৰিব। আনহাতে শ্রেষ্ঠ চুটি ছবি 'কাচ্চিচিনিথু' আৰু শ্ৰেষ্ঠ পাৰিপাৰ্শ্বিক ছবি মানাহ আৰু মানুহৰ প্ৰযোজক আৰু পৰিচালক প্ৰত্যেকে লাভ কৰিব ৫০ হেজাৰকৈ টকা। শ্ৰেষ্ঠ অভিনেত্ৰীৰ শাখাত 'জুৰীৰ বিশেষ বঁটা লাভ কৰা আইমী বৰুৱাক প্ৰদান কৰা হ'ব প্ৰমাণপত্ৰ।
ইপিনে আঞ্চলিক ভাষাৰ শিতানত অসমীয়া ভাষাত ৰজত কমলেৰে জিলিকি উঠা অসমীয়া ছবি ব্ৰীজৰ পৰিচালক কৃপাল কলিতাই এই কৃতিত্বত সুখ অনুভৱ কৰি কয়, "বহুত ভাল লাগিছে। কাম এটাই যেতিয়া ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে সমগ্র ৰাষ্ট্ৰখনে এই বিষয়ে অবগত হয়। এই কৃতিত্বৰ দ্বাৰা ব্ৰীজ'ৰ প্ৰতিজন কলা-কুশলী, শিল্পীয়ে স্বীকৃতি লাভ কৰিলে। সকলোৰে কষ্টই সফলতা লাভ কৰিলে।"
কৃপাল কলিতাই লগতে কয় যে ইতিমধ্যে ছবিখনে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ১৯ টা বঁটা লাভ কৰিছে। অহা ৩০ ছেপ্টেম্বৰত ছবিখনে ৰাজ্যজুৰি মুক্তি লাভ কৰিব।
দুটাকৈ বঁটাৰে উজলি উঠা ছেমখৰৰ প্ৰযোজক পৰিচালক আইমী বৰুৱায়ো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰি আনন্দ অনুভৱ কৰাৰ কথা উল্লেখ কৰে। ছেমখৰে ডিমাচা ভাষাৰ ৰজত কমল আৰু তেওঁ নিজে অভিনেত্রী শাখাত জুৰীৰ বিশেষ সম্মান লাভ কৰা আইমী বৰুৱাই সকলোকে ধন্যবাদ আপন কৰিছে। বিশেষকৈ ছেমখৰৰ প্ৰতিজন শিল্পী, কলা-কুশলীৰ ত্যাগ-পৰিশ্ৰমক তেওঁ শলাগ জনায়।
ইপিনে কাৰ্বি ভাষাৰ চুটি ছবিৰে ৰজত কমল লাভ কৰিবলৈ সক্ষম হোৱা খঞ্জন কিশোৰ নাথে কয়, "ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাত শ্রেষ্ঠ দুটি ছবিৰ সন্মান লাভ কৰাটো গৌৰবৰ বিষয়। বিশেষকৈ কাৰ্বি আংলঙৰ ক্ষুদ্র জনগোষ্ঠী এটাৰ বাবে এই সন্মান সঁচাকৈয়ে ডাঙৰ খবৰ। এই সন্মানৰ বাবে ছবিখনৰ প্ৰতিজন শিল্পী, কলা-কুশলীৰ ত্যাগ আৰু পৰিশ্ৰমৰ ফল।"