ৰাজ্যৰ বানপীড়িত সকলক সহায়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকা বৰঙণি আমিৰ খান

Story by  atv | Posted by  Munni Begum • 1 Years ago
আমিৰ খান
আমিৰ খান
গুৱাহাটী
 
অসমৰ বানপীড়িত লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বলীউডৰ অভিনেতা  আমিৰ খান। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকা দান কৰিছে আমিৰ খানে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  এই কথা টুইটাৰযোগে জানিবলৈ দিয়ে। 
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট লিখিছিল, "বলীউডৰ বিশিষ্ট অভিনেতা আমিৰ খানে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ দিশত ২৫ লাখ টকাৰ বৰঙণি  আগবঢ়াই ৰাজ্যৰ বানপীড়িত লোকসকলক সহায়ৰ হাত আগবঢ়াইছে। তেওঁৰ উদ্বেগ আৰু উদাৰতাৰ কামৰ বাবে মোৰ আন্তৰিক কৃতজ্ঞতা।"
 
ইয়াৰ পূৰ্বে, বানপীড়িত লোকসকলক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে ২৪ জুনত উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পুত্ৰ অনন্ত আম্বানীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি  টকাৰ বৰঙণি আগবঢ়াইছিল।