দিল্লীত শেষ নিশ্বাস ত্যাগ অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
 ৰাজু শ্ৰীবাস্তৱ
ৰাজু শ্ৰীবাস্তৱ
নতুন দিল্লী
 
বুধবাৰে দিল্লীত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাকৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ বয়স। ৪১ দিন চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ পিছত বুধবাৰে পুৱা প্ৰায় ১০:২০ বজাত মৃত্যু হয় কৌতুক  অভিনেতা গৰাকীৰ। ৰাজু শ্ৰীবাস্তৱে ১০ আগষ্টত জিমত শৰীৰচৰ্চা কৰি থাকোঁতে হঠাতে বুকুৰ বিষ অনুভৱ কৰিছিল আৰু তেওঁ মাটিত ঢলি পৰিছিল। তেওঁক চিকিৎসাৰ বাবে ততাতৈয়াকৈ এইমছ দিল্লীত ভৰ্তি কৰোৱা হৈছিল। 
 
হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত এমাহৰো অধিক সময় ধৰি কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱে ভেণ্টিলেটৰত চিকিৎসাধীন  হৈ আছিল। শেহতীয়াকৈ তেওঁৰ ভাতৃ দিপু শ্ৰীবাস্তৱে কৈছিল যে অভিনেতা গৰাকী লাহে লাহে সুস্থ হৈ উঠিছে যদিও তেওঁ অচেতন হৈ আছে।
ডিপুৱে জনাইছিল যে, "আৰোগ্য লেহেমীয়া হৈছে যদিও তেওঁ সোনকালে ভাল হ'ব। তেওঁ বৰ্তমান সুস্থিৰ আৰু ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছে। তেওঁ এতিয়াও অচেতন অৱস্থাতে আছে। ৩৫ দিন হ'ল কিন্তু চিকিৎসকে কৈছে যে তেওঁলোকে যৎপৰোনাস্তি চেষ্টা কৰি আছে। আমাক আপোনালোক সকলোৰে প্ৰাৰ্থনাৰ প্ৰয়োজন।"
ৰাজু শ্ৰীবাস্তৱে বাস কৰা মুম্বাইৰ আন কোনো চিকিৎসালয়লৈ পৰিয়ালটোৱে কৌতুক অভিনেতাগৰাকীক স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছে নেকি বুলি সোধাত দীপুৱে কৈছিল, "এনে কোনো পৰিকল্পনা কৰা নাই। তেওঁক এইমছত চিকিৎসা কৰা হ'ব আৰু সুস্থ হোৱাৰ পিছত আমি তেওঁক ঘৰলৈ লৈ যাম। চিকিৎসকসকলৰ ওপৰত আমাৰ বিশ্বাস আছে।" 
 
কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ তেওঁৰ  পৰিয়ালৰ সৈতে
 
১৯৮০ চনৰ পৰা মনোৰঞ্জন জগতৰ সৈতে জড়িত হৈ আছিল অভিনেতা ৰাজু শ্ৰীবাস্তৱে।  ২০০৫ চনত ৰিয়েলিটি ষ্টেণ্ড আপ কমেডী শ্ব’ দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ প্ৰথম ছিজনত অংশগ্ৰহণ কৰাৰ পিছত যথেষ্ট খ্যাতি অৰ্জন কৰিছিল। 
 
হিন্দী ছবি যেনে মেইন প্যাৰ কিয়া, বাজিগৰ, বোম্বাই টু গোৱাৰ ৰিমেক আৰু আমদানী আথানী খাৰ্চা ৰূপাইয়া আদি হিন্দী ছবিত সহযোগী চৰিত্ৰতো অভিনয় কৰিছে অভিনেতা ৰাজু শ্ৰীবাস্তৱে। মৃত্যুৰ পূৰ্বে তেওঁ চলচ্চিত্ৰ উন্নয়ন পৰিষদ উত্তৰ প্ৰদেশৰ অধ্যক্ষ আছিল।