আশা পাৰিখক প্ৰদান কৰা হ’ব দাদাচাহেব ফালকে বঁটা

Story by  atv | Posted by  Munni Begum • 1 Years ago
আশা পাৰিখ
আশা পাৰিখ
নতুন দিল্লী
 
কিংবদন্তি অভিনেত্ৰী আশা পাৰিখক ২০২০ বৰ্ষৰ বাবে দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হ’ব বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে মঙলবাৰে ঘোষণা কৰিছে।
 
প্ৰবীণ কণ্ঠশিল্পী আশা ভোছলে, খায়তি সম্পন্ন কণ্ঠশিল্পী  উদিত নাৰায়ণ, প্ৰবীণ অভিনেত্ৰী পূনম ধিল্লন, অভিনেত্ৰী তথা সাংসদ হেমা মালিনী, কানাড়া পৰিচালক-প্ৰযোজক টি এছ নাগাভৰণাৰ জুৰীয়ে এই সিদ্ধান্ত।
আশা পাৰিখ এগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ অভিনেত্ৰী, পৰিচালক, প্ৰযোজক, আৰু সুদক্ষ ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। শিশু অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰি তেওঁ ‘দিল দেকে দেখো’ত মুখ্য নায়িকা হিচাপে আত্মপ্ৰকাশ কৰে আৰু ৯৫ খনতকৈও অধিক চিনেমাত অভিনয় কৰিবলৈ সক্ষম হৈছে। 
‘কাতি পাটাং’, ‘তিছৰী মনজিল’, ‘লাভ ইন টকিঅ’’, ‘আয়া সাৱন ঝুম কে’, ‘আন মিলো সজনা’, ‘মেৰা গাওঁ মেৰা দেশ’ আদি বিখ্যাত ছবিত অভিনয় কৰিছে।
 
১৯৯২ চনত তেওঁক প্ৰদান কৰা পদ্মশ্ৰীৰ বিজয়ী পাৰিখ ১৯৯৮-২০০১ চনলৈ চলচ্চিত্ৰ প্ৰমাণীকৰণৰ বাবে কেন্দ্ৰীয় ব’ৰ্ডৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ৰাষ্ট্ৰপতি দ্ৰৌপডী মূৰ্মূৱে অহা ৩০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে প্ৰদান কৰিব এই বঁটা।