দক্ষিণৰ চলচ্চিত্ৰত দীৰ্ঘদিন কটাব বিচাৰে অসমীয়া অভিনেত্ৰী উদেষ্ণাই

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
উদেষ্ণা বৰা (মাজত) মিছ ইণ্ডিয়া চুপাৰ মডেল ইণ্টাৰনেচনেল ২০২১ৰ মুকুট পিন্ধাৰ সময়ত
উদেষ্ণা বৰা (মাজত) মিছ ইণ্ডিয়া চুপাৰ মডেল ইণ্টাৰনেচনেল ২০২১ৰ মুকুট পিন্ধাৰ সময়ত
আৰিফুল ইছলাম / গুৱাহাটী

গ্লেমাৰ বা চলচ্চিত্ৰৰ জগতৰ লগত কোনো পোনপটীয়া সম্পৰ্ক নথকা বায়ু সেনা বাহিনীৰ বিষয়া এগৰাকীৰ পৰিয়ালৰ জীয়ৰী উদেষ্ণা বৰাই অভিনেত্ৰী হোৱাৰ শৈশৱৰ পৰা সপোন দেখিছিল। এইটো তেওঁৰ বয়সৰ যিকোনো ছোৱালীৰ বাবে স্বাভাৱিক। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত উদেষ্ণাই তেওঁৰ মাক দেউতাকৰ ওচৰত তেওঁৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল যে তাই আৰু শৈক্ষিক জীৱন আগবঢ়াব নিবিচাৰে। অৱশ্যে তেওঁ মাক দেউতাকৰ হেঁচাত কে চি কলেজৰ পৰা বেংকিং আৰু ইঞ্চুৰেঞ্চত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।
 
উদেষ্ণাই তেওঁৰ লক্ষ্য কোনোদিনে সলনি কৰা নাছিল। তেওঁৰ কলেজীয়া শিক্ষাৰ সমান্তৰালভাৱে মুম্বাইৰ ৰৌশন টানেজা স্কুল অফ এক্টিংৰ পৰা অভিনয়ৰ শ্ৰেণীও লৈছিল। ২০১৯ চনত উদেষ্ণাৰ অপেক্ষাৰ কিছু অন্ত পৰিছিল আৰু তেওঁ অ' টি টি (OTT) প্লেটফৰ্ম আৰু কেইটামান চেনেলত টেলিভিছন শ্ব কৰিবলৈ সুযোগ পাইছিল। তেওঁ মুম্বাইত টেলিভিছন ধাৰাবাহিকৰ শিল্পী হিচাপে আৰম্ভ কৰিছিল আৰু অভিনয়ত তেওঁৰ প্ৰতিভাৰ বাবে তেওঁ হায়দৰাবাদৰ ৰামোজি ফিল্ম চিটিত অৱতৰণ কৰিছিল।
 
উদেষ্ণা বৰা (মাজত) মিছ ইণ্ডিয়া চুপাৰ মডেল ইণ্টাৰনেচনেল ২০২১ৰ প্ৰতিযোগিতাৰ সময়ত
টেলিভিছন ধাৰাবাহিকত কাম কৰা ২৪ বছৰীয়া যুৱতী গৰাকীয়ে তেওঁৰ প্ৰথম তেলেগু চলচ্চিত্ৰ খনৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে। তেওঁ ফেশ্বন উদ্যোগতো নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৱা মাহত লক্ষ্ণৌত অনুষ্ঠিত ড্ৰিমজ প্ৰডাকচন হাউচৰ দ্বাৰা আয়োজিত চুপাৰমডেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ ইণ্ডিয়া চুপাৰমডেল ইন্টাৰনেছনেল ২০২১ৰ মুকুট পিন্ধিবলৈ সক্ষম হয়।
আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে কয়: "মই পেছাত এগৰাকী অভিনেত্ৰী আৰু মই সৌভাগ্যক্ৰমে মডেলিংলৈ আহিলোঁ। মোক এগৰাকী বন্ধুৱে লক্ষ্ণৌৰ ড্ৰিমজ প্ৰডাকচন হাউচৰ দ্বাৰা আয়োজিত চুপাৰমডেলৰ অদিছনৰ বিষয়ে অৱগত কৰিছিল আৰু মই সাধাৰণভাৱে প্ৰৱেশ কৰিছিলোঁ। সপোনটো ভবা নাছিলোঁ যে মই বিজয়ী হম আৰু মোক বিজয়ৰ মুকুট পিন্ধোৱা হ'ব। প্ৰতিযোগিতাটোত সমগ্ৰ ভাৰতৰ পৰা বহু প্ৰতিযোগী আহিছিল। আমাৰ প্ৰতিযোগিতা খন ছয় দিনীয়া আৰু ব্যস্ততাপূৰ্ণ আছিল। যেতিয়া মোক বিজয়ী হিচাপে ঘোষণা কৰা হয়, তেতিয়া মই নিৰ্বাক হৈ পৰিছিলোঁ। মোৰ বাবে অতি সুন্দৰ অভিজ্ঞতা আছিল। এইটোয়ে মোৰ অভিনয়ৰ লগতে মোৰ মডেলিং কেৰিয়াৰত অতিৰিক্ত অনুপ্ৰেৰণা যোগবে লগতে মোক আত্মবিশ্বাসী কৰি তুলিব। আটাইতকৈ ডাঙৰ কথাটো হ'ল অসমৰ মানুহে মোক চিনি পাইছে।"
অভিনয় জীৱনৰ আৰম্ভণিৰ বিষয়ে উদেষ্ণাই কয়: "চলচ্চিত্ৰ উদ্যোগৰ সৈতে কোনো পাৰিবাৰিক সম্পৰ্ক নোহোৱা যিকোনো লোকৰ দৰে মোৰ বাবেও প্ৰৱেশ কৰাটো যথেষ্ট কঠিন আছিল। অৱশ্য মই স্থিৰ আৰু দৃঢ় প্ৰতিজ্ঞ আছিলোঁ। মোৰ প্ৰতিভাৰ ওপৰত মোৰ বিশ্বাস আছিল আৰু অৱশেষত মই সফল হৈছিলোঁ। এক্টা কাপুৰৰ সৈতে কৰা পাৰছপুৰ নামৰ এটা ৱেব চিৰিজত মোৰ কাম যথেষ্ট প্ৰশংসিত হৈছিল আৰু তেতিয়াৰ পৰা ময়ো সুযোগ পোৱা আৰম্ভ হৈছিল। মই সুযোগ বিচাৰি হায়দৰাবাদ অহা নাছিলোঁ। চিনেমাৰ সুযোগ পোৱাৰ আগতে মই কেইটামান শ্ব' কৰাৰ সুযোগ পাইছিলোঁ।"
 
 
উদেষ্ণাই কাকো আদৰ্শ হিচাপে ল'ব নিবিচাৰে, কিন্তু তেওঁৰ কেৰিয়াৰক বলিউডৰ অভিনেত্ৰী বিদ্যা বালনৰ সৈতে মিলাব বিচাৰে। "মই কাকো আদৰ্শ হিচাপে ল'ব নিবিচাৰোঁ। কিন্তু আপুনি যদি সোধে, তেতিয়া মই মোৰ কেৰিয়াৰটো বিদ্যা বালনৰ লগত মিলাব বিচাৰিম কিয়নো তেওঁৰ কেৰিয়াৰৰ লগত মোৰ কেৰিয়াৰটো যথেষ্ট সামঞ্জস্য আছে।"
 
ফেচন উদ্যোগত তীব্ৰ প্ৰতিযোগিতাৰ বিষয়ে সোধাত যুৱ শিল্পীগৰাকীয়ে কয়: "মই সদায় নিজকে মোৰ প্ৰতিদ্বন্দী হিচাপত ৰাখিছোঁ। মই কাকো মোৰ প্ৰতিদ্বন্দী হিচাপে নিবিচাৰোঁ। কিন্তু একে সময়তে, অত্যাধিক আত্মবিশ্বাসী যেন দেখিবও নিবিচাৰোঁ। মোক এইদৰেই ডাঙৰ দীঘল কৰোৱা হৈছে। মই সদায় নিজকে উন্নত কৰিব চেষ্টা কৰোঁ।"
 
উদেষ্ণা বৰা। ফটো সৌজন্যঃ ফেচবুক
প্ৰবীণ ভাট আৰু অন্যান্য কেইজনমান প্ৰসংসিত ফটোগ্ৰাফাৰৰ সৈতে কাম কৰাৰ পিছত উদেষ্ণাই কৈছিল যে আগশাৰী ডিজাইনাৰ মানিষ মালহোত্ৰাৰ সৈতে কাম কৰিব ভাল পাব
 
জীৱনৰ লক্ষ্য সম্পৰ্কে সোধাত উদেষ্ণাই কয়: "এই উদ্যোগটোত দীৰ্ঘদিন চলি থকাটোৱে হৈছে মোৰ লক্ষ্য। ডাঙৰ তাৰকা সকলৰ সৈতে কাম কৰা আৰু প্ৰতিটো পদক্ষেপত উন্নতি লাভ কৰা। এতিয়ালৈ মই মোৰ লক্ষ্যবোৰক আশা কৰি চলি আছোঁ। ইয়াৰ পিছত মই মোৰ সুকীয়া স্থান তৈয়াৰ কৰিবলৈ আৰু কিছুমান ডাঙৰ কাম কৰিব বিচাৰোঁ।"
অসমৰ লগত থকা সম্পৰ্কৰ বিষয়ে সোধাত উদেষ্ণাই কয়: "যদিও মোৰ শিপা অসমত আছে, মই কিন্তু ৰাজ্যখনত কম সময় কটাব পৰিছিলোঁ। মোৰ দেউতাৰ চাকৰিটোৱে এনেকুৱা আছিল যে আমি দেশৰ বিভিন্ন ঠাইত থাকিব লগা হৈছিল। মুম্বাইত থিতাপি লোৱাৰ আগতে মই স্কুলীয়া শিক্ষা বিভিন্ন ৰাজ্যত গ্ৰহণ কৰিছিলোঁ। স্কুল বন্ধৰ সময়ত কেইদিনমান অসম ভ্ৰমণৰ বাহিৰে আমি অসমত কোনো সময় কটাব পৰা নাছিলোঁ। অসমীয়া ভাষা কবলৈ শিকাটোত মই সুখী। মই মোৰ মা দেউতাক ধন্যবাদ জ্ঞাপন কৰোঁ যে ঘৰত আমি অসমীয়া কোৱাটো নিয়ম আছিল। মা দেউতাই মোক কয়, মই যেতিয়া সৰু আছিলোঁ তেতিয়া ড৹ ভূপেন হাজৰিকাৰ বুকু হম হম কৰে ... গীতটো মোৰ বাবে নিচুকনি গীত আছিল আৰু সেইটো শুনিহে মই শুইছিলোঁ।"