শিল্পী চন্দনা দেৱীৰ দেহাৱসান

Story by  atv | Posted by  [email protected] • 1 Years ago
শিল্পী চন্দনা দেৱীৰ দেহাৱসান
শিল্পী চন্দনা দেৱীৰ দেহাৱসান
গুৱাহাটী
 
কেইবাখনো অসমীয়া চিনেমা, মিউজিক ভিডিঅ’ত নৃত্য পৰিবেশন কৰা শিল্পী চন্দনা দেৱীয়ে মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।
 
সূত্ৰ অনুসৰি, বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল চন্দনা। যাৰ ফলত তেওঁৰ অকাল মৃত্যু হৈছিল।
 
বিজেপিৰ প্ৰাক্তন বিধায়িকা আংগুৰলতা ডেকাই এক টুইটযুগে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
 
আংগুৰলতা ডেকাই টুইট কৰি কয়; ‘অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ সুপৰিচিত নৃত্যশিল্পী শ্ৰীমতী চন্দনা দেৱীৰ মৃত্যুৰ খবৰ পাই দুখ পাইছোঁ। তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ, বিদেহ আত্মাই চিৰশান্তি লাভ কৰক। ওম শান্তি।’