'বাঘজান : গেছ লিক ট্ৰেজেডী'ৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰ নিৰ্বাচিত এন এফ ডি চি ফিল্ম বজাৰত

Story by  atv | Posted by  Munni Begum • 2 Years ago
বাঘজান
বাঘজান
গুৱাহাটী
 
জয়চেং  ঝা দোহুটিয়াৰ  অসমীয়া আৰু মৰাণ  ভাষাৰ চলচ্চিত্ৰ 'বাঘজান'ক এন এফ ডি চি ফিল্ম বজাৰ অনলাইনৰ ৱৰ্ক-ইন-প্ৰগ্ৰেছ (ডব্লিউ আই পি) পৰীক্ষাগাৰৰ বাবে নিৰ্বাচিত কৰা হৈছে।
 
'বাঘজান' নামৰ ছবিখনত বাঘজান তেল আৰু গেছ লিক দুৰ্ঘটনাৰ ওপৰত আধাৰিত। য'ত তিনিজন লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ লোকে গৃহহাৰা হৈছিল। তিনিচুকীয়াৰ বাঘজান তৈল খাদটো  দুৰ্ঘটনাৰ ফলত সংঘটিত অগ্নিকাণ্ডৰ বাবে প্ৰায় ছয় মাহ ধৰি ব্যাহত আছিল। 
চলচ্চিত্ৰ খনৰ সন্দৰ্ভত দোহুটিয়াই কয়, "মোৰ দৰে এজন চলচ্চিত্ৰ নিৰ্মাতাৰ বাবে এক বৃহৎ উৎসাহৰ বিষয়। এজন চলচ্চিত্ৰ নিৰ্মাতা আৰু কৰুণ ঘটনাটো সংঘটিত হোৱা ঠাইখনৰ স্থানীয় হিচাপে, মই অনুভৱ কৰিছিলো যে কাহিনীটো বিশ্ববাসীৰ আগত উপস্থাপন কৰাটো অতি  প্ৰয়োজনীয়।"
চলচ্চিত্ৰখন প্ৰকৃত স্থানত দৃশ্যগ্ৰহণ কৰা হৈছিল আৰু ভুক্তভোগীসকলে ইয়াত অভিনয় কৰিছে। চলচ্চিত্ৰখনত বাঘজানৰ বিস্ফোৰণৰ দ্বাৰা প্ৰভাৱিত হোৱা সাধাৰণ গাওঁবাসীসকলৰ দুৰ্দশা দেখুওৱা হৈছে। ইয়াত মানব নামৰ এজন মাছমৰীয়া, তেওঁৰ পত্নী জেনেকি আৰু এজন স্বাৰ্থপৰ গাওঁবাসী বিমলৰ কাহিনী উল্লেখ কৰা হৈছে।
 
এই বছৰৰ ডব্লিউ আই পি পৰীক্ষাগাৰটো হৈছে ২০২০ চনত অতি সফল অনলাইন ডব্লিউ আই পি পৰীক্ষাগাৰৰ পিছত সম্পূৰ্ণৰূপে অনলাইনত পৰিচালনা কৰা দ্বিতীয় সংস্কৰণ। এই বছৰৰ বাছনিত ছয়খন ভাৰতীয় ভাষাত নিৰ্মিত চলচ্চিত্ৰ অন্তৰ্ভুক্ত আছে – অসমীয়া, চট্টীশগড়ী, হিন্দী, কানাড়া মাৰাঠী আৰু মৰাণ।
 
বাছনি কৰা আন প্ৰকল্পবোৰ হ'ল শৈলেন্দ্ৰ চাহুৰ 'বেইলাডিলা' (হিন্দী আৰু ছত্তীশগড়ী), হিন্দীত 'এক জগাহ আপনি' (আমাৰ নিজৰ স্থান) একতাৰা কালেক্টিভৰ দ্বাৰা, হৰ্ষদ নালাৱাদেৰ 'ফলোৱাৰ' (মাৰাঠী, কানাড়া আৰু হিন্দী) আৰু জয় শংকৰৰ 'শিৱম্মা' (কানাড়া)। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফডিচি) ১৯৭৫ চনত ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এক সংহত আৰু দক্ষ বিকাশৰ পৰিকল্পনা, প্ৰচাৰ আৰু সংগঠিত কৰাৰ লক্ষ্যৰে স্থাপন কৰা হৈছিল আৰু চলচ্চিত্ৰত উৎকৃষ্টতা বৃদ্ধি কৰা হৈছিল।