অমিতাভ বচ্চনৰ নাম, ছবি আৰু কণ্ঠস্বৰ ব্যৱহাত নিষেধাজ্ঞা দিল্লী উচ্চ ন্যায়ালয়ৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
অমিতাভ বচ্চন
অমিতাভ বচ্চন
 নতুন দিল্লী
 
এতিয়াৰে পৰা কোনেও অনুমতি নোলোৱাকৈ ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা অমিতাভ বচ্চনৰ নাম, ছবি আৰু কণ্ঠস্বৰ ব্যৱহাৰ কৰিব নোৱাৰিব। 
 
বিগত ৫০ বছৰতকৈও অধিক কাল অভিনয় আৰু কণ্ঠস্বৰেৰে দৰ্শক-অনুগামীক মোহাচ্ছন্ন কৰি ৰখা অভিনেতাজনৰ কণ্ঠস্বৰ, নাম-ছবি ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নবীন চাওলাই। 
বহু বিজ্ঞাপন আৰু আন মাধ্যমত অনুমতি নোলোৱাকৈ অমিতাভ বচ্চনৰ ছবি, কণ্ঠস্বৰ আদি ব্যৱহাৰ কৰাক লৈ আদালতৰ দ্বাৰস্থ হৈছিল বিগ বি। আদালতে তেওঁৰ আবেদনৰ ভিত্তিতে এই নিষেধাজ্ঞা আৰোপ কৰিছে। 
ন্যায়াধীশৰ মতে অনুমতিবিহীনভাৱে নাম-ছবি-কণ্ঠস্বৰ ব্যৱহাৰৰ ফলত গুচৰীয়া পক্ষৰ প্ৰভূত পৰিমাণৰ লোকচানৰ সম্ভাৱনা আছে। ইয়াৰ লগতে সন্মান হানিৰো সম্ভাৱনা একেবাৰে নুই কৰিব নোৱাৰি। যাৰ বাবেই অভিনেতাজনৰ নাম, কণ্ঠস্বৰ, ছবি আদি অনুমতিবিহীনভাৱে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে আদালতে।