'দ্য কেৰেলা ষ্টৰী' আৰু আইছিছ সন্ত্ৰাসবাদীৰ ৰহস্য

Story by  atv | Posted by  [email protected] • 1 Years ago
'দ্য কেৰেলা ষ্ট’ৰী' চিনেমাত আইছিছৰ কইনাৰ অভিনয় কৰা আদা শৰ্মা
'দ্য কেৰেলা ষ্ট’ৰী' চিনেমাত আইছিছৰ কইনাৰ অভিনয় কৰা আদা শৰ্মা
নতুন দিল্লী

আইছিছ সন্ত্ৰাসবাদীৰ কইনা হিচাপে দাক্ষিণাত্যৰ কেৰালা ৰাজ্যৰ পৰা আফগানিস্তান, ছিৰিয়া আৰু য়েমেনলৈ মহিলাসকলৰ উৰণৰ বাতৰিৰ আধাৰত নিৰ্মিত "দ্য কেৰালা ষ্টৰী" নামৰ ছবিখনক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ৩০ হাজাৰ মালয়ালী মহিলাই এই দেশসমূহলৈ যোৱা বুলি ছবিখনত দাবী কৰাক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছে।
 
বহু সাংস্কৃতিক আৰু ৰাজনৈতিক কৰ্মীয়ে দাবী কৰে যে ছবিখনে এটা পৰিঘটনাক অতিৰঞ্জিত কৰিছে, আৰু দেশৰ প্ৰতি বেয়া ভাবমূৰ্তি সৃষ্টি কৰিছে।
২ নৱেম্বৰত মুক্তি পোৱা ছবিখনৰ টিজাৰত 'দ্য কেৰেলা ষ্ট’ৰী' ছবিখনৰ এগৰাকী অভিনেত্ৰীয়ে দাবী কৰিছে যে তেওঁৰ চৰিত্ৰটো ৰাজ্যখনৰ ৩২ হাজাৰ মহিলাৰ ভিতৰত অন্যতম যিসকলক ইছলামিক সন্ত্ৰাসবাদীলৈ “ধৰ্মান্তৰিত” কৰা হৈছিল। ৰাজ্যৰ একাংশ ৰাজনীতিবিদে ছবিখন নিষিদ্ধ কৰিবলৈ আহ্বান জনাইছে। এগৰাকী সাংবাদিকেও তদন্ত বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে।
২ নৱেম্বৰত ইয়াৰ টিজাৰ মুক্তি পোৱাৰ এসপ্তাহৰ পাছত আৰবিন্দাক্ষন নামৰ চেন্নাইৰ এগৰাকী সাংবাদিকে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডৰ অধ্যক্ষ প্ৰছুন যোশীৰ সন্মুখত আবেদন দাখিল কৰিছে। ছবিখনৰ পৰিচালক সুদীপ্ত সেন আৰু প্ৰযোজক বিপুল অমৰুতাল শ্বাহক টিজাৰত আগবঢ়োৱা তথ্যৰ সত্যতা প্ৰমাণ কৰিবলৈ আবেদনত দাবী জনোৱা হৈছে। 
উল্লেখ্য যে, ছবিখনৰ এই টিজাৰটোৱে ইংগিত দিয়ে যে কেৰালাৰ বহু মহিলাক বলপূৰ্বক ধৰ্মান্তৰিত কৰি ইছলামিক ষ্টেটত অন্তৰ্ভুক্ত কৰা হৈছে।
টিজাৰত হিজাব পিন্ধা দেখা অভিনেত্ৰীগৰাকীয়ে কয়, ‘মোৰ নাম আছিল শালিনী উন্নিকৃষ্ণ আৰু মই নাৰ্চ হৈ মানৱতাৰ সেৱা কৰিব বিচাৰিছিলো। এতিয়া মই আফগানিস্তানৰ জেলত থকা আইছিছৰ সন্ত্ৰাসবাদী ফাতিমা। মই অকলশৰীয়া নহয়। মোৰ দৰে ৩২ হাজাৰ ছোৱালীক ধৰ্মান্তৰিত কৰি ছিৰিয়া আৰু য়েমেনৰ মৰুভূমিত সমাধিস্থ কৰা হৈছে। কেৰালাত স্বাভাৱিক ছোৱালীক ভয়ংকৰ সন্ত্ৰাসবাদীলৈ ৰূপান্তৰিত কৰাৰ বাবে এক মাৰাত্মক খেল খেলা হৈছে, আৰু সেয়াও মুকলিকৈ। তেওঁলোকক কোনোবাই বাধা দিবনে? এয়া মোৰ কাহিনী। এয়া সেই ৩২ হাজাৰ ছোৱালীৰ কাহিনী। এইটোৱেই হৈছে দ্য কেৰেলা ষ্ট’ৰী।”
ছবিখন সঁচা ঘটনাৰ পৰা অনুপ্ৰাণিত বুলিও দাবী কৰিছে নিৰ্মাতাসকলে। ইফালে, দেওবাৰে কেৰেলাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়লৈও আৱেদন প্ৰেৰণ কৰে আৰবিন্দাক্ষনে। সোমবাৰে এই অভিযোগৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ আৰক্ষী অধীক্ষকক বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।
অভিযোগকাৰীয়ে আৰু অনুৰোধ জনাইছে যে ছবিখনৰ পৰিচালকে টিজাৰত কৰা দাবীসমূহ ভাৰতৰ চোৰাংচোৱা সংস্থাই প্ৰস্তুত কৰা তথ্যৰ ভিত্তিত কৰা হৈছে নে নাই সেই কথা প্ৰকাশ কৰাৰ পিছতহে চিবিএফচিক ছবিখনৰ বাবে চেঞ্চৰ ক্লিয়াৰেন্সৰ প্ৰমাণপত্ৰ প্ৰদানৰ অনুমতি দিব লাগে।
‘কেৰালা ৰাজ্যখনক ছবিখনৰ জৰিয়তে সন্ত্ৰাসবাদক সমৰ্থন কৰা ৰাজ্যৰ দৰে দেখুৱাবলৈ চেষ্টা কৰাটো অতি বেয়া কথা। এয়া কেৱল ভাৰতৰ ঐক্য আৰু সাৰ্বভৌমত্বৰ বিৰোধী নহয়, দেশৰ চোৰাংচোৱা সংস্থাসমূহৰ বাবেও এক অপমানজনক।’ অভিযোগত লিখা আছে।
কেৰালাক বেয়া ধৰণে দেখুওৱাৰ লক্ষ্যৰে ছবিখন নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি অৰবিন্দাক্ষনে সংবাদ মাধ্যমক কয়, “টিজাৰত উল্লেখ আছে যে ৩২ হাজাৰ মহিলাক বলপূৰ্বকভাৱে ধৰ্মান্তৰিত কৰি আইছিছত যোগদান কৰা হৈছে। যদি তেনেকুৱা হয় তেন্তে ইয়াৰ অৰ্থ হ’ল কেৰালাৰ ৯ গৰাকী মহিলাই ধৰ্মান্তৰিত হৈ যোৱা ১০ বছৰত প্ৰতিদিনে আইছিছত যোগদান কৰিছে। অৰ্থাৎ প্ৰতি বছৰে ৩ হাজাৰ মহিলাই আইছিছত যোগদান কৰিছে। তথ্য পৰীক্ষা কৰিব নোৱাৰিলে এইটো গ্ৰহণযোগ্য যেন নালাগে।”
মনকৰিবলগীয়া যে, আফগানিস্তানৰ কাৰাগাৰত এতিয়াও আবদ্ধ হৈ আছে কেৰালাৰ চাৰিগৰাকী মহিলা। তেওঁলোক হৈছে আইছিছৰ নিহত সন্ত্ৰাসবাদীৰ বিধৱা পত্নী। মহিলা কেইগৰাকীৰ পৰিয়ালে তেওঁলোকক ভাৰতলৈ স্থানান্তৰিত কৰিবলৈ চৰকাৰক আহ্বান জনাই আছে।