বিশিষ্ট চিত্ৰশিল্পী পুলক গগৈৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 1 Years ago
পুলক গগৈ
পুলক গগৈ
গুৱাহাটী 
 
বিশিষ্ট চিত্ৰশিল্পী তথা ছবি পৰিচালক পুলক গগৈৰ দেহাৱসান ঘটে। কিছুদিন ধৰি অসুস্থ হৈ থকা শিল্পী পুলক গগৈ শনিবাৰে পুৱা ৮.৩০ বজাত জু নাৰেংগীস্থিত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত শিল্পী গৰাকীৰ বয়স আছিল ৮৪ বছৰ। 
 
১৯৩৮ চনত যোৰহাটত জন্মগ্ৰহণ কৰা শিল্পী পুলক গগৈয়ে কেইবাখনো ছবি নিৰ্মাণ কৰিছিল। খোজ, শ্ৰীমতী মহিমাময়ী, ৰে’ল আলিৰ দুবৰি বন, সুৰুজ, মমতাজ, সদৰী, সেন্দূৰ, পত্নী, মৰম নদীৰ গাভৰু ঘাট আদি ছবি পৰিচালনা কৰিছিল শিল্পী গগৈয়ে।
 
সোমেশ্বৰ গগৈৰ পুত্ৰ পুলক গগৈয়ে 'অসমবাণী' কাকতত কাৰ্টুনিষ্ট হিচাপে কৰ্ম জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত 'দৈনিক অসম' কাকতৰো সাংবাদিক কাৰ্টুনিষ্ট হিচাপে সেৱা আগবঢ়াইছিল। উচ্চ শিক্ষা সাং কৰি অসম চৰকাৰৰ জনসংযোগ বিভাগত চাকৰি কৰিছিল যদিও কেইমাহ মানৰ পাছতে সেই চাকৰি ত্যাগ কৰি কাৰ্টুনিষ্ট সাংবাদিকৰ জীৱন গ্ৰহণ কৰিছিল শিল্পী গৰাকীয়ে।  
১৯৭২ চন মানলৈ সক্ৰিয়ভাৱে চিত্ৰশিল্পী হিচাপে কাম কৰাৰ অন্তত ১৯৭৪ চনত তেওঁ 'খোজ' নামৰ ছবিখনৰ প্ৰযোজক পৰিচালক হিচাপে চলচ্চিত্ৰ নিৰ্মাণৰ যাত্ৰা আৰম্ভ কৰিছিল। এখনৰ পাছত আন এখন ছবি নিৰ্মাণ কৰি তেওঁ ব্যৱসায়িক সফলতা লাভ কৰাৰ লগতে সমালোচকৰো পছন্দৰ পৰিচালক হৈ পৰিছিল আৰু তেওঁ বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। 
'ৰেলৰ আলিৰ দুবৰি বন' ছবিখনৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল লাভ কৰিছিল। তদুপৰি পুলক গগৈয়ে নিজৰ একেবাৰে শেহতীয়া ২০১৩ চনত নিৰ্মাণ কৰা ছবিখনৰ 'মমতাজ'ৰ বাবে ফিল্ম ফেয়াৰ (ইষ্ট)ত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল। তেওঁ পৰিচালনা কৰা আন ছবিকেইখন হৈছে 'সাদৰী', 'সেন্দুৰ', 'সুৰুজ', 'শ্ৰীমতি মহিমাময়ী', 'মৰম নদীৰ গাভৰু ঘাট' আৰু 'পত্নী'। 
 
এইগৰাকী চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক এগৰাকী চিত্ৰকৰ হিচাপেও লোক সমাদৃত । দিল্লীৰ ললিত-কলা একাডেমি, কলকাতাৰ একাডেমি অৱ ফাইন আৰ্টছ, গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ পৰা আৰম্ভ কৰি দেশৰ পৰিধি ভাঙি সুদূৰ ৱাশ্বিংটনৰ হোজেছ গেলেৰী আইএনচিতো তেওঁৰ চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰা হৈছে।