২০২৫ ৰ অস্কাৰ বঁটাৰ দৌৰত আছে ৭ খনকৈ ভাৰতীয় ছবি

Story by  atv | Posted by  Munni Begum • 10 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
লছ এঞ্জেলছ
 
২০২৫ চনৰ সন্মানীয় অস্কাৰ বঁটাৰ দৌৰত আছে অভিলেখ সাতখনকৈ ভাৰতীয় ছবি। অৱশ্যে অস্কাৰৰ শেষ দৌৰত অতিক্ৰম কৰিবলৈ হ'লে নমিনেচন পর্যায় পাৰ হ'ব লাগিব।  
 
বুধবাৰ অর্থাৎ ৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব নমিনেচনৰ ভোটিং। অস্কাৰৰ দহটা শিতানত প্রতিদ্বন্দ্বিতাত নামিছে ভাৰতীয় ছবি কেইখনে।
 
৯৭ সংখ্যক অস্কাৰৰ দৌৰত শ্বৰ্টলিষ্ট হোৱা ভাৰতীয় ছবিকেইখন হ'ল- কানগুভা (তামিল), আডুজীভিথম (মালয়ালম), সন্তোষ (হিন্দী), স্বতন্ত্রতা বীৰ ছাভাৰকাৰ (হিন্দী), অল উই ইমাজিন এজ লাইট (মালয়ালম-হিন্দী), গার্লছ উইল বি গার্লছ (হিন্দী- ইংৰাজী) আৰু পুতুল (বাঙালী)। 
 
উল্লেখ্য, ২ মাৰ্চত হলিউডৰ ডলবী থিয়েটাৰত অনুষ্ঠিত হব অস্কাৰৰ বঁটা বাছনি-প্রদান অনুষ্ঠান। উল্লেখ্য, কিৰণ ৰাওৰ লাপাতা লেডিজ ছবিখন শ্রেষ্ঠ আন্তর্জাতিক ছবি শিতানত ভাৰতৰ চৰকাৰী মনোনয়ন আছিল যদিও ছবিখন শর্টলিষ্ট নহ'ল।